Monday 14 November 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই:: বনচাই প্রদর্শন(অষ্টম খণ্ড) On Bonsai_Part-VIII- How to Display


সেউজী ধৰণী
জীৱন্ত ভাস্কর্য কলা ---বনচাই
অষ্টম খণ্ড



নৱ কুমাৰ বৰা

বনচাই প্রদর্শন

     যিমানেই সুন্দৰ নহওক লাগে অপৈণত তথা শিল্পীসুলভতাৰ অভাৱত ভোগা বনচাই প্রদর্শনে ইয়াৰ সৌন্দর্য চকুত লগাকৈ ক্ষুন্ন কৰিব পাৰে। তদোপৰি বনচাই প্রদর্শনৰ কিছুমান নিজা নীতি-নিয়মো আছে। এই শতিকাৰ আগভাগলৈকে বনচাইবোৰ বৰ জটিল নীতি-নিয়মৰ মাজেৰে সজোৱা হৈছিল। ইহঁতক সাধাৰণতে বেৰত ওলোমাই থোৱা ছবি, ধুপদানী, চাহৰ সৰঞ্জাম, ফলমূলৰ কাঁহী, সৰু টেবুল আদিৰ লগত ঐক্যতানেৰে চ’ৰাঘৰত আচুতীয়া অলঙ্কৃত স্থানত (Tokonoma) ৰখা হৈছিল। অতীজৰ অভিজাত সম্প্রদায়ৰ সম্পত্তিৰূপে বিবেচিত বনচাই সর্বসাধাৰণৰ মাজতো জনপ্রিয় হৈ উঠাৰ পাছত ১৯৩৫ চনমানৰপৰা পৰিবর্ত্তিত জীৱন ধাৰাৰ লগত সংগতি ৰাখি এইবোৰৰ প্রদর্শনৰ ক্ষেত্রতো পৰিবর্তন আহিল।     এনে পৰিবর্তনবোৰৰ ভিতৰত প্রথম হ’ল---
     বনচাইক অন্যান্য শিল্পকর্মৰপৰা আতঁৰাই আনি নিজস্ব সৌন্দর্য প্রদর্শন কৰাৰ ওপৰত প্রাধান্য দিয়াটো। কেৱল মাত্র পৰিবেশ সম্পূর্ণ কৰাৰ বিপৰীতে বনচাইক নির্ণায়াত্মক ভূমিকা ৰূপায়ণ কৰাত গুৰুত্ব দিয়া হ’ল। অন্যান্য সামগ্রীৰ বিপৰীতে সাধাৰণ পৰিস্কাৰ শিলৰ টুকুৰা বা ঘাঁহবনেই সহযোগী সামগ্রী হিচাপে বিবেচিত হ’বলৈ ধৰিলে। অন্যহাতেদি বেৰত ওলোমাই ৰখা ছবিত পর্বত-পাহাৰ, গছ-গছনি আদিৰ পৰিবর্তে অন্য বিষয় নির্বাচন কৰি বনচাইবোৰৰ স্বকীয়তা প্রকটকৈ তুলি ধৰিবলৈ চেষ্টা চলোৱা হয়। পুৰণি পৰম্পৰাৰ সামগ্রী সমূহৰ সলনি বগা বা মাখন ৰঙৰ পটভূমিত উপযুক্ত আকাৰৰ টেবুলত একমাত্র বনচাইহে প্রদর্শিত হ’বলৈ ধৰিলে। তাৰোপৰি অকলশৰীয়া বনচাইতকৈ অন্যসামগ্রীবর্জিত এটি, দুটি বা তিনিটি হিচাপে  জুমবান্ধি বনচাই সজোৱা নিয়মো আজিকালি জনপ্রিয় হৈ উঠিছে।
     বনচাই ৰখা স্থানৰ ক্ষেত্রতো পৰিবর্তন আহিল। ওপৰত উল্লেখিত সহযোগী সামগ্রী সমূহৰ লগত টক’নমাতকৈ মূখ্যদ্বাৰ, চৰাঘৰ, বাৰান্দা, কৰিড’ৰ আনকি ৰান্ধনিঘৰো বনচাই প্রদর্শনৰ স্থান হিচাপে পৰিগণিত হ’ল। বনচাইৰ আকাৰ প্রকৃতিৰ লগত টেবুলৰ আকাৰ তথা উচ্চতে আৰু চাৰিওকাষৰ খালি ঠাইৰ লগত সংগতি বজাই ৰখাটোৱেই প্রধান কথা হৈ উঠিল। সদায়ে দৃষ্টিৰ সমতলত ৰখাটো বনচাই প্রদর্শনৰ অন্য এক মুলকথা। আজিকালি সৰু আৰু মজলীয়া আকাৰৰ বনচাইয়েই বেচি জনপ্রিয় যদিও বৃহৎ অট্টালিকাবোৰৰ চোতালত ডাঙৰ আকৃতিৰ বনচাই সজোৱাও চকুত পৰে।

