Sunday 25 September 2016

ক’লা চাউল- অসমৰ কৃষি অর্থনীতিত এক নতুন সংযোজন :: Black rice- A new addition to Agro-economics of Assam



সেউজী ধৰণী


ক’লা চাউল- অসমৰ কৃষি অর্থনীতিত এক নতুন সংযোজন

ডঃ চাদিকুল হুছেইন





উদ্ভিদ হিচাপে ধান (Oryza sativa L ) ইমান পুৰণি যে বর্তমান ইয়াৰ আদিৰ সম্পর্কে সঠিককৈ কোৱা অসম্ভৱ হৈ পৰিছে। তথাপিও কিছুমান অনুসন্ধানৰ পৰা অনুমান কৰিব পৰা গৈছে যে মানুহে খৃঃপূঃ ৪০০০ বছৰমানৰপৰা ধানৰ খেতি কৰিবলৈ আৰম্ভ কৰে অতি পুৰণি এইবিধ উদ্ভিদৰ বর্তমান প্রায় ১,২০,০০০ টা জাত বিশ্বৰ চুকে-কোণে  সিঁচৰতি হৈ আছে। অৱশ্যে বিভিন্ন গুণসম্পন্ন এই জাতবোৰৰ প্রায় ৫০০০ বিধমানহে বহল ভিত্তিত  খেতি কৰা হয়। এই জাতবোৰৰপৰা পোৱা চাউল বগা, ৰঙা বা মুগা আৰু ক’লা বৰণৰ হয়। ইয়াৰে প্রথম দুবিধ চাউল সুলভ হোৱাৰ বিপৰীতে ক’লা বৰণৰ চাউল কিছু দুষ্প্রাপ্য। প্রধানকৈ এচিয়া মহাদেশত পোৱা এইবিধ ধানৰ ওপৰত গৱেষণা কৰি বিজ্ঞানীসকলে মতপোষণ কৰিছে যে ধানগছত থকা এক বিশেষ জিনৰ বাবে ইয়াৰ চাউলবোৰ ক’লা। তেখেতসকলৰ মতে দূৰ অতীতত Tropical japonica   নামৰ  ধানৰ এক প্রজাতিতৰ জিনত এই গুণটো প্রস্ফুটিত হয় আৰু পাছলৈ সংকৰ প্রজননৰ মাধ্যমেৰে ধানৰ আন প্রজাতিলৈ আহে। এই বিশেষ জিনটোৰ নাম ৰখা হৈছে Kala4 [ উৎস: Oikawa, T. et. el. (2015): The birth of a black rice gene and its local spread by introgression. Plant Cell   10.1105/tpc.115.00310.]ঔষধি গুণসম্পন্ন এইবিধ ধানৰ চাহিদা বর্তমান পৃথিৱীৰ সকলোবোৰ দেশেতে বাঢ়িবলৈ লৈছে। অসমতো বর্তমান ক’লা চাউলৰ প্রতি আগ্রহী হৈ উঠা লোকৰ সংখ্যা ক্রমে বাঢ়ি অহা দেখা গৈছে। ইয়াৰ লগে লগে ধানবিধৰ খেতি কৰিবলৈ কৃষকসকলো আগবাঢ়ি আহিছে।
ক’লাধান বা চাউল দক্ষিণ-পূৱ এচিয়াৰ বহুতো দেশত পোৱা যায় যদিও ইয়াৰ আদিৰ সম্পর্কে বিজ্ঞানীসকল নিশ্চিত হ’ব পৰা নাইঅৱশ্যে পুৰণি পুথি-পাঁজিৰ আধাৰত অনুমান কৰিব পাৰি যে এইবিধ ধানৰ আদিভূমি চীনদেশ। অতি দুষ্প্রাপ্য এইবিধ চাউল এটা সময়ত  কেৱল চীনদেশৰ সম্রাটসকলৰ বাবেহে উৎপন্ন কৰা হৈছিল। সেয়ে চাউলবিধক  “Emperor’s Rice”  কোৱা হৈছিল। আনহাতে চাউলবিধ সর্বসাধাৰণৰ বাবে নিষিদ্ধ কৰি Forbidden rice” বুলি কোৱা হৈছিল আৰু অতি চোকা পহৰাত ইয়াৰ খেতি কৰা হৈছিল।এনে ব্যৱস্থাৰ পাছতো যদি সাধাৰণ জনতাই ক’লা চাউলৰ সোৱাদ ল’বলৈ গৈ ধৰা পৰে তেন্তে তেওঁৰ মৃত্যু আছিল অনিবার্য। এতিয়া অৱশ্যে দিন সলনি হৈছে ; সর্বসাধাৰণেও ইয়াৰ সোৱাদ ল’ব পৰা হ’ল।
