Monday 21 November 2016

Miracle Rice that changed the world




সেউজী ধৰণী


Miracle Rice that changed the world






ড: চাদিকুল হুছেইন

      আজিৰ ব্লগৰ শিৰোনামা Miracle Rice that changed the world অর্থাৎ আশ্চর্য্যজনক ধান যিবিধে পৃথিৱীখনক সলনি কৰি দিয়ে । হয়, আজি এনে এবিধ ধানৰ জন্ম কাহিনীৰ বিষয়ে কবলৈ ওলাইছো যিবিধৰ বাবে বিশ্বৰ অগণন ভোকাতুৰ জনতাৰ কাঁহীত এমুঠি ভাত তুলি দিয়া সম্ভৱ হৈছে, যিবিধ ধানৰ বাবে এচিয়া মহাদেশত “সেউজ বিপ্লৱ”ৰ সূচনা কৰা সম্ভৱ হৈছে, যিবিধ ধানৰ উদ্ভাৱনৰ বাবে ভাৰতবর্ষৰ লগতে দক্ষিণ-পূৱ এচিয়াৰ কৃষি অর্থনীতি সবল কৰা সম্ভৱ হৈছে। এই বিশেষ দিনটোত এই বিষয়ে কবলৈ লোৱাৰ একমাত্র উদেশ্য হ’ল এয়ে যে এই আশ্চর্য্যজনক ধানবিধ সর্বসাধাৰণৰ বাবে মুকলি কৰি দিয়া  পঞ্চাছ বছৰ পূর্ণ হ’ল (১৯৬৬-২০১৬)। এই উদেশ্যেৰে বিশ্বৰ লগতে ভাৰতবর্ষটো আজিৰ দিনটো (২১-১১-২০১৬)  ওলহ-মালহেৰে উদযাপন কৰা হৈছে। এই বিশেষ ধানবিধৰ নাম হৈছে IR-8, বিশ্বৰ প্রথম অধিক উৎপাদনক্ষম ধানৰ জাত।

      উদ্ভিদ হিচাপে ধান ইমান পুৰণি যে বর্তমান ইয়াৰ আদিৰ সম্পর্কে সঠিককৈ কোৱা টান। এই পুৰণি উদ্ভিদবিধৰ অগণন জাত দূৰ অতীতৰেপৰা মানুহে খেতি কৰি আহিছে। কিন্তু দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত দেখা দিয়া খাদ্য সংকট আৰু বর্দ্ধিত জনসংখ্যাৰ বাবে প্রয়োজন হোৱা চাউলৰ জোৰা মাৰিবলৈ উৎপাদিত ধান যথেষ্ট নাছিল। এনে অৱস্থাত ধানৰ অধিক উৎপাদনক্ষম জাতৰ প্রয়োজন কৃষি বিজ্ঞানীসকলৰ লগতে সকলোৱে অনুভৱ কৰে। এনে এক উদেশ্যেৰে ফিলিপিনচত থকা আন্তঃজাতিক ধান গৱেষণা প্রতিষ্ঠানে এলানি গৱেষণা হাতত লয় আৰু সেইমতে ১৯৬২ চনত বিশ্বৰ বিভিন্ন প্রান্তৰপৰা দহ হাজাৰতকৈও অধিক ধানৰ জাত সংগ্রহ কৰে। এই বৃহৎ সংগ্রহৰপৰা Dr, Peter Jennings নামৰ প্রজননবিদজনে বিভিন্ন জাতৰ মাজত ৩৮ টা সংকৰণ ( cross) ঘটায়। সংকৰণৰ বিভিন্ন জোৰৰ মাজৰ অষ্টম জোৰাটো তেখেতৰ বাচনিত উঠে। এই জোৰাটো আছিল চীনদেশৰ Dee-geo-woo-gen নামৰ চাপৰ জাত এটা আৰু ইন্দোনেচিয়াৰ Peta নামৰ ওখ জাত এটাৰ মাজত। কিন্তু জোৰাৰ পৰা তেখেতে মাত্র ১৩০ টা গুটিহে পালে।




      তেখেতে অতি যত্নেৰে এই ১৩০ টা গুটি টাবত সিঁচি দিয়ে। সময়ত দেখা গ’ল যে সকলো গছ ওখ হৈছে। এই ওখ গছৰপৰা পোৱা গুটিৰ প্রায় ১০,০০০ গুটি পুনৰ টাবত সিঁচি দিলে। এইবাৰ দেখা গ’ল যে এক-তৃতীয়াংশ গছ চাপৰ হৈছে। প্রজননবিদজনে এই ফলাফলৰ বিষয়ে টেক্সাচত থকা তেখেতৰ সহযোগী Dr. Beachell-ক জানিবলৈ দিয়াত ১৯৬৩ চনত তেখেত আহি ফিলিপিনচৰ প্রতিষ্ঠানত যোগদান কৰি পাছৰ কামখিনি আগবঢ়াই নিয়ে। 





      
     এইবাৰ চাপৰ গছৰ গুটিভাগ সিঁচি পোৱা গছখিনিৰপৰা ২৯৮ টা গোছা নির্বাচন কৰা হ’ল আৰু প্রতিটো গোছাৰপৰা পোৱা গুটি ‘বংশাৱলী শাৰী’ত (pedigree rows) পৃথকভাৱে সিঁচা হ’ল। এইবাৰৰ গছখিনি পর্যবেক্ষণ কৰি প্রজননবিদজনে ২৮৮ নং শাৰীৰ তৃতীয়জোপা গছ উত্তম বুলি বিবেচিত কৰে। তেখেতৰ এই জোপাৰপৰা গুটিখিনিক Dr, Peter Jennings এ নির্বাচন কৰা অষ্টম জোৰাটো আৰু পাছৰ পর্যায়ত পোৱা ২৮৮ নং শাৰীৰ তৃতীয় গোছাটোৰ নামেৰে IR-8-288-3 নাম দিয়ে। পাছলৈ এইভাগ গুটিৰ পৰাই Miracle Rice বুলি অভিহিত কৰা ধানৰ অধিক উৎপাদনক্ষম জাতটো উদ্ভাৱন কৰা হয় যিটো পাছলৈ IR-8 নামেৰে জনাজাত হৈ পৰে। পাছলৈ ইয়াৰ পৰাই বিশ্বৰ সবাটোকৈ জনপ্রিয় ধানৰ জাত IR-36 নামৰ জাতটো উদ্ভাৱন কৰা হয়।  উল্লেখ কৰিব পাৰি যে এই জাতটোৰ জনক এজন ভাৰতীয়। নাম Dr. Gurdev Khush      
 

      ধানৰ অধিক উৎপাদনক্ষম এই জাতটো কৃষকৰ বাবে অনুমোদন কৰাৰ পঞ্চাশবর্ষ পূর্তিত আঘোণৰ পথাৰৰপৰা সেইসকল বিজ্ঞানীক শ্রদ্ধাৰে স্মৰণ কৰিছোঁ যিসকলৰ আশাশুধীয়া প্রচেষ্টাত ভাৰতবর্ষৰ লগতে বিশ্বৰ অগণন জনতাই দুবেলা দুমুঠি  ভাত খাবলৈ পাইছে।  




ম’বাইল: ৯৪৩৫১৩৫৬৩১





                                                                                                                                                                  

2 comments: