Monday 25 April 2016

সুস্থ মাটি সুস্থ জাতি:::Healthy soil --- Healthy nation


সেউজী ধৰণী

সুস্থ মাটি সুস্থ জাতি


ড: চাদিকুল হুছেইন

পৃথিৱীৰ খোলাটোৰ ওপৰৰ অংশটো য’ত ঘাহঁ-বন, গছ-গছনি আদি দেখিবলৈ পাওঁ সেই অংশকে ‘মাটি’ বুলি কওঁ। এই মাটিতে গজি উঠিছে বিভিন্ন তৰু-তৃণ, গছ-গছনি, যাৰ বাবে পৃথিৱীখন হৈ পৰিছে সেউজবুলীয়া। এই মাটিতে গজি উঠিছে নানানবিধ শস্য। লহপহ কৈ বাঢ়ি অহা এই শস্যই যোগান ধৰিছে সমস্ত জীৱকুলৰ নিত্য প্রয়োজনীয় খাদ্য। সেয়ে পৃথিৱীখনক কওঁ- ধৰা, ধৰণী, সেউজী ধৰণী। আনহাতে বিজ্ঞানীসকলৰ মতে মাটি হ’ল খনিজ আৰু জৈৱ পদার্থৰে গঠিত এক ‘সজীৱ’ পদার্থ য’ত বায়ু, পানী আৰু অসংখ্য জীৱ-অণুজীৱৰ উপস্থিতিত উদ্ভিদ জগতখন ঠন ধৰি উঠিছে ।

কিন্তু আমাক ধৰি ৰখা এই ধৰণীখনি যেন আজি অসুস্থ বছৰৰ পাছত বছৰ তৃণ-তৰু, গছ-গছনিক এই মাটিয়েই খাদ্যৰ যোগান ধৰি আহিছে। আনহাতে নগৰ-চহৰবোৰ বাঢ়ি যোৱাৰ লগে লগে খেতিৰ মাটি কমি আহিছে, যাৰ বাবে একেডৰা মাটিত একাধিকবাৰ খেতি কৰিবলগীয়া হৈছে ; মাটিৰ ওপৰত বোজা বাঢ়ি গৈছে ; মাটিত জমা থকা গছৰ পোষক দ্রব্যৰ পৰিমাণ কমি আহিছে। উর্বৰ ধৰণীখন ক্রমে অনুর্বৰ হৈ পৰিছে।
অনুর্বৰ ধৰাক উর্বৰ কৰি তুলিবলৈ আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ। কিন্তু প্রকৃতি প্রদত্ত জৈৱ পদার্থৰ অভাবত আমাৰ প্রচেষ্টা সফল হৈয়ো যেন সফল হ’ব পৰা নাই। কাৰণ আমি নাজানো কোনডোখৰ মাটিত কিমান জৈৱ পদার্থ আছে, কোনবিধ মৌলৰ অভাব ঘটিছে, মাটিডোখৰ আম্লিক নে খাৰুৱা? এনেবোৰ কাৰণত প্রয়োগ কৰা সাৰৰ বাবে মাটিৰ গুণাগুণ নষ্ট হ’বলৈ ধৰিছে আৰু বহুতো অঞ্চলৰ মাটি ৰুগীয়া হৈ প্রায় মৃত অৱস্থা পাইছেগৈ। এইদৰে মাটি ৰুগীয়া হৈ গৈ থাকিলে খাদ্য শস্যৰ উৎপান কমি আহিব ; অনাগত দিনত খাদ্যৰ বাবে হাহাকাৰ কৰিব লাগিব আৰু এদিন হয়তো আমাৰ সেউজীয়া ধৰাখনি জীৱকুলৰ বাবে অনুপয়োগী হৈও পৰিব। সেয়ে আমাৰ মাটিক সুস্থ, সবল ভাবে ৰাখি ভৱিষ্যৎ প্রজন্মক এনে এখন পৃথিৱী উপহাৰ দি যাব লাগিব য’ত তেওঁলোকে পাব সুজলাং, সুফলাং, মলয়জশীতলাং। ইয়াৰ বাবে প্রথমে প্রয়োজন হ’ব আমাৰ মাটিৰ স্বাস্থ্যৰ বিষয়ে ভালদৰে জানি লোৱা।

মাটিৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ তিনিটা উপায় অৱলম্বন কৰা হয়--- চকুৰে চাই, হাতেৰে চুই আৰু সংগ্রহ কৰা মাটিৰ নমুনা পৰীক্ষাগাৰত পৰীক্ষা কৰি। প্রথম উপায় দুটাৰে আমি মাটিডোখৰৰ বিষয়ে প্রাৰম্ভিক ধৰণা এটা কৰিব পাৰোঁ। আনহাতে পৰীক্ষাগাৰত কৰা পৰীক্ষাৰ দ্বাৰা মাটিডোখৰৰ স্বাস্থ্যৰ বিষয়ে সম্পূর্ণ ভাবে বুজি উঠো। সেয়ে চকুৰে চাই আৰু হাতেৰে চুই মাটিৰ স্বাস্থ্যৰ বিষয়ে কিছু কথা বুজি উঠাৰ লগতে মাটিৰ নমুনা পৰীক্ষা কৰি সেই বিষয়ে নিশ্চিত হ’ব লাগে।
সু্স্থ মাটিৰ বৰণ ক’লা বা গাঢ় বৰণৰ। এনে মাটিত যথেষ্ট পৰিমাণে কেঁচু দেখা যায়। গছৰ শিপা নাইবা উদ্ভিদৰ অৱশিষ্টও এনে মাটিত পোৱা যায়। চহ কৰাৰ আগেয়ে এনে মাটিত তাঁৰ এডাল হেচি দিলে অতি সহজে সোমায় যায়। চহ কৰোঁতে এনে মাটিয়ে লদা নাবান্ধে। বৰষুণৰ পাছত এনে মাটিত পানী ডোঙা বান্ধি নাথাকি লাহে লাহে নিগৰি ভিতৰলৈ সোমায় যায়। এনেবোৰ কথা নিৰীক্ষণ কৰি পথাৰখনৰ বিষয়ে কিছু কথা বুজিব পাৰি। কিন্তু মাটিৰ স্বাস্থ্যৰ বিষয়ে সবিশেষ জানিবলৈ নমুনা সংগ্রহ কৰি পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগিব।

পৰীক্ষাৰ বাবে মাটিৰ নমুনা সংগ্ৰহৰ উত্তম সময় হৈছে খৰালি কাল। এই সময়ছোৱাত সংগ্ৰহ কৰা মাটিৰ নমুনা পৰীক্ষা কৰি প্ৰকৃত ফলাফল উলিয়াব পৰা যায়। তাৰবাবে পথাৰখন সৰু সৰু ভাগত ভাগ কৰি ল’ব লাগে। পথাৰৰ কাষৰ পৰা মাটি সংগ্রহ কৰিব নালাগে আৰু সংগ্রহ কৰা স্থানবোৰ অ’ৰ ত’ৰ (Random) হ’ব লাগে নমুনা সংগ্রহ কৰিবলৈ এখন কোৰ নাইবা খুৰপি, এখন বহল কাপোৰ বা কাগজ, পলিথিনৰ বেগ, লেবেল লিখিবলৈ কাগজ আদিৰ আৱশ্যক হ’ব তলত মাটিৰ নমুনা সংগ্রহ কৰা পদ্ধতিৰ বিষয়ে ছবিসহ বর্ণনা কৰা হৈছে।

পৰীক্ষাৰ বাবে মাটিৰ নমুনা সংগ্ৰহ




প্ৰথমে ওপৰৰ ঘাঁহ-বনবোৰ আঁতৰাই মাটিডোখৰ চিকুণাই লব।




 
কোৰেৰে প্রয়োজন হোৱা
গভীৰতালৈকে এছাব মাৰি কোৰত লাগি থকা মাটিখিনি আঁতৰাই লব।
  



এতিয়া বিপৰীত ফালৰ পৰা এচাব  মাৰি কোৰৰ মাটিখিনি আঁতৰাই লব

 ভিতৰৰ গাঁতটো ইংৰাজীৰ V আকাৰৰ হ’ল।

এই গাঁতটোৰ দুয়ো কাষৰ পৰা আধা ইঞ্চিমান ডাঠ মাটি কোৰ বা খুৰপিৰে চুৰুকি আনি    সংগ্রহ কৰিব






  