ক’লা ধানৰ খেতি আনবোৰ ধানৰ দৰেই কৰিব পাৰি। কিন্তু ইয়াৰ উৎপাদন বৰ কম। তদুপৰি ক’লা চাউলৰ ৰন্ধন প্রণালী কিছু সুকীয়া। এনেহোৱা বাবে বিশেষ কেতবোৰ জলপানৰ বাহিৰে চাউলবিধৰ চাহিদা নাছিল কম উৎপাদন আৰু চাহিদাৰ বাবে ধানবিধৰ প্রতি কৃষকসকলৰো উৎসাহ বৰ বেছি নাছিল। কিন্তু  ক’লা চাউলৰ গুণাগুণৰ বিষয়ে জনাৰ পাছত পশ্চিমৰ দেশবোৰত ইয়াৰ চাহিদা বাঢ়িবলৈ লয়। আন্তঃৰাষ্ট্রীয় বজাৰত সাধাৰণভাৱে উৎপাদন কৰা চাউলবিধৰ মূল্য ভাৰতীয় মুদ্রাৰ হিচাপত প্রতি কিলোগ্রামত ২০০-২৫০ টকালৈ উঠিল। আনহাতে জৈৱিকভাৱে উৎপাদন কৰা এক কিলোগ্রাম চাউলৰ মূল্য ৪৫০-৫০০ টকা হোৱাও দেখা গ’ল। ক’লা চাউলৰ এনে উৎসাহজনক উত্তৰণ দেখি বর্তমান দক্ষিণ-পূৱ এচিয়াৰ দেশবোৰৰ লগতে ভাৰতবর্ষৰ কৃষকসকলো চাউলবিধৰ প্রতি আগ্রহী উঠিছে।
ভাৰতৰ বহুকেইখন ৰাজ্যত ক’লা চাউল পোৱা যায় যদিও মণিপুৰত বহুবছৰৰ আগৰে পৰা এইবিধ চাউল উপলব্ধ হৈ আছে। ভৌগলিকভাৱে ৰাজ্যখনৰ অৱস্থান দক্ষিণ-পূৱ এচিয়াৰ দেশবোৰৰ ওচৰৰ বাবে ধানবিধ এই দেশবোৰৰপৰা মণিপুৰলৈ অহা বুলি ভাবিব পাৰি। আনহাতে উজনি অসমৰ কেতবোৰ অঞ্চলতো ক’লা চাউল অতি সীমিত ৰূপত পোৱা যায়। অৱশ্যে মণিপুৰৰ চাউলবিধৰ লগত উজনি অসমৰ চাউল কেইবিধৰ কিছু পার্থক্য পৰিলক্ষিত হৈছেসহজে চকুত পৰা এনে পার্থক্যবোৰ হ’ল চাউলবোৰৰ আকাৰ; অসমত দেখা চাউলবোৰতকৈ মণিপুৰৰ চাউলবিধ কিছু দীঘল। ইয়াৰ উপৰি অসমৰ চাউলবোৰৰ Aleurone প্রলেপটোহে ক’লা বৰণৰ যিটো ধান বানোতে সহজে এৰাই যায়। ইয়াৰ বাবে চাউল আৰু পিঠাৰ বাবে কৰা গুৰিখিনি সম্পূর্ণ ক’লা বৰণৰ নহয়। অৱশ্যে ঢেঁকীত খুন্দিলে এনে নহয়। আনহাতে মণিপুৰৰ চাউলৰ Aleurone প্রলেপটোৰ লগতে ভিতৰৰ Endosperm অংশটোও ক’লা আৰু ধান বানোতে ওপৰৰ ক’লা প্রলেপটো থাকি যায়। সেয়ে এনে চাউলৰ গুৰি সম্পূর্ণ ক’লা বৰণৰ হয়।  দুয়োবিধ চাউল গোন্ধযুক্ত যদিও  মণিপুৰৰ চাউল বেছি আঠাযুক্ত। বহুতে চাউলবিধৰ গুণাগুণ বুজাবলৈ ‘জহা-বৰা’ বুলি কোৱা দেখা যায়। আনহাতে অসমৰ চাউলত আঠাৰ পৰিমাণ কম হোৱা দেখা যায়উপযুক্ত গৱেষণাৰ দ্বাৰা এনে পার্থক্যবোৰৰ বিষয়ে ভালদৰে বুজি উঠি অসমৰ বাবে উপযোগী জাত এটা নির্বাচন কৰা প্রয়োজনতদুপৰি ক’লা চাউলৰ অধিক উৎপাদনক্ষম জাত উদ্ভাৱন কৰিব পাৰিলে কৃষকসকল যথেষ্ট উপকৃত হ’ব।   
ক’লা চাউলৰ গুণাগুণৰ বিষয়ে যথেষ্ট গৱেষণা হোৱা দেখা গৈছে। এনে গৱেষণাবোৰৰ ফলাফলবোৰে দেখুৱাইছে যে আমাৰ শৰীৰৰ পৰিপুষ্টিৰ বাবে প্রয়োজন হোৱা সকলোবিধ উপাদান ক’লা চাউল আন বৰণৰ চাউলতকৈ অধিক পৰিমাণে আছেইয়াৰ উপৰিও ক’লা চাউলত পোৱা antioxidant আনবোৰ চাউলত পোৱা পৰিমাণতকৈ প্রায় ছয় গুণ বেছি। বহুমুত্র আৰু হৃদৰোগীৰ বাবে এই চাউল অতি উত্তম। কেন্সাৰৰোগ ৰোধ কৰিব পৰা ক্ষমতাই চাউলবিধক এক নতুন মাত্রা প্রদান কৰিছে। এনে বহুবোৰ গুণৰ বাবে ক’লা চাউলৰ প্রচাৰ আৰু প্রসাৰ ঘটাবলৈ বর্তমান ভাৰত চৰকাৰে কেতবোৰ আঁচনি প্রস্তুত কৰিছে।   

