Tuesday 10 November 2015

এবিধ মেৰুদণ্ডহীন প্রাণী আৰু শস্য শ্যমলা বসুন্ধৰা:: On Earthworm


সেউজী ধৰণী                   
এবিধ মেৰুদণ্ডহীন প্রাণী আৰু শস্য শ্যমলা বসুন্ধৰা
দ্বিতীয় খণ্ড
ডঃ চাদিকুল হুছেইন



কেঁচুৰ বিষয়ে যৎকিঞ্চৎ
     কেঁচু এবিধ মেৰুদণ্ডহীন প্রাণীএইবিধ প্রাণী সাধাৰণতে মাটিত থাকে। সেয়ে ইংৰাজীত ইহঁতক Earthworm বোলা হয় অৱশ্যে পানী নাইবা গছতো কেঁচু দেখা যায় বিজ্ঞানীসকলৰ মতে কেঁচু পৃথিৱীৰ প্রায় ২০ লাখ বছৰৰ পুৰণি বাসিন্দা। প্রাণী জগতৰ Annelida পর্বৰ অন্তৰ্গত এইবিধ প্রাণী ২৩টা গোত্রত (family) আৰু প্রায় ৭০০ মান জাতিত (genera) বিভক্ত। এতিয়ালৈকে পৃথিৱীত কেঁচুৰ ৭০০০ বিধমান প্রজাতি (Species)ৰ সম্ভেদ পোৱা গৈছে। ভাৰতবর্ষত নটা গোত্রৰ অন্তর্গত প্রায় ৪০০ বিধমান প্রজাতি পোৱা যায় ইয়াৰে Lampito mauritii ৰ প্রাদূর্ভাব বেছিএইবিধৰ উপৰিও ভাৰতবর্ষত পোৱা আন উল্লেখযোগ্য কেঁচুবোৰ হ’ল Polypheretima elongata, Perionyx excavatus, Pontoscolex corethrurus ,  Dichogaster bolaui আদি ।
     কেঁচুৰ দেহটো লেহুকা প্রজাতি অনুসৰি ইহঁতৰ দৈর্ঘ্য ১০ মিলি মিটাৰৰপৰা ৩ মিটাৰ পর্যন্ত হোৱা দেখা যায় অৱশ্যে আফ্রিকা মহাদেশত পোৱা এটা প্রজাতিৰ দৈর্ঘ্য ৬.৭ মিটাৰ অর্থাৎ প্রায় ২২ ফুট। কেঁচুৰ দেহটো কিছু বলয় বা খাৰুৰ সমষ্টিপ্রজাতি অনুসৰি এনে বলয়ৰ সংখ্যা ১০০-১৫০ হোৱা দেখা যায়, যিবোৰৰ সংকোচন-প্রসাৰণ ঘটাই ইহঁতে চলা-ফুৰা কৰে এনে বলয়ৰ বাবেই প্রাণী জগতৰ শ্রেণী বিভাজনত কেঁচুৰ পর্বটোৰ নাম দিয়া হৈছে Annelidaইংৰাজীত ইয়াৰ অর্থ হ’ল Ringed
দৈহিক পৰিশ্রমৰ লগতে খাদ্যৰ পৰিপাক আদি কার্যত ইহঁতৰ দেহৰপৰা যথেষ্ট পৰিমাণৰ পানী ব্যয় হয়। এইদৰে ব্যয় হোৱা পানীৰ পৰিমাণ পূৰণ কৰিবলৈ কেঁচুক যথেষ্ট পানীৰ প্ৰয়োজনসেয়ে ইহঁতে সেমেকা জীপাল আৰ্দ্ৰ মাটিত বাস কৰেঅৱশ্যে কোনো এটুকুৰা ঠাইত কেঁচুৰ উপস্থিতি তথা বিস্তাৰ নির্ভৰ কৰে মাটিৰ গঠন, উষ্ণতা তথা আর্দ্রতা , মাটিৰ PH , খাদ্যৰ ভাণ্ডাৰ, বতাহ চলাচলৰ সুবিধা আদিৰ ওপৰত এই সকলোবোৰৰ ভিতৰত মাটিৰ PH অর্থাৎ মাটি টুকুৰা খাৰুৱা নে আম্লিক এই গুণটোৰ প্রভাৱ বেছি । অধিক খাৰুৱা কিম্বা আম্লিক মাটি কেঁচুৰ প্রিয় নহয় অৱশ্যে Dendrobaena octaedra নামৰ কেঁচুবিধ অতি আম্লিক (PH ৪.৫ ) মাটিতো দেখা যায় সেইদৰে অতি খাৰুৱা মটিত থকা কেঁচুৰ প্রজাতিও পোৱা গৈছে এনে কিছু ব্যতিক্ৰমক বাদ দি দেখা যায় যে PH  ৬ - ৭.৮ ভিতৰত থকা মাটি কেঁচুৰ প্রিয়আনহাতে মাটিৰ আম্লিক গুণ বৃদ্ধি পালে কেঁচু সুপ্ত (diapauses) অৱস্থালৈ যায়।