এইদৰে কেইবা ঠাইৰপৰা সংগ্রহ কৰা মাটিখিনি বহল কাগজখনত মেলি শিপা আদিবোৰ আঁতৰাব












চাফা মাটিখিনি ভালদৰে মিহলাই চাৰি ভাগ কৰি বিপৰীত দিশৰ মাটিখিনি পেলাই দিব







  





এই মাটি খিনিও আগৰ দৰেই চাৰিভাগ কৰি বিপৰীত দিশৰ মাটিখিনি পেলাই দিব।




এইদৰে তিনি-চাৰিবাৰমান কৰাৰ পাছত মাটি ২৫০ গ্রাম মানলৈ কমাই সেই ডৰাটোৰ প্রতিনিধিত্বমূলক নমুনা এটা সংগ্রহ কৰি মোনাত ভৰাব।







লেবাল এখনত কৃষকৰ নাম-ঠিকনা, সংগ্রহ কৰা তাৰিখ, আগেয়ে কৰা শস্যৰ নাম, কৰিব বিচৰা শস্যৰ নাম, আগেয়ে সাৰ প্রয়োগ কৰা হৈছিল নেকি? আদি তথ্যপাতি লিখি বেগত ভৰাই পৰীক্ষাগাৰলৈ পঠিয়াব।

  




বিজ্ঞানীসকলে মাটি পৰীক্ষা কৰি তাৰ ফলাফলৰ লগতে মাটিডোখৰত বিভিন্ন শস্যৰ বাবে আৱশ্যক হোৱা সাৰৰ পৰিমাণ এখন কাগজত লিখিতৰূপত দিব এই কাগজখনক Soil Health Card কোৱা হয়।




·       সমান মাটি হ’লে তিনি বিঘা মাটিৰ বাবে এনে এটা নমুনা প্রস্তুত কৰিব লাগে
·       অসমান মাটি হ’লে দ’ আৰু বাম অঞ্চলৰ বাবে বেলেগ বেলেগ নমুনা প্রস্তুত কৰিব লাগে
·       সংগ্রহ কৰা মাটিখিনি ৰ’দত শুকুৱাব নালাগে
·       নতুনকৈ চহ নাইবা সাৰ দিয়া মাটি, পথাৰৰ আলি, খাল-ডোং, পুখুৰী, গছৰ তল, গোহালিৰ কাষ আদিৰ পৰা মাটি সংগ্রহ কৰিব নালাগে
·       এই ফলাফল তিনিবছৰৰ বাবে প্রযোজ্যইয়াৰ পাছত আকৌ পৰীক্ষাৰ দ্বাৰা মাটিৰ স্বাস্থ্যৰ বিষয়ে জানি লৈ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব লাগিব।
মাটি পৰীক্ষা পাছত যোগান ধৰা Soil Health Card-ৰ পৰামর্শসমূহ  যথাযথভাবে পালন কৰিব লাগে। কেৱল মাত্র ৰাসায়নিক সাৰ প্রয়োগ কৰিলে জৈৱ পদার্থৰ অভাৱত মাটিৰ গুণাগুণ নষ্ট হ’ব পাৰে। সেইবাবে সেউজসাৰ, পচন সাৰ, কেঁচুসাৰ, আদি প্রয়োগ কৰি মটিত জৈৱ পদার্থ বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগেইয়াৰ উপৰি জীৱাণুসাৰ ব্যৱহাৰ কৰি মাটিক সজীৱ কৰি তুলিব লাগে। আশা কৰা গৈছে যে কৃষকসকলে Soil Health Card জৰিয়তে মাটিৰ স্বাস্থ্যৰ বিষয়ে বুজি উঠি মাটিক সুস্থ তথা সজীৱৰূপত ৰখাৰ লগতে আমাক এটা সুস্থ জাতি হিচাপে জীয়াই থকাত সহায় কৰিব।
-----------------------------------------------------------------------------