অসমৰ  গোৱালপাৰা জিলাত ইতিমধ্যে ক’লা চাউল জনপ্রিয় হৈ উঠিছে আৰু কৃষকে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও উজনি অসমৰ জিলাকেইখনতো কৃষকে ক’লা চাউলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। তিনিচুকীয়া জিলাত ২০১৫-১৬ বর্ষত ATMA আঁচনিৰ অধীনত ধানবিধৰ প্রদর্শনমূলক খেতি সফলতাৰে কৰা হয়। চলিত বর্ষত জিলাখনৰ বহুতো কৃষকে এইবিধ ধানৰ খেতি নিজাববীয়াকৈ কৰি আছে। আশা কৰা গৈছে যে আগন্তুক দিনত ক’লা চাউলে স্থানীয় বজাৰত ভূমুকি মাৰিবলৈ সক্ষম হ’ব। 



  





  





 ID:: Sadik2crs@yahoo.co.in  Mobile :: 94351 35631 

6 comments:

  1. মূল্যবান লিখা।

    ReplyDelete
  2. This is already present in Manipur for hundread n hudread of years

    ReplyDelete
  3. ভাল লাগিল ।।

    ReplyDelete
  4. চাৰ , আপোনাৰ লিখনিটোৰ পৰা খেতিয়ক ৰাইজ উপকৃত হৱ ৷ চাৰ , মণিপুৰৰ জাতটো অসমৰ খেতিয়কৰ পাৱ পৰাকৈ চৰকাৰৰ ফালৰ পৰা অলপ চেস্টা কৰিলে ৰাইজ উপকৃত হৱ ৷ আপুনি অলপ আগভাগ লৱ বুলি আশা থাকিল ৷

    ReplyDelete