     জৈৱ পদার্থৰ পচা অথবা আধা পচা অংশ, মাটিৰ ক্ষুদ্র কণা আদি কেঁচুৰ খাদ্য। ইহঁতে প্রতি দিনে নিজৰ দেহৰ ওজনৰ সমান খাদ্য গ্ৰহণ কৰে আৰু তাৰে প্রায় ৫০% বিষ্ঠা হিচাপে ত্যাগ কৰে। এই বিষ্ঠাখিনিক কেঁচুমটা কোৱা হয়। খাদ্যনলীৰ ভিতৰত ঘটা কেতবোৰ জটিল জৈৱ-ৰাসায়নিক ক্রিয়াৰ বাবে বিষ্ঠাবোৰ গোন্ধহীন হৈ পৰাৰ লগতে ইবোৰৰ PH  ৭ বা তাৰ আশে-পাশে থাকে অর্থাৎ কেঁচুমটাবোৰ আম্লিক বা খাৰুৱা গুণ সম্পন্ন নহয়বিজ্ঞানীসকলৰ মতে এক একৰ অর্থাৎ তিনি বিঘা মাটিত বিভিন্ন প্রজাতিৰ ১০ লাখমান কেঁচু থাকিব পাৰে আৰু উপযুক্ত পৰিৱেশত প্রতি বছৰে প্রজাতি অনুসৰি ৭-১৮ টন কেঁচুমটা ভূ-পৃষ্ঠত জমা কৰিব পাৰে আন এক তথ্য অনুসৰি কেঁচুৱে প্রতি বর্গ মিটাৰ মাটিত বছৰি ১০ কিলোগ্রাম কেঁচুমটা জমা কৰে, য’ৰ পৰা ০.৫ চেঃমিঃ top soil গঠন হ’ব পাৰে
      কেঁচুৱে মাটিত বাস কৰে যদিও খাদ্য আৰু কেতবোৰ চৰিত্রৰ ওপৰত নির্ভৰ কৰি ভূ-গর্ভত ইহঁতৰ আৱাসস্থল সুকীয়াএনে আৱাসস্থলৰ ভিত্তিত কেঁচু তিনি ভাগত ভাগ কৰা হৈছেএই ভাগকেইটা হ’ল Epigeic, Endogeic আৰু Anecic
১) Epigeic :- যিবোৰ কেঁচু ভূ-পৃষ্ঠৰ ঠিক তলতে পোৱা যায় সেইবোৰক Epigeic কোৱা হয় এইটো এটা গ্রীক শব্দ, যাৰ ইংৰাজী অর্থ হ’ল upon the earth অর্থাৎ মাটিৰ ওপৰত। সেইবাবে এইবিধ কেঁচুক Surface dwellers বোলা হয় ইহঁতে পচা গছ-পাত, গোবৰ-জাবৰৰ দ’ম আদিতে বিচৰণ কৰি থাকে; মাটিৰ ভিতৰ ভাগলৈ বৰকৈ নাযায়। প্রজাতি অনুসৰি ইহঁতৰ দৈর্ঘ্য ১০-২০ চেঃ মিটাৰমান হয় দেহৰ বৰণ ৰঙচুৱা আৰু ওপৰত গাঢ় ৰঙৰ দাগ থাকে ভূ-পৃষ্ঠৰ ওচৰতে থাকে বাবে বায়ু মণ্ডলত ঘটা উষ্ণতা আৰু আর্দ্রতাৰ পৰিবর্তন সহ্য কৰিব পাৰেএইবিধ কেঁচুৱে বৰ খৰকৈ চলা-ফুৰা কৰিব পাৰে, যাৰ বাবে  চৰাই-চিৰিকটি আদিৰ আক্রমণৰপৰা ৰক্ষা পাবলৈ সক্ষম হয় জীৱন কাল চুটি, ১-২ বছৰ কিন্তু বংশবৃদ্ধি বৰ খৰকটীয়া; এবছৰত এডাল কেঁচুৱে এশৰো অধিক ক’কন (cocoon) দিয়েউদাহৰণ : Dendrobaena octaedra, D. attemsi, D. rubidus, Eiseniella tetraedra, Heliodrilus oculatus and Lumbricus rubellus আদি ।


