Monday 30 October 2017

সেউজী ধৰণী- এক মিঠা অভিজ্ঞতা


সেউজী ধৰণী

‌‌‌‌‌‌                                সেউজী ধৰণী- এক মিঠা অভিজ্ঞতা




            আজিৰপৰা পাঁচ বছৰৰ আগৰ কথা। ইণ্টাৰনেটৰ জগতখনত বিচৰণ কৰি থাকোঁতে অনুভৱ কৰোঁ যে কৃষিৰ বিভিন্ন দিশবোৰ আলোচনা কৰিবলৈ আমাক এখন মঞ্চৰ প্রয়োজন হৈছে। ইতিমধ্যে ইণ্টাৰনেটত অসমীয়া ভাষাৰ বহুকেইখন ই-আলোচনী উপলব্ধ হৈছে য’ত ছপা মাধ্যমত থকা আলোচনী এখনৰ সকলোবোৰ শিতানেই পোৱা যায়। অৱশ্যে কৃষি বিষয়ক প্রবন্ধ এনেবোৰ আলোচনীত বৰকৈ দেখিবলৈ পোৱা নাযায়। অথচ কৃষি প্রধান ৰাজ্য অসমত কেৱল কৃষিৰ বিষয়ক বিভিন্ন ৰচনাৰ বাবে এখন ই-আলোচনীৰ অতি প্রয়োজন। আমাৰ এই অভাৱ কিছু পৰিমাণে কম কৰিবলৈ “সেউজী ধৰণী” নামেৰে এটা ব্লগ আৰম্ভ কৰোঁ য’ত বিভিন্নজনৰ লেখা প্রকাশ কৰাৰ সুবিধা কৰি দিয়া হ’ল। সেয়া ২০১২ চনৰ কথা। সেই বছৰৰ অক্টোবৰ মাহৰ ২৯ তাৰিখে আমাৰ এটা লেখাৰে “সেউজী ধৰণী”ৰ শুভাৰম্ভ কৰা হ’ল। আজি “সেউজী ধৰণী”ৰ পাঁচ বছৰৰ সম্পূর্ণ হ’ল। বিগত পাঁচ বছৰৰ যাত্রাৰ যি অভিজ্ঞতা হ’ল তাৰ কিছু ভাগ আপোনালোকক দিব বিচাৰিছোঁ।

            ব্লগবোৰত সাধাৰণতে কোনো এজনৰ নিজা চিন্তা-চর্চাবোৰ প্রকাশ কৰা দেখা যায়। কিন্তু “সেউজী ধৰণী” নামৰ ব্লগটোত সকলোৰে লেখা প্রকাশ কৰিবলৈ সুবিধা কৰি দিয়া হ’ল। ভাষা--- অসমীয়া আৰু ইংৰাজী। প্রথম প্রকাশৰ লগে লগে পঢ়ুৱৈসকলে যিদৰে “সেউজী ধৰণী”ক আদৰি ল’লে তাক দেখি অভিভূত হৈ পৰোঁ লাহে লাহে বিভিন্নজনৰপৰা কৃষি বিষয়ক লেখা আহিবলৈ ধৰে। আগ্রহীসকলে এইবোৰ পঢ়ি উপকৃত হোৱা বুলি জানিবলৈ দিয়াৰ লগতে দিহা-পৰামর্শ আগবঢ়াই থাকে। এইসকলৰ মাজত দেশৰ লগতে বহুকেইজন বিদেশৰ।  এইদৰে যোৱা পাঁচটা বছৰত “সেউজী ধৰণী”ত মুঠ ৬৭টা লেখা ১০৭ খণ্ডত প্রকাশ হ’ল আৰু দেশ- বিদেশৰ ৬৩ হেজাৰৰো অধিকজনে এই লেখাবোৰত ভূমুকি মাৰিলেকৃষি বিষয়ক ব্লগ এটাৰ প্রতি দেশ-বিদেশ বিভিন্নজনৰ আগ্রহ দেখি আমাৰ কষ্ট সার্থক হোৱা যেন লাগিছে







