Saturday 5 December 2015

কৃষকৰ মাটিৰ অপাৰ ৰহস্য ভেদি: On Soil...


সেউজী ধৰণী




কৃষকৰ মাটিৰ অপাৰ ৰহস্য ভেদি




ডঃ অৰুন্ধতী বৰদলৈ

      বাৰিষাৰ বৰষুণজাকৰ পাছতে লাহে লাহে গাঢ় হৈ অহা পথাৰৰ সেউজীয়া ৰঙে আঘোণত সোণোৱালী ৰঙ বিয়পাই কৃষকৰ ভঁৰালত প্রৱেশ কৰেহি। শীতৰ প্রকোপত লঠঙা হৈ পৰা গছৰ ডালবোৰ বসন্তত সেউজীয়া ৰং লৈ বতৰৰ পৰিবর্তনৰ আভাস দিয়ে। মৌ-মাখিৰ সহযোগত ফুলৰ পৰাগযোগ ঘটে, চৰায়ে কীট-পতংগ খাই কৃষকৰ ফচল ৰক্ষা কৰে, মাইক’ৰাইজা নামৰ ভেঁকুৰবিধ থাকিলেহে মনোমোহা অর্কিড ফুল ফুলিব পাৰে---এইদৰে অলেখ অপাৰ ৰহস্য অনৰবৰতে প্রকৃতি ৰাজ্যত ঘটিব ধৰিছে আৰু ভৱিষ্যতেও এইদৰেই ঘটি থাকিব। পৃথিৱীৰ উপৰিভাগত প্রকৃতিৰ ৰহস্যই যিদৰে ক্রিয়া কৰি আছে, ঠিক একেদৰে মাটিৰ সেউজীয়া আচ্ছাদনৰ তলতো প্রকৃতিয়ে অনন্য এখন বিস্ময়কৰ জগতৰ সৃষ্টি কৰি ৰাখিছে। পাঠকসকল, কেতিয়াবা ভাবিছেনে গছৰ পাত, মৰা জীৱ-জন্তু আদি মাটিত কিদৰে জহি-খহি নিঃছিহ্ণ হৈ পৰে। সুস্বাদু ফল-মূলবোৰে বাৰু মাটিৰ পৰা এনে কি আহৰণ কৰে, যিয়ে আমাৰ জিভাক সোৱাদ দিয়াৰ লগতে শৰীৰৰ প্রয়োজনীয় শক্তিৰো যোগান ধৰে। খেতি প্রধানকৈ কেৱল মাটিতহে কিয় কৰা হয় ? ---এনে অনেক প্রশ্নৰ সন্মূখীন কেতিয়াবা হৈছেনে? এনেবোৰ প্রশ্নৰ উত্তৰ বিচাৰি আমি আজি যাত্রা কৰিম সেউজীয়া আচ্ছাদনৰ তলত অবিৰত ক্রিয়া কৰি থকা প্রকৃতিৰ মাটিৰ কাৰখানাৰ ৰহস্যময় জগতলৈ।
      মাটি, সেয়া লাগিলে কৃষকৰ পথাৰেই হওক অথবা চাহৰ বৃহৎ বাগিচাই হওক, ঝুমখেতিৰ এৰি অহা পথাৰেই হওক কিম্বা 
ৰঙাচানেকীয়া পাহাৰেই হওক, সৃষ্টি মূলতঃ একেধৰণেৰেই; উপাদানহে বেলেগ বেলেগ। ক’লাচানেকীয়া মাটিক আমি সাৰুৱা মাটি বুলি আখ্যা দিও। অর্থাৎ ক’লাচানেকীয়া মাটিত জৈৱিক পদার্থৰ পৰিমাণ বেছি থাকে, যিয়ে শস্যৰ বীজ ফুটি গছ হ’বলৈ অফুৰন্ত খাদ্যৰ যোগান ধৰে। মাটিত খাদ্য সঞ্চিত হৈ থাকে কার্বন, নাইট্র’জেন, ফচফ’ৰাচ, পটাছিয়াম, কেলচিয়াম, মেগনেচিয়ামকে আদি কৰি বিশটা অতি আৱশ্যকীয় খাদ্যমৌলৰ ৰূপত। সাৰুৱা মাটিত আৱশ্যকীয় খাদ্যমৌলৰ লগতে বৃহৎ সংখ্যক অণুজীৱই বাস কৰে।, যিয়ে এই খাদ্যমৌলসমূহক গছৰ শিপাই পাব পৰা পৰিৱেশ ৰচনা কৰে। এই সমূহ মৌল আৰু অণুজীৱই এক সমতা ৰক্ষা কৰি উদ্ভিদৰ ভৰণ-পোষণ কৰাৰ লগতে বীজ অথবা ফল প্রস্তুত কৰালৈকে খাদ্যৰ যোগান ধৰি থাকে। যেতিয়াই মাটিয়ে খাদ্যৰ যোগান ধৰিব নোৱাৰা হয় তেতিয়াই গছজোপা পুষ্টিহীনতাত ভোগে, যাৰ বাবে বীজ বা ফলৰ গুণাগুণৰ অৱনতি ঘটে। কোনো কাৰণত খাদ্যমৌল আৰু অণুজীৱৰ সমতা ইফাল-সিফাল হ’লেও গছজোপা পুষ্টিহীনতাত ভূগিব পাৰে।

পুষ্টিহীনতাত ভোগা এজোপা গছ
   
 জন্ম হ’লে মৃত্যু ঘটিবই, আদি থাকিলে অন্ত থাকিবই। এইয়াই হ’ল প্রকৃতিৰ চিৰন্তন সত্য। মাটিত খাদ্যমৌলৰ ভঁৰালো বছৰে বছৰে খেতি কৰি অহাৰ ফলত ক্রমে সংকুচিত হ’বলৈ ধৰিলে। ইয়াৰ লগে লগে কৃষকৰ পথাৰত উৎপাদনো কমি আহিলকিন্তু বিজ্ঞানৰ চমকপ্রদ আবিষ্কাৰসমূহে এই সমস্যাৰ অন্ত পেলালে। ৰাসায়নিক সাৰৰ আবিষ্কাৰে অপুষ্টিত ভোগা শস্য ঠন ধৰি উঠাত সহায় কৰিলে। কিন্তু অধিক লাভৰ আশাত, অধিক উৎপাদন পোৱাৰ মোহত এক শ্রেণী কৃষকে যধেমধে এই ৰাসায়নিক সাৰসমূহ মাটিত প্রয়োগ কৰিব ধৰিলে। এই সাৰবোৰ মুঠেই প্রাকৃতিক নহয়। অধিক মাত্রাত এনেবোৰ সাৰ ব্যৱহাৰ কৰাৰ ফলত প্রকৃতিৰ খাদ্যমৌল–আণুজীৱৰ সমতাক বেয়াকৈ ক্ষতিগ্রস্ত কৰিব ধৰিলে। অর্থাৎ লাহে লাহে মাটিত অণুজীৱৰ পৰিমাণ কমি আহিব ধৰিলে। ফলস্বৰূপে যিমানেই অধিক মাত্রাত এই কৃত্রিম সাৰ ব্যৱহাৰ হ’বলৈ ধৰিলে সিমানেই শস্যই এই সাৰ আহৰণ কৰিব নোৱৰা এক পৰিস্থিতি সৃষ্টি হ’ব ধৰিলে। আনহাতে অতি মাত্রাৰ ৰাসায়নিক সাৰে মাটিৰ গঠনত বিৰূপ প্রতিক্রিয়া ঘটাবলৈ ধৰিলে। তেনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা কমি যোৱাৰ লগতে খাদ্যমৌল যোগান ধৰিব নোৱৰা হ’ল। ক্রমান্বয়ে সাৰুৱা মাটিডৰা অনুর্বৰ মাটিত পৰিণত হ’ল।  
              
                                                    

  প্রকৃতিৰ ৰহস্যত হাত দি একাংশলোকে কৃষিভূমিৰ অকল্পনীয় ক্ষতিসাধন কৰিছে। অৱশ্যে এনে ক্ষতি ৰোধ কৰিবলৈ অথবা মাটিৰ ভঁৰালক প্রাকৃতিকভাবে টনকিয়াল কৰিবলৈ প্রচুৰ পৰিমাণৰ জৈৱিক পদার্থ, পচনসাৰ, কেঁচুসাৰ, সেউজসাৰ, জীৱাণুসাৰ আদি মাটিত প্রয়োগ কৰি অনুর্বৰ মাটিক পোনৰ উর্বৰ কৰিব পৰা যায়। এই ব্যৱস্থাসমূহ সময় থাকোতেই হাতত লৈ ৰাসায়নিক সাৰৰ ব্যৱহাৰ কম কৰিব পাৰিলেহে প্রকৃতিৰ বিস্ময়কৰ ৰহস্যত আমিও আংশীদাৰ হ’ব পাৰিম। লগতে যিমান দিন এই পৃথিৱীখনি জীয়াই থাকিব সিমান দিন কৃষকৰ পথাৰৰ মাটিত অর্ন্তনিহীত ৰহস্যই আমাক পুষ্টি প্রদান কৰি থাকিব। মানৱজাতি তথা জীৱকুলক জীয়াই ৰাখিব।