বনচাই প্রদর্শনৰ সময়
     প্রতিজোপা বনচাইৰে তাৰ নিজা স্বাভাৱিক সৌন্দর্য আছে আৰু  ঋতু অনুসৰি সিহঁতৰ সৌন্দর্যই চৰম বিন্দুত উপনীত হোৱা কালচোৱাই ইহঁতক উপভোগ কৰাৰ উত্তম সময়। উদাহৰণ স্বৰূপে কিছুমান গছ নতুন কুঁহিপাত ওলোৱাৰ সময়ত, কিছুমান কলি ওলোৱাৰ সময়ত, কিছুমান ফুল বা ফল ধৰা সময়ত, আন কিছুমান আকৌ সম্পূর্ণ পাতেৰে সর্জ্জিত হৈ থাকিলেহে মনোমোহা হয়। আনহাতে এনে কিছুমান বনচাই আছে যিবোৰ আকৌ পাত সৰি নঙঠা হৈ থাকিলেহে দেখিবলৈ চকুত লগা হয়। এইদৰে এজোপা বনচাই বছৰৰ কোনো নির্দষ্ট ঋতু বা সময়ত প্রদর্শন কৰিব পাৰি। জাপানত নতুন বছৰ উপলক্ষে চিৰসেউজ পাউন গছ প্রদর্শনৰ বাবে সজোৱা দেখা যায়।

বনচাই উপস্থাপন কৰাৰ কলাকৌশল
     বনচাই উপস্থাপন কৰোঁতে ইহঁতৰ সবাটোকৈ ধুনীয়াফালটো সদায় চকুত পৰাকৈ থব লাগে। বহুত সময়ত ভুল উপস্থাপনৰ বাবেই সুন্দৰ বনচাই এজোপাও চকুত পৰা হৈ নুঠে। সাধাৰণতে বনচাইবোৰ টেবুলজাতীয় ওখ, মধ্যমীয়া বা চাপৰ স্থানত থোৱা হয়। এইবোৰ কাঠ, বাঁহ, ধাতু বা শিলৰো হ’ব পাৰে। কেতিয়াবা টেবুলৰ পৰিবর্তে চেপেটা কাঠেৰে চাং কৰিও ৰাখিব পাৰি। সদায় বনচাইবোৰৰ লগত অন্য সামগ্রীবোৰৰ পৰস্পৰৰ ডিজাইন, ৰঙ,উচ্চতা আদিৰ ভাৰসাম্য সুক্ষ্ম দৃষ্টিৰে লক্ষ্য ৰখা উচিত। উদাহৰণ হিচাপে কেচকেড্ জাতীয় বা পাইন মধ্যমীয়া কাঠৰ টুকুৰাত ৰাখি চাপৰ সৰু টেবুলত শিল এচপৰা বা বাম পাত্রত মাটি ভৰাই ৰাখি কনট্রাষ্ট গঢ়ি তুলিব পৰি। একে সমতলতে শিল আৰু বনচাই ৰাখিলে আকর্ষণীয় হৈ নুঠে। সৰু বনচাই অলংকৃত শ্বেলভত সাধাৰণভাবেই ৰাখি ধুনীয়া কৰিব পাৰি। অন্যহাতে একেটা সমতলত জুম বান্ধি থলে খেলিমেলি ভাৱৰ সৃষ্টি হয় আৰু ডাঙৰ অতিমাত্র অলংকৃত শ্বেলভত হয়। নিমজ ধৰাতলত কাঠৰ টেবুলৰ ওপৰেদি বনচাইবোৰ অনা-নিয়া কৰোঁতে সাৱধান নহলে আচোঁৰ খাই দৃষ্টিকটূ দাগ লাগিব পাৰে।