Tuesday 12 April 2016

হুৰুম Hurum, a delicious Rice product of Assam


সেউজী ধৰণী

হুৰুম



ডঃ চাদিকুল হুছেইন

অসমীয়া জা-জলপান বুলিলে যিকেইবিধ খাদ্য-সম্ভাৰৰ কথা মনলৈ আহে তাৰ ভিতৰত হুৰুম অন্যতম। কিছু জটিল পদ্ধতিৰে প্রস্তুত কৰা এইবিধ খাদ্য-সম্ভাৰ আহোমসকলৰ অৱদান সেয়ে হয়তো উজনি অসমত হুৰুমৰ ব্যৱহাৰ বহুলভাৱে হোৱা দেখা যায়। সি যি কি নহওক, দূৰ অতীজৰেপৰা এক উৎকৃষ্টমানৰ জলপান হিচাপে পৰিগণিত হৈ অহা হুৰুম আজিও আমাৰ সমাজত সমাদৃত। কিন্তু এটা কথা মন কৰিছোঁ যে যদিও বর্তমান সময়ত অসমৰ প্রতিখন চহৰতে অসমীয়া জা-জলপান এক লাভজনক উদ্যোগৰূপে গঢ় লৈ উঠিছে তথাপি হুৰুমৰ প্রচলন যেন অতি সীমিত। বহুতেই এইবিধ জলপানৰ প্রস্তুত প্রণালী ভালদৰে নাজানে বাবেই হয়তো এনে হৈছে। উজনি অসমত দেখা যায় যে স্থান ভেদে হুৰুম প্রস্তুত কৰা প্রণালী কিছু সুকীয়াঅৱশ্যে তাৰবাবে সোৱাদৰ বিশেষ তাৰতম্য হোৱা দেখা নাযায়।
হুৰুমৰ বাবে বৰাধানৰ আৱশ্যক। বৰাধানৰ বিশেষত্ব হ’ল যে ইয়াৰ চাউলবোৰ আঠাযুক্ত। অসমৰ কৃষকে বৰাধানৰ বহুকেইটা জাতৰ খেতি কৰে আৰু জাতভেদে এইবোৰত আঠাৰ পৰিমাণ বেলেগ বেলেগ। যিবোৰ বৰাধানৰ আঠা বেছি তেনেবোৰ জাত হুৰুমৰ বাবে উপযোগী। এনে কিছুমান জাত হ’ল ৰঙা বৰা, পাখি বৰা, ক’লা বৰা, ঘিউ বৰা, বকুল বৰা আদি। আমাৰ এই লেখাত তিনিচুকীয়া জিলাত সততে দেখা প্রণালী এটাৰ বিষয়ে ছবিসহ বর্ণনা কৰা হ’ল।
হুৰুম প্রস্তুতকৰণ পদ্ধতি


প্রথমে বৰাধানখিনি তিনিদিনমান পানীত তিয়াই থৈ পাছত পতান আদিবোৰ আঁতৰাই পৰিষ্কাৰ কৰি ল’ব।



কেৰাহীত কিছু পানী লৈ কম জুইত ধানখিনি অলপ অলপকৈ ভপাবমন কৰিব যে প্রতিটো ধানেই যাতে সমানে তাপ পায়। এনেদৰে কিছু সময় ভপোৱাৰ পাছত ধানখিনি সামান্য কোমল হোৱা যেন দেখিলে কাঢ়ি আনি ঠাণ্ডা হ’বলৈ দিব।





এতিয়া ভপাই লোৱা ধানখিনি কুচি আদিৰে লৰাই কেৰাহীত শুকানে এনেদৰে ভাজিব যাতে ধানখিনি ঠিক ফাটো-ফাটো হয়।




এনে অৱস্থাৰ ধানখিনি গামোচা, ডলা আদিত মেলি দি ঠাণ্ডা হ’বলৈ দিব। পাছত ঢেঁকী বা খুন্দনাত খুন্দি চাউলখিনি উলিয়াব।








          
কেৰাহীত বালি গৰম কৰক আৰু গৰম বালিত চাউলখিনি অলপ অলপকৈ দিয়ক



কুচি আদিৰে লাহে লাহে লৰাই ভাজি থাকিলে দেখা যাব যে হুৰুম ফুটি ওলাইছে।




চালনিৰে চালি হুৰমখিনি সংগ্রহ কৰিব





কৃতজ্ঞতা: ‘নিয়ৰ আত্মসহায়ক গোট’, বৰগুৰি, তিনিচুকীয়া

ম’বাইল: ৯৪৩৫১ ৩৫৬৩১ ID: sadik2crs@yahoo.co.in