                           
বি:দ্র: ছবিসমূহ ইণ্টাৰনেটৰপৰা লোৱা হৈছে
ম’বাইল: ৯৪০১৬-২৯৯৬৭


Tuesday 17 November 2015

এবিধ মেৰুদণ্ডহীন প্রাণী ::On earthworm


সেউজী ধৰণী                   
এবিধ মেৰুদণ্ডহীন প্রাণী আৰু শস্য শ্যমলা বসুন্ধৰা
শেষ খণ্ড
ডঃ চাদিকুল হুছেইন
মাটিৰ গুণাগুণ বৃদ্ধি কৰাত কেঁচুৰ ভূমিকা
বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষাৰ অন্তত নিশ্চিত হৈছে যে মাটিৰ গুণাগুণ উন্নত কৰি কৃষিভূমি সজীৱ কৰি তোলাত কেঁচুৰ ভূমিকা অপৰিসীম ভূ-ভাগৰ বিভিন্ন স্থানত পোৱা এই তিনিওবিধ কেঁচুৱে মাটিৰ ভৌতিক আৰু ৰাসায়নিক গুণ যিদৰে উন্নত কৰে তালৈ লক্ষ্য কৰি বহুতে ইহঁতক ‘ecosystem engineers’ বুলি কয়। কেঁচুৱে যি গাঁত বা ছিদ্র কৰে সেইবোৰৰ মাজেৰে পানী সহজে মাটিৰ ভিতৰলৈ নিগৰি যায়, যাৰ বাবে ভূ-পৃষ্ঠৰ ভিতৰ ভাগ জীপাল হৈ থাকে আৰু গছ-গছনি পানীৰ অভাৱত নপৰেআনহাতে এইদৰে পানী মাটিৰ ভিতৰলৈ গতি কৰাৰ বাবে বৈ যোৱা পানীৰ কাৰণে ভূ-পৃষ্ঠৰ মাটিৰ যি ক্ষয় (soil erosion) হোৱাৰ যি সম্ভাৱনা থাকে সেয়া হ্রাস পায়ইয়াৰ উপৰি ভূ-পৃষ্ঠৰ পানী মাটিৰ ভিতৰলৈ গতি কৰাৰ কাৰণে ভিতৰ ভাগ কোমল হৈ থাকে, যাৰ বাবে গছৰ শিপা মাটিৰ বহু ভিতৰলৈকে সহজে সোমাব পাৰে
কেঁচুৱে জৈৱ আৱর্জনাবোৰ ভক্ষণ কৰি প্রদূষণমুক্ত পৰিৱেশ সৃষ্টি কৰাৰ লগতে মাটি সাৰুৱা কৰি তোলে। কেঁচুৰ বিষ্ঠা অর্থাৎ কেঁচুমটাত শস্যৰ বাবে আৱশ্যকীয় মূখ্য মৌলকেইবিধৰ উপৰিও বহুকেইটা গৌণ মৌলও থাকে। দেখা গৈছে যে যি টুকুৰা মাটিত কেঁচুৱে বাস কৰে সেই মাটিৰ তুলনাত কেঁচুমটাত ৫ গুণ অধিক নাইট্র’জেন, ৭ গুণ অধিক ফছফৰাছ আৰু ১১ গুণ অধিক পটাছ পোৱা যায় । আনহাতে কেঁচুমটাৰ ওপৰত থকা তৈলজাতীয় পদার্থৰ প্রলেপৰ বাবে প্রয়োজনীয় মৌলবোৰ অতি লাহে লাহে শস্যৰ বাবে উপলব্ধ হৈ থাকেইয়াৰ উপৰিও কেঁচুমটাৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা যথেষ্ট বেছি। সেইবাবে অধিক পৰিমাণৰ কেঁচুমটা থকা মাটিত শস্য পানীৰ অভাৱত নপৰে।
কেঁচুৰ দেহৰপৰা নির্গত হোৱা ৰসত শস্যৰ শ্রীবৃদ্ধিৰ বাবে প্রয়োজনীয় হোৱা বহুকেইটা মৌলৰ উপৰিও অক্সিন, চাইট’কিনিন আদি হৰমন পোৱা যায় । সেই কাৰণে কেঁচুৰ ৰস (Vermiwash) জুলীয়া সাৰ হিচাপে উৎকৃষ্টআনহাতে কেঁচুৰ ৰসত বীজাণুনাশক গুণ থকাৰ বাবে শস্যৰক্ষাৰ কাৰণেও ব্যৱহাৰ কৰিব পৰা যায়

কেঁচুৰ ওপৰত কৃষিকার্যৰ প্রভাৱ আৰু ইয়াৰ প্রতিকাৰ
     খাদ্য উৎপাদনৰ প্রয়োজনত মানুহে বিভিন্ন কার্য কৰিবলগীয়া হয়এই কার্যবোৰকে কৃষিকার্য বুলি কওঁ। দেখা গৈছে যে এনে কার্যবোৰৰ বাবে কেঁচুৰ আৱাসস্থল তথা জীৱন-চক্রত বিৰূপ প্রভাৱ পৰে, যাৰ বাবে মাটিত ইহঁতৰ সংখ্যা কমিবলৈ লয়। এই দিশত লাভ কৰা কেতবোৰ গৱেষণালব্ধ তথ্য তলত চমুকৈ উল্লেখ কৰা হ’ল।
ক) খেতি কৰিবলৈ যাওঁতে প্রথমে মাটিডোখৰ চহ কৰা হয়। গৱেষণাসমূহে দেখুৱাইছে যে মাটি চহ কৰা কার্য কৃষিৰ কাৰণে অপৰিহার্য যদিও ইয়াৰ বাবে পৰিস্থিতি তন্ত্রত অনেক কু-প্রভাৱ পৰে। এনে কু-প্রভাৱবোৰৰ ভিতৰত কেঁচুৰ আৱাসস্থলৰ ক্ষতিসাধন অন্যতমট্রেক্টৰ আৰু আন যন্ত্রচালিত সঁজুলি ব্যৱহাৰ কৰিলে এই সমস্যা বেছি প্রকট হয়। এনে সমস্যাবোৰলৈ লক্ষ্য ৰাখি বর্তমান বহুতো বিজ্ঞানীয়ে বিনা চহ (Zero tillage) অথবা কম চহ (Reduced tillage)ৰ ওপৰত গুৰুত্ব দিবলৈ পৰামর্শ দিছে। সাধাৰণতে মার্চ-এপ্রিল আৰু ছেপ্তেম্বৰ-অক্টোবৰ মাহত কেঁচু অধিক সক্রিয় হয়। সেয়ে এই সময়ছোৱাত এনেদৰে মাটি চহ কৰিলে কেঁচুৰ আৱাসস্থলৰ বিশেষ ক্ষতি নহয় আৰু কেঁচুৰ সংখ্যা অটুট থাকে।



খ) এডোখৰ মাটি সজীৱ কৰি ৰাখিবলৈ হ’লে আন বহুতো কৃষিকার্যৰ লগতে শস্যাৱর্তন (crop rotation) কৰাতো অতি আৱশ্যক। কিন্তু শস্যাৱর্তন সঠিক ভাবে ৰূপায়ণ নহ’লে কেঁচুৰ বংশবিস্তাৰত বাধাৰ সৃষ্টি হ’ব পাৰে। দেখা গৈছে যে শস্যাৱর্তনত মাহ আৰু ঘাঁহজাতীয় শস্য অন্তর্ভূক্ত কৰিলে কেঁচুৰ সংখ্যা অটুট থাকে। আনহাতে শস্যাবর্তনৰ বাবে নির্বাচন কৰা শস্যৰ শিপা বিভিন্ন দৈর্ঘৰ হোৱা উচিত। এনে কৰিলে ইহঁতৰ খাদ্যৰ অভাৱ নহয় আৰু বংশবৃদ্ধিত যতি নপৰে। সেইদৰে আৱৰণ শস্যই (Cover crop) মাটি জীপাল কৰাৰ লগতে কেঁচুৰ সংখ্যা বৃদ্ধি হোৱাত সহায় কৰে।

     গ) আধুনিক কৃষিত ৰাসায়নিক সাৰ আৰু ঔষধ প্রয়োগৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। দেখা গৈছে যে নাইট্র’জেনযুক্ত সাৰ বহুদিন ধৰি ব্যৱহাৰ কৰি থাকিলে মাটিৰ আম্লিক গুণ বৃদ্ধি পায়, যিটো কেঁচুৰ বাবে অপকাৰী। সেইদৰে কীট আৰু ভেঁকুৰনাশক ঔষধৰ বাবে কেঁচুৰ দেহৰ লগতে জীৱন-চক্রটো কু-প্রভাৱ পৰে, যাৰ বাবে খেতি মাটিত ইহঁতৰ সংখ্যা কমি যায়। আনহাতে কেঁচুৰ ওপৰত অপতৃণনাশকৰ প্রত্যক্ষ প্রভাৱ কম যদিও এইবোৰৰপৰা পাব পৰা জৈৱ পদার্থৰ অভাৱৰ বাবে কেঁচুৰ সংখ্যা কমিব পাৰে। পথাৰত প্রয়োগ কৰা এনে ৰাসায়নিক দ্রব্যবোৰৰ কেঁচুৰ ওপৰত থকা কু-প্রভাৱ হ্রাস কৰিবলৈ কেতবোৰ ব্যৱস্থা গ্রহণ কৰিব পৰা যায়উদাহৰণ হিচাপে মাটিৰ আম্লিক গুণ কম কৰিবলৈ পথাৰত চূণ প্রয়োগ কৰা মাটিপৰীক্ষাৰ দ্বাৰা আৱশ্যক হোৱা চূণৰ পৰিমাণ নির্ধাৰণ কৰি PH  ৬ - ৭.৮ ভিতৰলৈ আনিলে পথাৰখন কেঁচুৰ বাসোপযোগী হৈ উঠে। সেইদৰে পথাৰত কেঁচুৰ উপস্থিতিৰ লগতে মাটিৰ পৰিস্থিতিলৈ লক্ষ্য কৰি কীট আৰু ভেঁকুৰনাশক ঔষধ ব্যৱহাৰ কৰিলে এইবোৰৰ কু-প্রভাৱ কিছু পৰিমাণে হ্রাস কৰিব পৰা যায়। প্রাপ্য তথ্য অনুসৰি বজাৰত উপলব্ধ সকলোবোৰ কীট আৰু ভেঁকুৰনাশক ঔষধৰ কেঁচুৰ ওপৰত প্রভাৱ আছে। কেঁচুৰ ক্ষেত্রত দেখা দিব পৰা বিষক্রিয়াৰ ওপৰত ভিত্তি কৰি বিজ্ঞানীসকলে এনে ঔষধবোৰ কম বিষাক্ত, মধ্যমীয়া বিষাক্ত, অতি বিষাক্ত আদি ভাগত ভাগ কৰিছে আৰু এইবোৰৰ ব্যৱহাৰৰ সময়ত এই দিশটো বিবেচনা কৰিবলৈ পৰামর্শ আগবঢ়াইছে। এনে ঔষধবোৰ spot application বা split application আদি পদ্ধতিৰে প্রয়োগ কৰিলে পৰিস্থিতি তন্ত্রৰ বিশেষ ক্ষতি নকৰে আৰু কেঁচুৰ ওপৰতো বিৰূপ প্রভাৱ নপৰে।