বনচাই আৰু ইহঁতৰ আনুসঙ্গিক সামগ্রী
     বনচাইবোৰ সজাওঁতে লগৰ আনুসঙ্গিক সামগ্রীবোৰৰ ভাৰসাম্যতাৰ কথা আগতেই উনুকিয়াই অহা হৈছে। দুটা বা তাতোধিক বনচাই প্রদর্শন কৰিবলৈ যাওঁতে পাত্রবোৰৰ ৰঙ, আকাৰ আৰু ডিজাইন অনুসৰি পৰস্পৰৰ লগত ভাৰসাম্যতা বজাই ৰাখিহে আগবঢ়া উচিত। বিশেষকৈ ৰঙ আৰু আকাৰৰ বৈচিত্রৰ লগতে বিভিন্নতাই বনচাইবোৰক অধিক আকর্ষণীয় কৰি তোলে। উদাহৰণ হিচাপে ৰঙচুৱা, খহতা, আয়তক্ষেত্রকাৰ পাত্রত থকা পাইন এজোপাৰ লগত বগা ডিম্বাকৃতিৰ পাত্রত ঘাহঁনি এডৰা ৰাখি তাৰ সৌন্দর্য দুগুণে বৃদ্ধি কৰিব পাৰি। একঘেয়ামী আৰু অলসতা ভাঙিবলৈ কোনো ৰঙ বা আকাৰৰে এটাতকৈ বেছি পাত্র ব্যৱহাৰ কৰাটো উচিত নহয়। উচ্চতা আৰু আকাৰেই মূলকথা হলেও সামগ্রীবোৰ সমূহীয়াকৈ ঐকতানেৰে মিলি নেথাকিলেও দৃষ্টিকটূ হৈ উঠাৰ সম্ভাৱনা থাকে। প্রতিটো আনুসঙ্গিক সামগ্রীয়েই ইটোৱে সিটোৰ কনট্রাষ্টত আহি সমূহীয়া সৌন্দর্যৰ সৃষ্টি কৰা উচিত। উদাহৰণ হিচাপে কোনিফাৰজাতীয় বনচাইক এডৰা ঘাহেঁ বা সাধাৰণ শিল এচপৰাই পাতসৰা নঙঠা গছ এজোপা কৰি তুলিব পাৰি। এইখিনিতে কৈ থোৱা ভাল যে আনুসঙ্গিক সামগ্রীবোৰৰ লগত কনট্রাষ্ট হ’বলগীয়া একমাত্র ডিজাইনটোৱেই হৈছে স্বয়ং বনচাইজোপা। এই মূলকথা মনত ৰাখি কল্পনাপ্রৱণ বনচাইপ্রেমী সকলে ৰুচি সহকাৰে নানা দৃশ্যৱলী ৰচনা কৰি নিজা সৃজনীশীলতাৰ পৰিচয় দিব পাৰে।



সমাপ্ত
ম’বাইল: ৮৪৭২০২৪৮১৭


No comments:

Post a Comment