২) Endogeic :- যিবোৰ কেঁচু ভূ-পৃষ্ঠৰপৰা প্রায় ৪০ চে: মিটাৰ তলত অর্থাৎ মাটিৰ topsoil ভাগত পোৱা যায় সেইবোৰক Endogeic (within the earth) বোলা হয়। সাধাৰণ ভাবে এইবোৰক topsoil dwellers কয় অত্যন্ত বেছি পোহৰ সংবেদনশীল এইবিধ কেঁচুৱে ভূ-পৃষ্ঠৰ প্রায় সমান্তৰালকৈ গাঁত বা ছিদ্র কৰি থাকেঅৱশ্যে খাদ্যৰ অন্বেষণত নাইবা বৰষুণৰ বতৰত কেতিয়াবা ওপৰলৈ ওলাই আহিব পাৰে ইহঁতে বৰ খৰকৈ চলা-ফুৰা কৰিব নোৱাৰে; মাটিৰ ক্ষুদ্র কণিকা আৰু ইয়াত থকা জৈৱ পদার্থ খাদ্য হিচাপে গ্রহণ কৰি গাঁতৰ ভিতৰতে থাকেএইবিধ কেঁচুৰ বৰণ শেতা, দেহত কোনো দাগ নাথাকে, দৈর্ঘ ৩-৩০ চে: মিটাৰমানলৈকে হয় জীৱন কাল কিছু দীঘলীয়া, ৩-৫ বছৰ বংশবৃদ্ধি লেহেম, এবছৰত প্রায় ১০ টা মান ক’কন দিয়েউদাহৰণ:-Allolobophora chlorotica, Apporectodea caliginosa, A. icterica, A.rosea, Murchieona muldali, Pontoscolex corethrurus and Lampito mauritii আদি


৩) Anecic :-  যিবোৰ কেঁচু ভূ-পৃষ্ঠৰপৰা প্রায় ৩-৪ মিটাৰ তলত অর্থাৎ subsoil ভাগত পোৱা যায় সেইবোৰক Anecic (out of the earth) কোৱা হয়সাধাৰণভাবে এইবিধক subsoil dwellers বোলা হয়এইবিধ কেঁচু ১৫-৪৫ চে:মিটাৰ দীঘল হয় আৰু সেই অনুযায়ী ইহঁতৰ ব্যাসাদ্ধ ২ চে: মিটাৰ পর্যন্ত হোৱা দেখা যায়ইহঁতৰ ছিদ্রবোৰ দীঘলীয়া আৰু ভূ-পৃষ্ঠত উলম্বভাবে থাকেদেহৰপৰা বাহিৰ হোৱা শ্লেষ্মাজাতীয় পদার্থই ছিদ্রবোৰৰ ভিতৰ ভাগত এটা প্রলেপ সৃষ্টি কৰে, যাৰ বাবে ইহঁতৰ দীঘলীয়া ছিদ্রবোৰ খহি নপৰি স্থায়ী ৰূপত থাকেছিদ্রৰ মুখত দেখা দিয়া কেঁচুমটাৰ বাবে মাটিত ইহঁতৰ উপস্থিতি সহজে বুজিব পৰিইহঁতে নিশা ভূ-পৃষ্ঠলৈ আহি আধা পচা জৈৱ পদার্থ সংগ্রহ কৰি ভিতৰলৈ লৈ যায়। সেইবাবে ইহঁতক ইংৰাজীত nightcrawlers বুলিও কয় উদাহৰণ :- Lumbricus terrestris, Apporectodea longa আদি ।
                                                   [আগলৈ]
শেষ অংশ:  http://sadik2crs.blogspot.in/2015/11/on-earthworm_17.html

             [চিত্রসমূহ ইণ্টাৰনেটৰপৰা লোৱা হৈছে] 

No comments:

Post a Comment