     কেঁচুৰ বিষয়ে কৰা উপৰুক্ত আলোচনাৰপৰা বুজিব পৰা গৈছে যে পৃথিৱী নামৰ গ্রহটো জীৱকুলৰ বাসোপযোগী কৰি ৰখাত এইবিধ প্রাণীৰ অৱদান অপৰিসীম। সেয়ে মাটিৰ বিভিন্ন স্তৰত বাস কৰা প্রাণীবিধ যথাযথ ভাবে সংৰক্ষণ তথা বিস্তাৰ কৰাটো অতি প্রয়োজনীয় কথা। কিন্তু কেঁচুৰ বিষয়ে সংগ্রহ কৰা তথ্য-পাতিৰপৰা দেখা যায় যে এই দিশত বিশেষ মনোযোগ দিয়া হোৱা নাই। সম্প্রতি মাটিৰ উর্বৰতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ‘কেঁচুসাৰ’ৰ লগত Epigeic কেঁচুবিধ কিছু পৰিমাণে মাটিত যোগ হয় যদিও সেয়া পর্যাপ্ত নহয়। আনহাতে ভিতৰ ভাগত থাকি মাটিৰ গঠন উন্নত কৰা Endogeic আৰু Anecic কেঁচু দুবিধৰ ক্ষেত্রত আমি একো কৰা নাই। ইতিমধ্যে বিভিন্ন কৃষিকার্যৰ লগতে মানুহে কৰা আন বহুতো কর্মৰ বাবে ‘ecosystem engineers’ বুলি অভিহিত কৰা এই দুবিধৰ অভাৱত ভূ-গর্ভত বহুতো সমস্যাই দেখা দিব ধৰিছে
সাৰাংক্ষ
বহু হাজাৰ বছৰৰ আগেয়ে পৃথিৱী নামৰ এই গ্রহটোৰ উপৰি ভাগত মাটিৰ সৃষ্টি হয় আৰু কিছুমান ক্ষুদ্রজীৱৰ ক্রিয়া-কলাপৰ বাবে মাটিভাগ জীৱকুলৰ বাসোপযোগী হৈ উঠে এনে ক্ষুদ্রজীৱসমূহৰ ভিতৰত মেৰুদণ্ডহীন প্রাণী কেঁচু অন্যতম। মাটিৰ বিভিন্ন স্তৰত বাস কৰা এই নিমাখিত প্রাণীবিধে অনাদি অনন্ত কালৰপৰা নিৰৱচ্ছিন্ন ভাবে ক্রিয়া কৰি নির্জীৱ মাটিক সজীৱ কৰি ৰাখিছে যাৰ বাবে আমাৰ গ্রহটো সেউজীয়া হৈ আছে। সেয়ে এই প্রাণীবিধক বিলুপ্ত হ’ব নিদি ইহঁতৰ সংৰক্ষণ তথা বিস্তাৰ কৰাটো মানৱজাতিৰ প্রধান কর্তব্য।

দ্বিতীয় খণ্ড: http://sadik2crs.blogspot.in/2015/10/blog-post.html
বি:দ্র: ছবিসমূহ ইণ্টাৰনেটৰপৰা লোৱা হৈছে
-----------------------------------------------------------------------ম’বাইল: ৯৪৩৫১-৩৫৬৩১.


Tuesday 10 November 2015

এবিধ মেৰুদণ্ডহীন প্রাণী আৰু শস্য শ্যমলা বসুন্ধৰা:: On Earthworm


সেউজী ধৰণী                   
এবিধ মেৰুদণ্ডহীন প্রাণী আৰু শস্য শ্যমলা বসুন্ধৰা
দ্বিতীয় খণ্ড
ডঃ চাদিকুল হুছেইন



কেঁচুৰ বিষয়ে যৎকিঞ্চৎ
     কেঁচু এবিধ মেৰুদণ্ডহীন প্রাণীএইবিধ প্রাণী সাধাৰণতে মাটিত থাকে। সেয়ে ইংৰাজীত ইহঁতক Earthworm বোলা হয় অৱশ্যে পানী নাইবা গছতো কেঁচু দেখা যায় বিজ্ঞানীসকলৰ মতে কেঁচু পৃথিৱীৰ প্রায় ২০ লাখ বছৰৰ পুৰণি বাসিন্দা। প্রাণী জগতৰ Annelida পর্বৰ অন্তৰ্গত এইবিধ প্রাণী ২৩টা গোত্রত (family) আৰু প্রায় ৭০০ মান জাতিত (genera) বিভক্ত। এতিয়ালৈকে পৃথিৱীত কেঁচুৰ ৭০০০ বিধমান প্রজাতি (Species)ৰ সম্ভেদ পোৱা গৈছে। ভাৰতবর্ষত নটা গোত্রৰ অন্তর্গত প্রায় ৪০০ বিধমান প্রজাতি পোৱা যায় ইয়াৰে Lampito mauritii ৰ প্রাদূর্ভাব বেছিএইবিধৰ উপৰিও ভাৰতবর্ষত পোৱা আন উল্লেখযোগ্য কেঁচুবোৰ হ’ল Polypheretima elongata, Perionyx excavatus, Pontoscolex corethrurus ,  Dichogaster bolaui আদি ।
     কেঁচুৰ দেহটো লেহুকা প্রজাতি অনুসৰি ইহঁতৰ দৈর্ঘ্য ১০ মিলি মিটাৰৰপৰা ৩ মিটাৰ পর্যন্ত হোৱা দেখা যায় অৱশ্যে আফ্রিকা মহাদেশত পোৱা এটা প্রজাতিৰ দৈর্ঘ্য ৬.৭ মিটাৰ অর্থাৎ প্রায় ২২ ফুট। কেঁচুৰ দেহটো কিছু বলয় বা খাৰুৰ সমষ্টিপ্রজাতি অনুসৰি এনে বলয়ৰ সংখ্যা ১০০-১৫০ হোৱা দেখা যায়, যিবোৰৰ সংকোচন-প্রসাৰণ ঘটাই ইহঁতে চলা-ফুৰা কৰে এনে বলয়ৰ বাবেই প্রাণী জগতৰ শ্রেণী বিভাজনত কেঁচুৰ পর্বটোৰ নাম দিয়া হৈছে Annelidaইংৰাজীত ইয়াৰ অর্থ হ’ল Ringed
দৈহিক পৰিশ্রমৰ লগতে খাদ্যৰ পৰিপাক আদি কার্যত ইহঁতৰ দেহৰপৰা যথেষ্ট পৰিমাণৰ পানী ব্যয় হয়। এইদৰে ব্যয় হোৱা পানীৰ পৰিমাণ পূৰণ কৰিবলৈ কেঁচুক যথেষ্ট পানীৰ প্ৰয়োজনসেয়ে ইহঁতে সেমেকা জীপাল আৰ্দ্ৰ মাটিত বাস কৰেঅৱশ্যে কোনো এটুকুৰা ঠাইত কেঁচুৰ উপস্থিতি তথা বিস্তাৰ নির্ভৰ কৰে মাটিৰ গঠন, উষ্ণতা তথা আর্দ্রতা , মাটিৰ PH , খাদ্যৰ ভাণ্ডাৰ, বতাহ চলাচলৰ সুবিধা আদিৰ ওপৰত এই সকলোবোৰৰ ভিতৰত মাটিৰ PH অর্থাৎ মাটি টুকুৰা খাৰুৱা নে আম্লিক এই গুণটোৰ প্রভাৱ বেছি । অধিক খাৰুৱা কিম্বা আম্লিক মাটি কেঁচুৰ প্রিয় নহয় অৱশ্যে Dendrobaena octaedra নামৰ কেঁচুবিধ অতি আম্লিক (PH ৪.৫ ) মাটিতো দেখা যায় সেইদৰে অতি খাৰুৱা মটিত থকা কেঁচুৰ প্রজাতিও পোৱা গৈছে এনে কিছু ব্যতিক্ৰমক বাদ দি দেখা যায় যে PH  ৬ - ৭.৮ ভিতৰত থকা মাটি কেঁচুৰ প্রিয়আনহাতে মাটিৰ আম্লিক গুণ বৃদ্ধি পালে কেঁচু সুপ্ত (diapauses) অৱস্থালৈ যায়।
     জৈৱ পদার্থৰ পচা অথবা আধা পচা অংশ, মাটিৰ ক্ষুদ্র কণা আদি কেঁচুৰ খাদ্য। ইহঁতে প্রতি দিনে নিজৰ দেহৰ ওজনৰ সমান খাদ্য গ্ৰহণ কৰে আৰু তাৰে প্রায় ৫০% বিষ্ঠা হিচাপে ত্যাগ কৰে। এই বিষ্ঠাখিনিক কেঁচুমটা কোৱা হয়। খাদ্যনলীৰ ভিতৰত ঘটা কেতবোৰ জটিল জৈৱ-ৰাসায়নিক ক্রিয়াৰ বাবে বিষ্ঠাবোৰ গোন্ধহীন হৈ পৰাৰ লগতে ইবোৰৰ PH  ৭ বা তাৰ আশে-পাশে থাকে অর্থাৎ কেঁচুমটাবোৰ আম্লিক বা খাৰুৱা গুণ সম্পন্ন নহয়বিজ্ঞানীসকলৰ মতে এক একৰ অর্থাৎ তিনি বিঘা মাটিত বিভিন্ন প্রজাতিৰ ১০ লাখমান কেঁচু থাকিব পাৰে আৰু উপযুক্ত পৰিৱেশত প্রতি বছৰে প্রজাতি অনুসৰি ৭-১৮ টন কেঁচুমটা ভূ-পৃষ্ঠত জমা কৰিব পাৰে আন এক তথ্য অনুসৰি কেঁচুৱে প্রতি বর্গ মিটাৰ মাটিত বছৰি ১০ কিলোগ্রাম কেঁচুমটা জমা কৰে, য’ৰ পৰা ০.৫ চেঃমিঃ top soil গঠন হ’ব পাৰে
      কেঁচুৱে মাটিত বাস কৰে যদিও খাদ্য আৰু কেতবোৰ চৰিত্রৰ ওপৰত নির্ভৰ কৰি ভূ-গর্ভত ইহঁতৰ আৱাসস্থল সুকীয়াএনে আৱাসস্থলৰ ভিত্তিত কেঁচু তিনি ভাগত ভাগ কৰা হৈছেএই ভাগকেইটা হ’ল Epigeic, Endogeic আৰু Anecic
১) Epigeic :- যিবোৰ কেঁচু ভূ-পৃষ্ঠৰ ঠিক তলতে পোৱা যায় সেইবোৰক Epigeic কোৱা হয় এইটো এটা গ্রীক শব্দ, যাৰ ইংৰাজী অর্থ হ’ল upon the earth অর্থাৎ মাটিৰ ওপৰত। সেইবাবে এইবিধ কেঁচুক Surface dwellers বোলা হয় ইহঁতে পচা গছ-পাত, গোবৰ-জাবৰৰ দ’ম আদিতে বিচৰণ কৰি থাকে; মাটিৰ ভিতৰ ভাগলৈ বৰকৈ নাযায়। প্রজাতি অনুসৰি ইহঁতৰ দৈর্ঘ্য ১০-২০ চেঃ মিটাৰমান হয় দেহৰ বৰণ ৰঙচুৱা আৰু ওপৰত গাঢ় ৰঙৰ দাগ থাকে ভূ-পৃষ্ঠৰ ওচৰতে থাকে বাবে বায়ু মণ্ডলত ঘটা উষ্ণতা আৰু আর্দ্রতাৰ পৰিবর্তন সহ্য কৰিব পাৰেএইবিধ কেঁচুৱে বৰ খৰকৈ চলা-ফুৰা কৰিব পাৰে, যাৰ বাবে  চৰাই-চিৰিকটি আদিৰ আক্রমণৰপৰা ৰক্ষা পাবলৈ সক্ষম হয় জীৱন কাল চুটি, ১-২ বছৰ কিন্তু বংশবৃদ্ধি বৰ খৰকটীয়া; এবছৰত এডাল কেঁচুৱে এশৰো অধিক ক’কন (cocoon) দিয়েউদাহৰণ : Dendrobaena octaedra, D. attemsi, D. rubidus, Eiseniella tetraedra, Heliodrilus oculatus and Lumbricus rubellus আদি ।


