Friday 21 October 2016

জীৱন্ত ভাস্কর্য কলা ---বনচাই (তৃতীয় খণ্ড) ::বনচাইৰ বাবে পাত্র On Bonsai- Part-III


সেউজী ধৰণী

জীৱন্ত ভাস্কর্য কলা ---বনচাই
তৃতীয় খণ্ড


নৱ কুমাৰ বৰা


বনচাইৰ বাবে কেনে পাত্র ল’ব?

     বনচাইবোৰৰ পৰিবর্দ্ধন আৰু সৌন্দর্য বহু পৰিমাণে ৰোৱা পাত্রটোৰ ওপৰত নির্ভৰ কৰে। পাত্রবোৰ গছবোৰৰ আকৃতি-প্রকৃতি, গঠন, পৰিবর্দ্ধন, ৰং অনুযায়ী বিভিন্ন গঢ়, গঠন আৰু ৰঙৰ হ’ব পাৰে। পাত্রবোৰ সচৰাচৰ মাটি, চীনামাটি, কাঠ বা কেতিয়াবা ব্রোঞ্জৰ ল’ব পাৰি।
     সাধাৰণতে সৰল, ঠিয়, পোন বা হেলনীয়া গছৰ বাবে ডাঠ, দ, আয়তাকাৰ পাত্র হোৱা উচিত। যুৰীয়া গছৰ বনচাইৰ বাবে পাতল, আয়তাকাৰ বা ঘুৰণীয়া পাত্র হ’লে ভাল। জুমবান্ধি ৰোৱা বনচাইৰ কাণ্ডবোৰ তুলবামূলকভাৱে ক্ষীণ আৰু বহু ডাল বিশিষ্ট হয়। এনে বনচাইৰ বাবে ঘুৰণীয়া বা ডিম্বাকৃতিৰ, পাতল আৰু বাম পাত্র উপযোগী। তললৈ বৈ অহা বনচাইৰ বাবে দ, ডাঠ, বর্গাকাৰ বা ঘুৰণীয়া পাত্রৰ প্রয়োজন। শৈল-ৰোপনৰ পাত্রবোৰ আয়তাকাৰ, ডিম্বাকাৰ,পাতল, বাম ট্রে বা থাল জাতীয় হ’লে ভাল হয়। এই ক্ষেত্রত শিল আৰু পাত্রৰ ৰং ইটোৰ সিটো পৰিপূৰক হোৱা উচিত।



     মোটামুটিভাৱে ক’ব পাৰি যে পাত্রৰ দৈর্ঘ গছৰ উচ্চতাৰ তিনিভাগৰ দুভাগ হোৱা দৰকাৰ। পাত্রৰ বহল ফালটো ওলাই থকা শিপা আৰু ডাল-পাতেৰে আৱৰি থকা অংশৰ সমানুপাতিক হ’লে দেখাত ধুনীয়া হয় ।
     বনচাই কৰিবলৈ যাওঁতে চাৰিটা মৌলিক কথালৈ সদায় মন দিয়া উচিত-
     ক) সূর্যৰ ৰশ্মি বনচাইৰ বাবে অতি প্রয়োজন
     খ) বায়ুৰ চলাচল বেচি হোৱা মুকলি ঠাই বনচাই উপযোগী।
     গ) সৰু পাত্রটোত থকা মাটিকনেই গছজোপাৰ প্রধান আধাৰ।
     ঘ) ৰোৱাৰ সময়ত মূল আৰু চুলি শিপা কাটি দিলে গছজোপাৰ পৰিপাক আৰু বর্দ্ধন হ্রাস পায়।

বনচাই আৰু পাত্রৰ সমন্বয়

     এইবিষয়টো গৰকীৰ নন্দনতাত্ত্বিক তথা নিজা সৌন্দর্যবোধৰ ওপৰত্ নির্ভৰশীল যদিও তলৰ কথাকেইটাই বনচাই আৰু পাত্রৰ সমন্বয় ৰক্ষা কৰাৰ দিশত বহুখিনি সহাব কৰিব।

১) কোনিফাৰজাতীয় বনচাই
     ক’লা চানেকীয়া, ৰঙচুৱা, ক্রীম আৰু গাঢ় ৰঙা ৰং ইহঁতৰ বাবে উৎকৃষ্ট। পোন থিয় গা-গছৰ বাবে বাহিৰফালে বাও থকা আয়ত ক্ষেত্রকাৰ পাত্র ল’ব লাগে। আলসুৱা গছৰ বাবে ঘুৰণীয়া, ডিম্বাকৃতিৰ অথবা বর্গক্ষেত্রকাৰ পাত্র ল’লে ভাল হয়।
     সচৰাচৰ আয়তক্ষেত্রকাৰ পাত্রবোৰ নীতিগত(Formal) সমষ্টি বৃক্ষৰ বাবে আৰু ডিম্বাকৃতিৰ পাত্র অনিয়মিত সজ্জাৰ বাবে উপযোগী। চেপাটা দেখনীয়াৰ শিল বা চিৰেমিক(Ceremic)ৰ চটা আদিও বিভিন্ন ডিজাইন গঢ়িবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। কেচ্ কেড্ বা প্রপাতজাতীয়ৰ বাবে দ’, ঘুৰণীয়া বা বর্গক্ষেত্রাকাৰ পাত্রই উত্তম।






২) পাতসৰা গছৰ বনচাই
     শকত মজবুত গছৰ বাবে দ’ আৰু আলসুৱা গছৰ বাবে বাম আয়তক্ষেত্রকাৰ বা ডিম্বাকৃতিৰ পাত্র ল’ব লাগে। শকত গছৰ পাত্রৰ কাণটো বাহিৰ ওলোৱা ধৰণৰ হোৱা উচিত। পাতৰ লগত একে ৰঙৰ পাত্র নোলোৱাই ভাল। পাত্রৰ ৰঙ বগা চানেকীয়া, পাতল সেউজীয়া বা ক’লা ধোৱাঁ বৰণীয়া ল’ব পাৰে।



৩) ফল-ফুল ধৰা বনচাই
     ধোৱাঁ বা হাতীদাঁতৰ ৰঅৰ আয়তক্ষেত্রকাৰ পাত্র অকলশৰীয়া গছৰ বনচাইৰ বাবে উপযোগী। আনহাতে সংযুক্ত শিপাৰ বাবে পাতল ধোৱাঁ বৰণীয়া বা বগা চানেকীয়া বাম ঘুৰণীয়া পাত্র ল’ব লাগে।
     বগা ফুলৰ গছৰ বাবে পাত্রৰ ৰঙ ক’লা, বেঙুনীয়া, নীলা বা হালধীয়া ; ৰঙা ফুলৰ বাবে বগা বা পাতল ধোৱাঁ বৰণৰ হ’লে চকুত লগা হৈ উঠে।






৪) সৰু গছ আৰু ঘাহঁজাতীয় বনচাই
      এনে বনচাইৰ বাবে যিমান পাৰি বাম পাত্র ল’ব লাগে। পাত্রৰ ৰঙ হালধীয়া, মুগা বা সেউজীয়া ল’ব পাৰে।
                                                আগলৈ...
ম’বাইল: ৮৪৭২০২৪৮১৭                         


No comments:

Post a Comment