            প্রকাশ পোৱা প্রৱন্ধবোৰৰ ভিতৰত স্বাভাবিক কাৰণতে ইংৰাজী ভাষাৰ লেখাবোৰৰ পঢ়ুৱৈ বেছি। ফেব্রুৱাৰী ২৪, ২০১৪ চনত প্রকাশ পোৱা Rice of Assam লেখাটো এতিয়ালৈকে ৭৩০৪ জনে পঢ়িছে আৰু বিদেশৰ বহুজনে লেখকৰ লগত ব্যক্তিগতভাবে যোগাযোগ ৰাখি অসমৰ ধানৰ বিষয়ে জানিবলৈ ইচ্ছা প্রকাশ কৰিছেসেইদৰে পঢ়ুৱৈৰ মাজত জনপ্রিয় হৈ পৰা আন দুটা প্রৱন্ধ হ’ল Need of conservation of indigenous fruits of Assam (২৯১২), Role of women in Agriculture ( ১৬২৪)। আনহাতে অসমীয়াৰ ভাষাৰ লেখাবোৰৰ ভিতৰত পাঁচটা খণ্ডত ছবিসহ প্রকাশ পোৱা ‘এশ এবিধ শাক’ (৭২৮৫) লেখাটি জনপ্রিয়। এই লেখাটোত এশ এবিধ শাকৰ থলুৱা আৰু বৈজ্ঞানিক নামৰ শুদ্ধ ৰূপ বিচৰা হৈছিল আৰু আশা কৰা মতে বহুজনে “প্রায় শুদ্ধ” তালিকা এখন প্রস্তুত কৰাত সহায় কৰে। বর্তমান এই তালিকাখনৰ আধাৰত দৃশ্য-শ্রব্যৰ এখন সফুঁৰা প্রস্তুত কৰিবলৈ চিন্তা কৰা হৈছে, যাতে অসমৰ এই শাক-পাতবোৰ চিনি পাবলৈ সহজ হয়। অসমীয়া ভাষাৰ আন জনপ্রিয় লেখা কেইটা হ’ল- ‘কপৌফুল’(৩০৬৭), ‘বিজ্ঞানসন্মতভাবে এৰীপলু পালন’ (১১১৬), ‘ক’লাচাউল- অসমৰ কৃষি অর্থনীতিত আন এক সংযোজন’( ১০২৭), ‘হাতীপোক- মাজুলীৰ আন এক সমস্যা’ (৯৯৯), ‘কৃষিক্ষেত্রত পক্ষীকুলৰ ভূমিকা’ (৮৪৮)। এই পৰিসংখ্যা আজিৰ তাৰিখৰ অর্থাৎ ৩০-১০-২০১৭ এনে পৰিসংখ্যাই দেখুৱাইছে যে কৃষি বিষয়ক লেখাৰ প্রতি আমাৰ ই-পঢ়ুৱৈসকল যথেষ্ট আগ্রহী।







            যোৱা পাঁচ বছৰকাল “সেউজী ধৰণী”ৰ লগত বেচ আমোদেৰে পাৰ কৰিছোঁ। বহুতো নতুন কথা শিকিলোপূর্ণাংগৰূপত দুখন কৃষি বিষয়ৰ ই-আলোচনী প্রকাশ পোৱাত যৎকিঞ্চিত সহায় কৰিব পাৰিলোঁ, যিদুখন বর্তমান প্রায় এবছৰ কাল ইণ্টাৰনেটত উপলব্ধ হৈ আছে। ক’লাচাউলৰ খেতি কৰিবলৈ আগ্রহ প্রকাশ বহুকেইজনক এইবিধ ধানৰ সঁচ যোগাৰ কৰাত কিছু সহায় কৰিব দিব পাৰিছো। ‘কৃষিক্ষেত্রত পক্ষীকুলৰ ভূমিকা’ কেনে সেয়া উপলব্ধি কৰিবলৈ কৃষকসকলক সুযোগ দিব পাৰিলো। যোৱা বছৰ অসমৰ পথাৰত দেখা দিয়া জাকৰুৱা পোকবিধৰ বিষয়ে কিছু কথা অৱগত কৰি কৃষক ৰাইজক কিছু সহায় কৰিব পাৰিলো যেন ভাব হৈছে। মাজুলীত দেখা দিয়া অনিষ্টকাৰী কীট হাতীপোকক যে খাদ্য তালিকালৈ আনিব পাৰি সেই বিষয়ে জানিও বহুজন আনন্দিত হ’ল। এনে বহুতো অভিজ্ঞতাৰ মাজতে দুজনমানৰ বিশেষ অনুৰোধ এটাও চিন্তা কৰিবলৈ বাধ্য হৈছো। এই বিশেষ অনুৰোধটো হ’ল “সেউজী ধৰণী’ক পূর্ণাংগৰূপে এটা ৱেবছাইট কৰা। এই বিষয়ত চিন্তা কৰিবলৈ এটি সৰু কর্মদল গঠন কৰা হৈছে । এই বিষয়ত সকলো শুভকাংক্ষীৰ দিহা-পৰামর্শ আমাৰ একান্তই কাম্য।

            এতিয়া কিছু তিতা অভিজ্ঞতা। লেখা বিচাৰি লেখকসকলক যথেষ্ট “কামোৰ” মাৰিব লাগে। সকলোৰে এটাই কথা --- সময়ৰ অভাৱ। যি দুই-চাৰিজনে লেখা পঠিয়াব খোজে তেওঁলোকৰ কম্পিউটাৰত অসমীয়া লেখাৰ সুবিধা নাই। ইউনিক’ডৰ বিষয়ে শুনিছে যদিও নিজে চেষ্টা কৰি চোৱা নাই। ফট’কপি হিচাপে পোৱা লেখাবোৰ ইউনিক’ডলৈ ৰূপান্তৰ কৰিবলৈকো দুজনমানক শিকাই ল’বলগীয়া হৈছে। কিন্তু এনে কিছুমান তিতা যেন লগা অভিজ্ঞতাৰ মাজতো যিখিনি মিঠা অভিজ্ঞতা হৈছে সেইখিনিয়ে আমাক নতুন নতুন পৰিকল্পনা কিছুমান হাতত ল’বলৈ উৎসাহিত কৰি তুলিছেএয়ে আমাৰ বাবে যথেষ্ট
----------------------------------------------------------------------------------------------------------------
ম'বাইল:: ৯৪৩৫১৩৫৬৩১::: ই-মেইল- sadik2crs@yahoo.co.in