২) Endogeic :- যিবোৰ কেঁচু ভূ-পৃষ্ঠৰপৰা প্রায় ৪০ চে: মিটাৰ তলত অর্থাৎ মাটিৰ topsoil ভাগত পোৱা যায় সেইবোৰক Endogeic (within the earth) বোলা হয়। সাধাৰণ ভাবে এইবোৰক topsoil dwellers কয় অত্যন্ত বেছি পোহৰ সংবেদনশীল এইবিধ কেঁচুৱে ভূ-পৃষ্ঠৰ প্রায় সমান্তৰালকৈ গাঁত বা ছিদ্র কৰি থাকেঅৱশ্যে খাদ্যৰ অন্বেষণত নাইবা বৰষুণৰ বতৰত কেতিয়াবা ওপৰলৈ ওলাই আহিব পাৰে ইহঁতে বৰ খৰকৈ চলা-ফুৰা কৰিব নোৱাৰে; মাটিৰ ক্ষুদ্র কণিকা আৰু ইয়াত থকা জৈৱ পদার্থ খাদ্য হিচাপে গ্রহণ কৰি গাঁতৰ ভিতৰতে থাকেএইবিধ কেঁচুৰ বৰণ শেতা, দেহত কোনো দাগ নাথাকে, দৈর্ঘ ৩-৩০ চে: মিটাৰমানলৈকে হয় জীৱন কাল কিছু দীঘলীয়া, ৩-৫ বছৰ বংশবৃদ্ধি লেহেম, এবছৰত প্রায় ১০ টা মান ক’কন দিয়েউদাহৰণ:-Allolobophora chlorotica, Apporectodea caliginosa, A. icterica, A.rosea, Murchieona muldali, Pontoscolex corethrurus and Lampito mauritii আদি


৩) Anecic :-  যিবোৰ কেঁচু ভূ-পৃষ্ঠৰপৰা প্রায় ৩-৪ মিটাৰ তলত অর্থাৎ subsoil ভাগত পোৱা যায় সেইবোৰক Anecic (out of the earth) কোৱা হয়সাধাৰণভাবে এইবিধক subsoil dwellers বোলা হয়এইবিধ কেঁচু ১৫-৪৫ চে:মিটাৰ দীঘল হয় আৰু সেই অনুযায়ী ইহঁতৰ ব্যাসাদ্ধ ২ চে: মিটাৰ পর্যন্ত হোৱা দেখা যায়ইহঁতৰ ছিদ্রবোৰ দীঘলীয়া আৰু ভূ-পৃষ্ঠত উলম্বভাবে থাকেদেহৰপৰা বাহিৰ হোৱা শ্লেষ্মাজাতীয় পদার্থই ছিদ্রবোৰৰ ভিতৰ ভাগত এটা প্রলেপ সৃষ্টি কৰে, যাৰ বাবে ইহঁতৰ দীঘলীয়া ছিদ্রবোৰ খহি নপৰি স্থায়ী ৰূপত থাকেছিদ্রৰ মুখত দেখা দিয়া কেঁচুমটাৰ বাবে মাটিত ইহঁতৰ উপস্থিতি সহজে বুজিব পৰিইহঁতে নিশা ভূ-পৃষ্ঠলৈ আহি আধা পচা জৈৱ পদার্থ সংগ্রহ কৰি ভিতৰলৈ লৈ যায়। সেইবাবে ইহঁতক ইংৰাজীত nightcrawlers বুলিও কয় উদাহৰণ :- Lumbricus terrestris, Apporectodea longa আদি ।
                                                   [আগলৈ]
শেষ অংশ:  http://sadik2crs.blogspot.in/2015/11/on-earthworm_17.html

             [চিত্রসমূহ ইণ্টাৰনেটৰপৰা লোৱা হৈছে] 

Friday 23 October 2015

এবিধ মেৰুদণ্ডহীন প্রাণী আৰু শস্য শ্যমলা বসুন্ধৰা: An invertebrate animal and the green earth


