Tuesday 12 April 2016

হুৰুম Hurum, a delicious Rice product of Assam


সেউজী ধৰণী

হুৰুম



ডঃ চাদিকুল হুছেইন

অসমীয়া জা-জলপান বুলিলে যিকেইবিধ খাদ্য-সম্ভাৰৰ কথা মনলৈ আহে তাৰ ভিতৰত হুৰুম অন্যতম। কিছু জটিল পদ্ধতিৰে প্রস্তুত কৰা এইবিধ খাদ্য-সম্ভাৰ আহোমসকলৰ অৱদান সেয়ে হয়তো উজনি অসমত হুৰুমৰ ব্যৱহাৰ বহুলভাৱে হোৱা দেখা যায়। সি যি কি নহওক, দূৰ অতীজৰেপৰা এক উৎকৃষ্টমানৰ জলপান হিচাপে পৰিগণিত হৈ অহা হুৰুম আজিও আমাৰ সমাজত সমাদৃত। কিন্তু এটা কথা মন কৰিছোঁ যে যদিও বর্তমান সময়ত অসমৰ প্রতিখন চহৰতে অসমীয়া জা-জলপান এক লাভজনক উদ্যোগৰূপে গঢ় লৈ উঠিছে তথাপি হুৰুমৰ প্রচলন যেন অতি সীমিত। বহুতেই এইবিধ জলপানৰ প্রস্তুত প্রণালী ভালদৰে নাজানে বাবেই হয়তো এনে হৈছে। উজনি অসমত দেখা যায় যে স্থান ভেদে হুৰুম প্রস্তুত কৰা প্রণালী কিছু সুকীয়াঅৱশ্যে তাৰবাবে সোৱাদৰ বিশেষ তাৰতম্য হোৱা দেখা নাযায়।
হুৰুমৰ বাবে বৰাধানৰ আৱশ্যক। বৰাধানৰ বিশেষত্ব হ’ল যে ইয়াৰ চাউলবোৰ আঠাযুক্ত। অসমৰ কৃষকে বৰাধানৰ বহুকেইটা জাতৰ খেতি কৰে আৰু জাতভেদে এইবোৰত আঠাৰ পৰিমাণ বেলেগ বেলেগ। যিবোৰ বৰাধানৰ আঠা বেছি তেনেবোৰ জাত হুৰুমৰ বাবে উপযোগী। এনে কিছুমান জাত হ’ল ৰঙা বৰা, পাখি বৰা, ক’লা বৰা, ঘিউ বৰা, বকুল বৰা আদি। আমাৰ এই লেখাত তিনিচুকীয়া জিলাত সততে দেখা প্রণালী এটাৰ বিষয়ে ছবিসহ বর্ণনা কৰা হ’ল।
হুৰুম প্রস্তুতকৰণ পদ্ধতি


প্রথমে বৰাধানখিনি তিনিদিনমান পানীত তিয়াই থৈ পাছত পতান আদিবোৰ আঁতৰাই পৰিষ্কাৰ কৰি ল’ব।



কেৰাহীত কিছু পানী লৈ কম জুইত ধানখিনি অলপ অলপকৈ ভপাবমন কৰিব যে প্রতিটো ধানেই যাতে সমানে তাপ পায়। এনেদৰে কিছু সময় ভপোৱাৰ পাছত ধানখিনি সামান্য কোমল হোৱা যেন দেখিলে কাঢ়ি আনি ঠাণ্ডা হ’বলৈ দিব।





এতিয়া ভপাই লোৱা ধানখিনি কুচি আদিৰে লৰাই কেৰাহীত শুকানে এনেদৰে ভাজিব যাতে ধানখিনি ঠিক ফাটো-ফাটো হয়।




এনে অৱস্থাৰ ধানখিনি গামোচা, ডলা আদিত মেলি দি ঠাণ্ডা হ’বলৈ দিব। পাছত ঢেঁকী বা খুন্দনাত খুন্দি চাউলখিনি উলিয়াব।








          
কেৰাহীত বালি গৰম কৰক আৰু গৰম বালিত চাউলখিনি অলপ অলপকৈ দিয়ক



কুচি আদিৰে লাহে লাহে লৰাই ভাজি থাকিলে দেখা যাব যে হুৰুম ফুটি ওলাইছে।




চালনিৰে চালি হুৰমখিনি সংগ্রহ কৰিব





কৃতজ্ঞতা: ‘নিয়ৰ আত্মসহায়ক গোট’, বৰগুৰি, তিনিচুকীয়া

ম’বাইল: ৯৪৩৫১ ৩৫৬৩১ ID: sadik2crs@yahoo.co.in  


No comments:

Post a Comment