সেউজী ধৰণী  
                      
এবিধ মেৰুদণ্ডহীন প্রাণী আৰু শস্য শ্যমলা বসুন্ধৰা


ডঃ চাদিকুল হুছেইন

আজিৰপৰা ৭৬ বছৰৰ আগেয়ে অর্থাৎ ১৯৩৯ চনত Evelyn Barbara Balfour নামৰ এগৰাকী বৃটিছ ৰমণীয়ে তেখেতৰ বান্ধৱী Ryan Nelson সৈতে মিলি ইংলেণ্ডৰ Haughley Green নামৰ ঠাইত নিজৰ পামত এলানি পৰীক্ষা আৰম্ভ কৰিছিল পাছলৈ Haughley Experiment নামেৰে জনাজাত হৈ পৰা এইলানি পৰীক্ষা যিকেইটা কাৰণত আজিও বিখ্যাত তাৰ ভিতৰত প্রথমটো কাৰণ হ’ল এই লানি পৰীক্ষা আছিল বিশ্বৰ প্রথমটো বৈজ্ঞানিক পৰীক্ষা য’ত জৈৱ কৃষি পদ্ধতিৰ লগত ৰাসায়নিক সাৰ আদিৰ প্রয়োগেৰে কৰা কৃষিৰ এক তুলনামূলক অধ্যয়ন কৰা হৈছিল দ্বিতীয় কাৰণটো হ’ল--- জৈৱ কৃষি পদ্ধতিয়ে মাটিৰ  স্বাস্থ্য অটুট ৰখাত কি দৰে সহায় কৰে তাক পৰীক্ষা লানিৰ প্রথম চাৰিটা বছৰৰ ফলাফলে অতি স্পষ্ট ৰূপত দেখুৱাই দিয়াৰ পাছত বহুতো কৃষি বিজ্ঞানী জৈৱ কৃষিৰ প্রতি আগ্রহী হৈ উঠে আৰু এই ধাৰাৰ কৃষি পদ্ধতিৰ প্রচাৰ তথা প্রসাৰৰ বাবে ১৯৪৭ চনত ইংলেণ্ডত Soil Association নামেৰে এটি অনুষ্ঠানৰ জন্ম দিয়েতৃতীয় কাৰণটো হ’ল প্রায় চল্লিছ বছৰৰ ধৰি চলা এই পৰীক্ষাৰ অন্তত বিজ্ঞানীসকলে বুজি উঠে যে জৈ কৃষিৰ বাবে মাটিৰ গুণাগুণ যিবোৰ কাৰণত অটুট থাকে তাৰ ভিতৰত এক প্রধান কাৰণ হ’ল অতি নিমাখিত যেন লগা এবিধ মেৰুদণ্ডহীন প্রাণী কেঁচু
কেঁচুৱে মাটিৰ গুণাগুণ তথা উর্বৰা শক্তি বৃদ্ধি কৰাৰ বিষয়ে কৃষকসকল অতীজৰে পৰা জ্ঞাত। সেয়ে কেঁচুক কৃষকৰ বন্ধু বোলা হয়। মাটিত কেঁচুৰ বিভিন্ন কাৰ্য-কলাপ লক্ষ্য কৰি ডাৰউইনে প্রাণীবিধক “Nature’s Plough” বুলি অভিহিত কৰাৰ লগতে কৈছিল-  "It may be doubted whether there are many other animals which have played so important a part in the history of the world, as have these lowly organized creatures." হয়, আমাৰো কবলৈ মন যায় যে সৃষ্টিকর্তাই এটুকুৰা মাটি জীৱকুলৰ উপযোগী কৰি তুলিবলৈকে যেন এই নিমাখিত প্রাণীবিধক সৃষ্টি কৰিলে। বিভিন্ন অধ্যয়নৰ অন্তত বিজ্ঞানীসকলে মতপোষণ কৰিছে যে এই ধৰাত কেঁচু ২০ লাখ বছৰৰ পুৰণি বাসিন্দা আৰু সেই তেতিয়াৰে পৰা ইহঁতে নিজ গৃহৰ ভিতৰত অবাধে বিচৰণ কৰি থকাৰ লগতে জৈৱ আৱৰ্জনাবোৰ ভক্ষণ কৰি বিষ্ঠাৰ মাধ্যমেৰে সমস্ত জীৱকুলক পৃথিৱী নামৰ এই সেউজীয়া গ্ৰহটোত বৰ্তি থকাত সহায় কৰি আছে শুনিবলৈ আচৰিত যেন লগা এই সত্যটো বিজ্ঞানীসকলে অনেক গৱেষণাৰ পাছত ঠাৱৰ কৰিছে । সেয়ে ‘সেউজ বিপ্লৱ’ৰ পাছত ক্ৰমে ৰুগীয়া হৈ পৰা কৃষি ভূমিৰ স্বাস্থ্য পুনৰ সুস্থ কৰিবলৈ Haughley Experiment আৰু তাৰ পাছৰ পৰীক্ষাসমূহৰ ফলাফলে ক্রমে গুৰুত্ব পাবলৈ ধৰিলে ইয়াৰে ফলশ্রুতি হিচাপে আজি সমগ্ৰ বিশ্বতে কেঁচুৱে প্রধান্য পাবলৈ লৈছে। Amy Stewart নামৰ এগৰাকী বিজ্ঞানীয়ে কৈছে “... They spend their lives in a kind of active meditation, working through the detritus in which they live the bits of leaves and grass and particles of soil. For a being with such a simple brain, a worm seems, in this way, almost thoughtful কেঁচুৰ প্রতি জাগি উঠা এই প্রীতিৰ বিষয়ে জনাৰ আগেয়ে মাটিৰ বিষয়ে কিছু কথা জানি ল’ব লাগিব ।

মাটিৰ সৃষ্টি
সৃষ্টিৰ আদিতে পৃথিৱী নামৰ এই গ্রহটোত মাটি নাছিল। এক জলন্ত পিণ্ড ৰূপে থকা গ্রহটো যেতিয়া শাঁত পৰি আহিল তেতিয়া ওপৰৰ ভাগটো শিলাখণ্ড হৈ পৰিল। এই বিশাল শিলাখণ্ডৰ ওপৰত ৰ’দ-বতাহ-বৰষুণৰ উপস্থিতিত নানান ভৌতিক আৰু ৰাসায়নিক ক্রিয়া ঘটিবলৈ ল’লে, যাৰ বাবে শিলাখণ্ডবোৰ ভাগি সৰু সৰু টুকুৰাত পৰিণত হৈ খনিজ পদার্থ ৰূপে পৃথিৱীৰ খোলাটোৰ ওপৰত তৰপে তৰপে জমা হ’বলৈ ধৰিলে শিলৰ এই সৰু টুকুৰাবোৰৰ মাজত সৃষ্টি হোৱা খালি ঠাইবোৰ বায়ু আৰু পানীয়ে দখল কৰিলে । বহু হাজাৰ বছৰ ধৰি চলি থকা এই প্রাকৃতিক কার্যৰ বাবে শিলৰ টুকুৰাবোৰ ক্রমে অৱক্ষয় হৈ গৈ থাকি অতি ক্ষুদ্র ক্ষুদ্র কণিকাত পৰিণত হ’ল এই কার্য চলি থকাৰ সময়তে শিলাখণ্ডবোৰত শেলুৱৈ জাতীয় কিছুমান উদ্ভিদৰ আবিৰ্ভাৱ হ’ল । জৈৱ পদার্থৰে গঠিত এই শেলুৱৈবোৰো অৱক্ষয় কার্যৰ বাবে শিলৰ ক্ষুদ্র কণিকাবোৰৰ লগত মিহলি হৈ পৰিল । পাছলৈ এই তৰপটোত নানা বিধ অণুজীৱৰ আবির্ভাৱ হ’ল যিবোৰ জৈৱ পদার্থৰ পচন ঘটাত প্রত্যক্ষ কিম্বা পৰোক্ষ ভাবে সহায়ক হৈ পৰিল । কালক্রমত তৰপটোৰ ওপৰৰ অংশত আন উদ্ভিদ গজিব ধৰিলে আৰু পৃথিৱী নামৰ এই গ্রহটো সেউজীয়া হৈ উঠিল আজি আমি পৃথিৱীৰ খোলাটোৰ ওপৰৰ এই অংশটোক য’ত ঘাহঁ-বন, গছ-গছনি আদি দেখিবলৈ পাওঁ সেই অংশকে ‘মাটি’ বুলি কওঁ। আনহাতে মাটি গঠনৰ প্রক্রিয়া অনুসন্ধান কৰি বিজ্ঞানীসকলে কৈছে যে মাটি হ’ল -Dynamic natural bodies having properties derived from the combined effect of climate and biotic activities, as modified by topography, acting on parent material over time তেখেতসকলৰ মতে মাটি হ’ল খনিজ আৰু জৈৱ পদার্থৰ এটা মিশ্রণ য’ত বায়ু, পানী আৰু অসংখ্য জীৱ-অণুজীৱৰ উপস্থিতিত উদ্ভিদ জগতখন ঠন ধৰি উঠিছে । সেয়ে মাটি বুলিলে আমি কেৱল জৈৱ আৰু অজৈৱ পদার্থৰ এক নিৰ্জীৱ মিশ্রণ বুলি ভাবিলে ভুল কৰা হ’ব । এই মিশ্রণৰ লগত বায়ু, পানী আৰু অসংখ্য জীৱ-অণুজীৱও মিহলি হৈ আছে যিবোৰৰ বাবে মাটিক এক ‘সজীৱ’ পদার্থ বুলি কোৱা হয় ।

মাটিৰ বিভিন্ন স্তৰ

মাটিৰ গঠন প্রক্রিয়াৰ বিষয়ে অনুসন্ধান কৰোঁতে বিজ্ঞানীসকলে দেখিলে যে প্রাচীন শিলাখণ্ডৰ অৱক্ষয়ৰ বাবে পৃথিৱীৰ খোলাটোৰ ওপৰত বহুকেইটা তৰপ সৃষ্টি হ’ল । ইংৰাজীত horizon বোলা হয় এই তৰপবোৰক ওপৰৰপৰা ক্রমে O,A,B,C আৰু R নাম দিয়াৰ লগতে এই তৰপবোৰকো অধ্যয়নৰ বাবে সৰু সৰু ভাগত ভাগ কৰা হৈছেওপৰৰ O horizon-টো প্রধানকৈ মৃত জীৱ-তৰুৰ অৱশিষ্ট নাইবা পচিবলৈ ধৰা অংশৰে গঠিত । ক’লা বৰণৰ এই তৰপটো প্রায় ২ ইঞ্চি মান ডাঠ এই তৰপটোৰ ঠিক তলতে থকা পাতল মুগা বৰণীয়া তৰপটোক A horizon বা top soil কোৱা হয় । এই তৰপটো ৮-১০ ইঞ্চিমান ডাঠ । খনিজ আৰু জৈৱ পদার্থ মিহলিহৈ থকা এই তৰপটো অসংখ্য অণুজীৱৰ বাসস্থান । এই অণুজীৱবোৰে মৃত উদ্ভিদ কিম্বা প্রাণীৰ দেহৰ ওপৰত কেতবোৰ জটিল জৈৱ-ৰাসায়নিক ক্ৰিয়াৰ সংঘটিত কৰে, যাৰ বাবে এইবোৰ পচি মাটিত থকা খনিজ পদার্থৰ লগত মিহলি হৈ পৰে । অণুজীৱৰবোৰৰ উপৰিও বহুতো ক্ষুদ্র জীৱ যেনে: কেঁচু, কুমটি, পৰুৱা আদিও এই তৰপটোত পোৱা যায় । ইয়াৰ তলৰ তৰপটোক B-horizon বা sub-soil কোৱা হয়। এই তৰপটোত জৈৱ পদার্থ বিশেষ নাথাকে । তাৰ পৰিবর্তে পানীত সহজে দ্ৰৱীভূত হোৱা খনিজ পদার্থৰ লগতে বোকাৰ কণিকাবোৰ ইয়াত জমা হয় । ইয়াৰ তলৰ তৰপটোক (c-horizon) parent material বা আধাৰ শিল বুলি কোৱা হয় । একেবাৰে তলৰ শিলা খণ্ড অর্থাৎ R-horizon –ৰ অৱক্ষয়ৰ বাবে ভাগি পৰা শিলৰ টুকুৰাৰে এই তৰপটো গঠিত হৈছে । তলৰ শিলা খণ্ডবোৰ আকাৰত ডাঙৰ । ওপৰৰ তৰপৰ  শিলবোৰৰ দৰে এইবোৰ খান্দি উলিয়াব নোৱাৰি ।

মাটিৰ উর্বৰতা
উৰ্বৰ বা সাৰুৱা মাটি বুলিলে আমি এনে এটুকুৰা মাটিক বুজিম য’ত উদ্ভিদৰ শ্রীবৃদ্ধিৰ বাবে প্ৰয়োজনীয় পোষক দ্রব্যৰ উপৰিও বায়ু আৰু পানী সহজে উপলব্ধ হৈ থাকে। পৰীক্ষাৰদ্বাৰা দেখা গৈছে যে পোষক দ্রব্য হিচাপে উদ্ভিদক ২০ বিধমান মৌলৰ আৱশ্যক হয় । ইয়াৰে কাৰ্বন, অক্সিজেন আৰু হাইদ্র’জেন বায়ু আৰু পানীৰপৰা পায় । আনহাতে বায়ুমণ্ডত যথেষ্ট পৰিমাণে নাইট্র’জেন পোৱা যায় যদিও উদ্ভিদে এইবিধ পোষক দ্রব্য বায়ুৰপৰা পোনে পোনে আহৰণ কৰিব নোৱাৰে; মাটিৰপৰা পায় । আন মৌলবোৰৰ উৎস হ’ল আধাৰ শিল। মাটি গঠনৰ সময়ত আধাৰ শিলৰ অৱক্ষয় ঘটি বিভিন্ন মৌল খনিজ পদার্থ হিচাপে পৃথিৱীৰ খোলাত জমা হ’বলৈ ধৰে । আনহাতে top soil-ত থকা অণুজীৱবোৰে মৃত উদ্ভিদ কিম্বা প্রাণীৰ দেহৰ জৈৱ অংশত ক্রিয়া কৰাৰ বাবে এইবোৰ পচিবলৈ ধৰে আৰু অৱশিষ্ট ভাগ কেতবোৰ জটিল জৈৱ-ৰাসায়নিক প্রক্রিয়াৰ বাবে জৈৱৰপৰা অজৈৱ ৰূপলৈ পৰিবর্তন হৈ মাটিত থকা খনিজ পদার্থৰ লগত মিহলি হৈ পৰে পানীত দ্ৰৱীভূত এনে খনিজ পদার্থবোৰ উদ্ভিদে পোষক দ্রব্য ৰূপে আহৰণ কৰে । সেয়ে এইটো স্তৰত অর্থাৎ top soil-ত জৈৱ পদার্থৰ পৰিমাণ বেছি হ’লে মাটিত পোষক দ্রব্যৰ পৰিমাণো বৃদ্ধি পায় । তদুপৰি অণুজীৱবোৰে নিৰ্গত কৰা আঠাজাতীয় পদাৰ্থ কিছুমানৰ বাবে মাটিৰ ক্ষুদ্র কণিকাবোৰ ইটোৰ লগত সিটো টানকৈ লাগি ধৰেএনে হোৱাৰ বাবে কণিকাবোৰৰ মাজত ক্ষুদ্র নলী গঠন হয় কৈশিক নলী (capillary tube) নামৰ এই নলীবোৰৰ মাজেৰে বতাহ আৰু পানী চলাচল কৰিবলৈ সুচল হয় বাবে মাটিৰ গুণাগুণ ভাল হয়। পোষক দ্রব্যৰে চহকী এনে মাটিকে আমি উর্বৰ বা সাৰুৱা মাটি বুলি কওঁ । অণুজীৱবোৰৰ উপৰিও মাটিৰ এইটো স্তৰত বিভিন্ন পোক-পৰুৱা, কেঁচু-কুমটিয়ে বাস কৰে । মাটিৰ অন্তৰ ভাগত এনেবোৰ প্রাণীৰ চলা-ফুৰাৰ কাৰণে মাটিৰ গুণাগুণ অধিক উন্নত হয়, যাৰ বাবে কৃষি কার্য সুচল হৈ পৰে অৱশ্যে পৃথিৱীৰ খোলাটো উর্বৰ হৈ উঠিবলৈ বহু বছৰৰ প্রয়োজন হ’ল । বিভিন্ন পৰীক্ষাৰ দ্বাৰা বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে এবছৰত এনে সাৰুৱা মাটিৰ ০.০০১৮ – ০.০৩১৫ ইঞ্চিৰ এটা প্রলেপ গঠন হয়। অর্থাৎ প্রায় ৩০০ – ৮৫০ বছৰ জুৰি চলি থকা এক অবিৰত প্রাকৃতিক কার্যৰ বাবে পৃথিৱীৰ খোলাটোত এক ইঞ্চিৰ এটা Top soil স্তৰ গঠন হয় ।
       মাটিৰ বিষয়ে কৰা এই আলোচনাৰপৰা বুজিব পৰা গৈছে যে- ১) শ্রীবৃদ্ধিৰ বাবে উদ্ভিদে প্রধানকৈ top soil-ৰপৰা পোষক দ্রব্য আহৰণ কৰে । ২) মাটিৰ এইটো স্তৰত থকা অণুজীৱ আৰু জৈৱ পদার্থৰ মাজত সংঘটিত হোৱা জৈৱ-ৰাসায়নিক ক্রিয়াৰ বাবে মাটি উর্বৰ হৈ উঠে । ৩) মাটিত থকা কেঁচু-কুমটি- পৰুৱা আদি প্রাণীবোৰে উর্বৰ মাটিক কৃষিৰ উপযোগী কৰি তোলাত অহৰহ সহায় কৰি আছে । ৪) মাটিৰ সাৰুৱা top soil-ৰ স্তৰটো গঠন হ’বলৈ বহু বছৰৰ প্ৰয়োজন হৈছে
       এইখিনি তথ্যৰপৰা এটা কথা স্পষ্ট হৈছে যে মাটিৰ top soil নামৰ স্তৰটো আমাৰ এক আপুৰুগীয়া সম্পদ । এই সম্পদৰ ক্ষয়-ক্ষতিৰ অৰ্থ হ’ল পৃথিৱী নামৰ এই গ্ৰহটোৰ জীৱকুল বিপদাপন্ন হোৱা সেয়ে বিজ্ঞানীসকলে সকীয়াইছে No soil, no life” কিন্তু আজি বিভিন্ন কাৰণৰ বাবে এই আপুৰুগীয়া সম্পদ ধংসৰ মুখত পৰিছে বিজ্ঞানীসকলে দেখিছে যে যিবোৰ কাৰণৰ বাবে top soil –ৰ ক্ষতি সাধন হৈছে তাৰ ভিতৰত কৃষি কাৰ্য অন্যতম আৰু সেউজ বিপ্লৱৰ পাছৰপৰা এনে ক্ষয়-ক্ষতিৰ পৰিমাণ অধিক খৰতকীয়া হৈছে । ইতিমধ্যে সেউজ বিপ্লৱৰ পূর্ণ কবলত পৰা বহু অঞ্চল অনুৰ্বৰ কৃষি ভূমিত পৰিণত হৈছে । এনে এক বিপৰ্যয়ৰপৰা সেউজী ধৰণীখনক ৰক্ষা কৰিবলৈ বিজ্ঞানীসকলে বহুতো দিহা-পৰামর্শ আগবঢ়াইছে । তাৰ ভিতৰত এটা গুৰুত্বপূর্ণ পৰামর্শ হৈছে- প্রচলিত কৃষি পদ্ধতিৰ পৰিবর্তে জৈৱ কৃষি পদ্ধতি অৱলম্বন কৰা, য’ত মাটিৰ স্বাস্থ্য অটুট ৰাখিবলৈ জৈৱ সাৰৰ ওপৰত অধিক নির্ভৰ কৰা হয় । প্রচলিত কৃষিত ব্যৱহাৰ কৰা অজৈৱ সাৰৰ বাবে উদ্ভিদৰ পুষ্টিসাধন হয় যদিও এনে সাৰৰ ওপৰত অত্যাধিক নির্ভৰ কৰাৰ বাবে মাটিৰ স্বাভাৱিক গুণ নষ্ট হ’বলৈ ধৰিছে তিমধ্যে বিজ্ঞানীসকলে বহু কেইবিধ জৈৱ সাৰৰ সন্ধান পাইছে যিবোৰৰ প্রয়োগৰ বাবে মাটিৰ স্বাস্থ্য উন্নত হয় আনহাতে মাটিৰ উর্বৰতা শক্তি বৃদ্ধি কৰিবলৈ কৃষকসকলে অতীজৰে পৰা বহুতো ব্যৱস্থা গ্রহণ কৰি আহিছে উদাহৰণ হিচাপে ‘পচন সাৰ’, ‘পাম সাৰ’ আদিৰ কথা উল্লেখ কৰিব পাৰি । পাছলৈ এনেবোৰ সাৰৰ উন্নতি সাধন কৰি অধিক ফলপ্ৰসূ কৰি তোলা হৈছে। কিন্তু এনে সাৰ প্রস্তুত কৰিবলৈ বহু সময়ৰ আৱশ্যক হয় । সেয়ে তুলনামূলকভাৱে কম সময়ত প্রস্তুত কৰিব পৰা জৈৱ সাৰৰ বিষয়ে অনুসন্ধান কৰি বিজ্ঞানীসকলে Haughley Experiment-ৰ ফলাফলৰ আঁত ধৰি ‘কেঁচুসাৰ’(Vermicompost ) নামৰ এবিধ উত্তম জৈৱ সাৰ প্রস্তুত কৰিবলৈ সক্ষম হৈছে কেঁচু ব্যৱহাৰ কৰি অতি সহজে প্রস্তুত কৰিব পৰা এইবিধ সাৰ ইতিমধ্যে কৃষকৰ গ্ৰহণযোগ্য হৈ পৰিছে আনহাতে এইবিধ সাৰৰ গুণাগুণলৈ লক্ষ্য কৰি সকলোবোৰ জৈৱ সাৰৰ ভিতৰত ‘কেঁচুসাৰ’ উৎকৃষ্ট বুলি বিবেচিত হৈছে । 
[আগলৈ...]

Part-III http://sadik2crs.blogspot.in/2015/11/on-earthworm_17.html


ম’বাইল: ৯৪৩৫১৩৫৬৩১


Friday 9 October 2015

থার্টিন আপ ফর্টিন ডাউন:Thirteen up....



সেউজী ধৰণী

থার্টিন আপ - ফর্টিন ডাউন



ডঃ চাদিকুল হুছেইন

       বন্ধু এজনৰপৰা খবৰ এটা পাই হঠাৎ যোৰহাটলৈ যাবলগীয়া হ’ল । খবৰটো যেতিয়া পাওঁ তেতিয়া তিনিচুকীয়াৰপৰা যোৰহাটলৈ যোৱা আগবেলাৰ বাছ কেউখনেই গ’ল । দুপৰীয়াৰ বাছ কেইখনত যোৱাৰ ইচ্ছা নাই। এই সময়ৰ বেছিভাগ বাছ শিৱসাগৰৰপৰা প্রায়ে আগবাঢ়িব নোখোজে । এনে হ’লে বৰ অসুবিধা হয় । নিশাৰ বাছত গ’লেও বাইপাছতৰপৰা নগৰলৈ সোমাবলৈ বাহন পোৱা নাযায় বা পালেও ভাৰা বেছি দিব লগাত পৰে । কেনেকৈ যোৱা যায় চিন্তা কৰি থাকোঁতেই সহকর্মী এজনে ক’লে---“ কি চিন্তা কৰি আছে ? ৰে’লেৰে নাযায় কিয় ? আৰামত যাব পাৰিব ।”
       কথাষাৰ শুনি তেখেতলৈ আচৰিত হৈ চাওঁতে তেখেতে যিখিনি ক’লে শুনি মনটো ভাল লাগি গ’ল । আজিকালি হেনো তিনিচুকীয়াৰপৰা যোৰহাটলৈ পোনপটীয়াকৈ ৰে’লগাড়ী চলে । হওঁতে বহুত দিনেই হ’ল । মইহে গম পোৱা নাছিলো । মৰিয়নিত নামি আগৰ দৰে বাছে-মটৰেৰে যোৰহাটলৈ যাব নালাগে । ৰে’লগাড়ীৰে এইছোৱা পথ বহুত দিন যোৱা নাই । সেয়ে ঠাইবোৰৰ কথা প্রায় পাহৰি গ’লো । এতিয়া সহকর্মীৰ কথাত ভজো, চফ্রাই আদি ঠাইৰ নামবোৰ মনত পৰি গ’ল । শেষবাৰ ৰে’লগাড়ীৰে এইছোৱা বাট কেতিয়া গৈছিলো ভাবি থাকোঁতে সহকর্মীজনে কৈ উঠিল---“দেৰি নকৰিব । দুই বাজি পোন্ধৰ মিনিটত পুৰণা ষ্টেশ্যন এৰিব । অলপ আগেয়ে যাব বৰ ভিৰ হয় ।
       ঘড়ীটো চাই দেখিলো প্রায় দুঘন্টা সময় হাতত আছে । বেছি চিন্তা নকৰি ছুটীৰ আবেদন এখন অফিছত দি ঘৰলৈ গৈ যোৰহাটলৈ বুলি সাজু হ’লোগৈ । অসময়ত যাত্রা কৰিবলৈ ওলোৱা দেখি শ্রীমতী কিছু আচৰিত হ’ল । মোৰ সাম্ভাব্য ৰে’লযাত্রাৰ বিষয়ে একো নকৈ কাপোৰ দুযোৰমান বেগ এটাত ভৰাই ভাতৰ পাতত বহিলো । খাই উঠোঁ মানে এক বাজি গ’লেই । বেগটো কান্ধত লওঁতে কিবা এডভেঞ্চাৰ কৰিবলৈ ওলোৱাৰ দৰে লাগিল । পাকঘৰত থকা শ্রীমতীক হাঁহি হাঁহি কৈয়ে দিলো---‘ হেৰা, এডভেঞ্চাৰ এটাত ওলাইছোঁ । ঠিকমতে গৈ থাকিলে বাটৰপৰা খবৰ দিম ।” মোৰ কথা বুজিব নোৱাৰি ‘জানো কিখন কৈ থাকে” বুলি তেওঁ হাতত থকা পানীৰ বটলটো আগবঢ়াই দিলে । ময়ো কথা আগ নবঢ়াই বটলটো হাত পাতি লৈ নেদেখাজনক চিন্তা কৰি ঘৰৰপৰা ওলালো । ‘বিক্রম’খনৰপৰা যেতিয়া ষ্টেশ্যনৰ মুখত নামো তেতিয়া টিকেট ঘৰৰ আগত দীঘল শাৰী । এৰা, সহকর্মীয়ে ঠিকেই কৈছিল । খৰধৰকৈ টিকেটৰ বাবে শাৰীত থিয় দিলো। টিকেটৰ বাবে লাহে লাহে আগবাঢ়ি থাকোঁতে সেই তাহানি দিনৰ কথাবোৰ মনত পৰি গ’ল ।


       চাকৰি জীৱন আৰম্ভ কৰিছিলো ডিফুত । তিনিচুকীয়াৰপৰা পুৱা সাত বজাত ‘আচাম মেল’ত উঠি আবেলি তিনি বজাত ডিফু পাওঁগৈ । সেইদৰে ঘৰলৈ আহোঁতেও দিনৰ এঘাৰমান বজাত ৰে’লত উঠি সন্ধিয়া তিনিচুকীয়া পাওঁহি । বৰ ভাল লাগিছিল সেই ৰে’ল যাত্রাবোৰ । দিনৰ ভাতসাঁজ ‘ডাইনিং কাৰ’ত খাই বেলেগ এটা আনন্দ লাগিছিল । বহুত দিন এইখন ৰে’লত অহা-যোৱা কৰি থকাৰ বাবে কেটাৰিঙৰ মানুহকেইজন প্রায় চিনাকি হৈ পৰিছিল । দুজনমানে সদায়ে কিবা এটা ‘স্পেছিয়েল ডিছ’ ভিতৰৰপৰা আনি দিছিল এইদৰে প্রায় চাৰি বছৰ ‘আচাম মেইল’ত এইটো পথেদি অহা-যোৱা কৰাৰ পাছত ১৯৮০ চনৰ এপ্রিলৰ মাজভাগত তিনিচুকীয়াৰপৰা ডিফুলৈ শেষবাৰ ৰে’লেৰে যোৱা হ’ল । কাৰণ তাৰ কেইদিনমানৰ পাছত ট্রেন্সফাৰ অর্ডাৰ পাই পহিলা জুনৰ দিনা টালি-টোপোলাৰে সৈতে ডিফুৰপৰা গুৱাহাটীৰ ওচৰৰ কাঁহিকুছিলৈ গৈছিলো ।
       সৌ সিদিনাৰ যেন লগা কথাবোৰ ভাবি থাকোঁতেই টিকেট দিয়া খিৰিকীৰ মুখ পালোগৈ । যোৰহাটলৈ বুলি টিকেট এটা বিচাৰি এশ টকীয়া নোট এখন সৰু ফুটাটোৱেদি আগবঢ়াই দিলো । সিফালৰপৰা টিকেটসহ টকা আৰু খুচুৰা পইচা দুটামান ওভতাই দিলে । হিচাপ কৰি আচৰিত হৈ সুধিলো—“কিমান ললে ?” উত্তৰ আহিল ---“উনত্রিছ টকা ।” টিকেটটো চাই দেখিলো  ঠিকেই । ...ইমান কম ? বাছেৰে যোৰহাটলৈ গ’লে বহুত ভৰিব লাগে । কাষত থকাজনে মোলৈ আচৰিত হৈ চাই থকা দেখি নিজকে কিবা আচহুৱা যেন লাইল । খৰধৰকৈ প্লেটফর্মলৈ গৈ দবা এটাত উঠি দেখিলো প্রায়বোৰ আসনতে মানুহ বহি আছে । এজনীয়া আসন এখন খালী হৈ থকা দেখি লগে লগে বহি দিলো । ঘড়ীটো চাই দেখিলো ৰে’ল এৰিবলৈ আৰু দহ মিনিটমান আছে । হাতত থকা বেগটো আসনত থৈ দবাটোত চিনাকি মুখ বিচাৰি ওলালো । অকলশৰীয়া ৰে’ল ভ্রমণ মোৰ বাবে বৰ কষ্টকৰ । কথা-বতৰা পাতি, চাহ-তামোল খাই ৰে’লগাড়ীত ভ্রমণ কৰাৰ আমেজেই বেলেগ ! কিন্তু দীঘলীয়া দবাটোত এজনো চিনাকি যাত্রী নেদেখি মনটো বেয়া লাগি গ’ল । পাছত কোনোবা মনেমিলা এজনক সহযাত্রী হিচাপে পোৱাৰ আশাৰে বহি থাকোঁতেই দীঘলীয়া উকি এটা মাৰি ৰে’লখন লাহে লাহে আগবাঢ়িল । প্লেটফর্মত ৰৈ থকা মানুহৰ জাকটো চাই চাই ময়ো একত্রিশ বছৰৰ পাছত পুৰণি চিনাকি পথটো আকৌ এবাৰ চাবলৈ উত্রাৱল হৈ পৰিলো ।
       কিছু সময় যোৱাৰ পাছত ‘নতুন তিনিচুকীয়া’ জংশ্যন পালো । চাওঁতে চাওঁতে আমাৰ দবাটোৰ সকলো আসন পূৰ হোৱাৰ উপৰিও কিছু যাত্রী থিয় হৈ থকা দেখিলো । এনে ভিৰৰ মাজেদি এজাক ল’ৰা-ছোৱালী দবাটোলৈ সোমাই আহিল । প্রত্যেকৰে কান্ধত নাইবা পিঠিত একো একোটা বেগ । কিছু সময়ৰ আগলৈকে প্রায় নিজান হৈ থকা পৰিৱেশটো হঠাৎ মুখৰিত হৈ পৰিল । মোৰ এনে লাগিল যেন দবাটোৱে প্রাণ পাই উঠিল ! সন্মুখৰজনক এনেয়ে ক’লো---
“ আজি বৰ ভিৰ ।”
“এই ভিৰ সব দিন থাকে । দুলীয়াজান, নাহৰকটীয়া ছাইডৰ ল’ৰা- ছোৱালীসব ক্লাছ কৰি এইখানতেই ঘৰ ফিৰে । বেপাৰীসবো এইখানতে মনিং আহি তিনচুকীয়াত বাজাৰ কৰি ৰিটার্ন হয় ।”
কথাখিনি কৈ কৈ ভদ্রলোকে হাতত থকা ‘পত্রিকা’খন সামৰি মোলৈ চাই থাকিল । বুজিলো ভদ্রলোকজন এই পথছোৱাৰ অভিজ্ঞ যাত্রী । সহযাত্রীৰূপে ভালেই লাগিব । কথা পতাৰ ছলেৰে সুধিলো---“ আপুনি এইখনত সদায়ে অহা-যোৱা কৰে নেকি ?”
“মইতো সদায় এইখানতেই অহা-যোৱা কৰি । থার্টিন আপ ফর্টিন ডাউনৰ অলম’ষ্ট ৰেগুলাৰ পেছেজ্ঞাৰ ।”
“থার্টিন আপ ফর্টিন ডাউন ?”
“ এইটো এই ট্রেনখনৰ নাম । এমনি নাম্বাৰ হৈছে ৫৫৯১৩ আৰু ৫৫৯১৪ । কিন্তু সবাই লাষ্ট নাম্বাৰ দি কৈ থাকে থার্টিন আপ ফর্টিন ডাউন । এতিয়া ডাউনত গৈ আছোঁ, মানে ফর্টিন ডাউন । ” অলপ ৰৈ সুধিলে---“ আপুনি ক’লৈ যাব ?”
মোৰ উত্তৰ শুনি ক’লে---“লাষ্ট ষ্টেশ্যন । মই নামৰূপ যাম । নামৰূপ পাছত ভিৰ কম হৈ যাব । ইঞ্চিঅ’ৰেঞ্চৰ কামত দুই-তিন দিন পাছত তিনচুকীয়া আহোঁ । আজি মর্নিং আহিছিলো । ... আপোনাৰ ডিপাটফমেণ্ট ?”
“ মই ইউনিভার্ছিটি, মানে এগ্রিকালচাৰেল ইউনির্ভাছিটিৰ চাকৰিয়াল ।”
“তিনচুকীয়াত কিবা কাম আছিল । ”
“মোৰ ঘৰ তিনিচুকীয়াত আৰু বর্তমান কাম তিনিচুকীয়াতে কৰোঁ ।”
“তিনচুকীয়াত ইউনির্ভাছিটি আছে নেকি ?”
আমাৰ চাকৰিটোৰ এই এটা সমস্যা । ৰাজ্যৰ প্রতিখন জিলাতে যে অসম কৃষি বিশ্ববিদ্যালয়ৰ একো একোটা গৱেষণা কিম্বা সম্প্রসাৰণ কেন্দ্র আছে সেই কথাটো বহুতেই নাজানে । চাকৰিত যোগদান কৰাৰ পাছৰেপৰা বিভিন্ন সময়ত বিভিন্নজনক এই বিষয়ে বুজাবলগীয়া হৈছে । আজি আকৌ এখেতক আমাৰ চাকৰিটোৰ লগতে বিশ্ববিদ্যালয়ৰ বিষয়ে ক’বলগীয়া হ’ল । আমাৰ কথাৰ মাজতে তেখেতে চাহ একাপ যাচি বিশ্ববিদ্যালয়ৰ চাকৰিয়ালসকলৰ দৰমহা-পাতি, চাকৰিৰ সা-সুবিধা, বীমা আঁচনি আদিৰ সম্ভেদ ললে । ইতিমধ্যে কাষৰ আন এজন যাত্রীও আমাৰ আড্ডাৰ এজন হৈ পৰিছিল । তেজুত চাকৰি কৰা গগৈ উপাধিৰ এইজন নাজিৰাৰ বাসিন্দা। তেখেতেও অৰুণাচলৰ বিভিন্ন কথাৰে আমাৰ আড্ডাটো এনেদৰে পকাই তুলিলে যে দুলীয়াজান কেতিয়া পালোহি গমেই নাপালো । ইয়াৰ মাজতে টিকেট পৰীক্ষক এজন আহি আমাৰ টিকেট পৰীক্ষা কৰি গ’ল । কিছু সময়ৰ বাবে ৰে’লখন ৰ’ল । নতুন যাত্রী এজাক উঠিল । ল’ৰা-ছোৱালীৰ জাকটোৰ বহুকেইজন নামি যোৱা দেখিলো । যিকেইজন থাকিল তেওঁলোকে নিজৰ মাজতে মনে মনে কথা পাতি থাকিল । এওঁলোকে তিনিচুকীয়াত কম্পিউটাৰ, ম’বাইল ফোন ৰিপিয়াৰিং আদিৰ কর্ছ কৰি আছে । আজিকালি হেনো এইফালৰ ল’ৰা-ছোৱালীবোৰৰ বেছিভাগেই মেট্রিক নাইবা হায়াৰ ছেকেণ্ডেৰি পাছ কৰি এনে ধৰণৰ কর্ছ কৰে । এই পথছোৱা প্রায় নিয়মীয়া যাত্রী পুৰকায়স্থই এই কথা জানিবলৈ দিলে । নিম্ন মধ্যবিত্ত পৱিয়ালৰ এই ল’ৰা-ছোৱালীবোৰে কলেজত পঢ়ি ডিগ্রী এটা লৈ চাকৰি বিচাৰি হাবাথুৰি খাই থাকিবলৈ ইচ্ছা নকৰে । ইতিমধ্যে দুই-চাৰিজনে পার্টটাইম চাকৰিও কৰি আছে । বিছ-বাইছ বছৰীয়া এই ল’ৰা-ছোৱালীবোৰে এই বয়সত উপার্জন কৰিবলৈ আগবাঢ়ি আহিছে বুলি জানি আচৰিত হৈ গ’লো । আমাৰ দিনত এনে কথা ভাবিবই পৰা নাছিলো ।
“ ছাৰ, ভালে আছে ?”
প্রশ্নটো শুনি প্রশ্নকর্তালৈ চাই তেখেতক আগেয়ে ক’ত দেখিছিলো ভাবি থাকোঁতেই তেখেতে পুনৰ ক’লে—“মোক ছাৰ চিনি নাপাব । এবাৰ জয়পুৰৰ এছ ডি অ’ৰ অফিছত আপোনাক পাইছিলো । টেকনলজি মিছনৰ ট্রেইনিং এটালৈ আহিছিল ।”
প্রায় এবছৰৰ আগেয়ে এদিনীয়া প্রশিক্ষণ এটাত সমল ব্যক্তি হিচাপে ভাগ ল’বলৈ আমি দুজনমান জয়পুৰলৈ গৈছিলো । মহকুমা কৃষি বিষয়াৰ কার্যালয়ত অনুষ্ঠিত হোৱা প্রশিক্ষণটোত সুমথিৰা টেঙাৰ ৰুগীয়া বাগিচাৰ পৰিচর্যাৰ লগতে নতুন বাগিচা পতাৰ বিষয়ে ত্রিছজনমান কৃষকক প্রশিক্ষণ দিয়া হৈছিল । এখেতে নিশ্চয় সেই প্রশিক্ষণটোৰ কথাই কৈছে । বৰ ভালদৰে চিনিব পৰা নাই যদিও তেখেতক সেই বিষয়ে জানিব নিদি ক’লো---
“ এৰা, ক’ৰবাত লগ পোৱা যেন লাগিছে । তাৰমানে সুমথিৰা টেঙাৰ সেই প্রশিক্ষণটোত লগ পাইছিলো । নহয় জানো ?”
“ ছাৰে ঠিকেই ধৰিছে । আমি ছাৰ, আপোনালোকৰপৰা পুলি আনি নতুন বাগিচা পাতিছোঁ । পুলি আনিবলৈ যোৱাৰ দিনা আপোনালোক মার্ঘেৰিটাৰ ফালে গৈছিল কাৰণে লগ নাপালো । এদিন ছাৰ বাগিচাখন চাবলৈ মাতিম । এইবাৰ নেমুটেঙাৰ বাগিচা এখন পাতিম বুলিও ভাবিছোঁ । আপোনালোকৰপৰাই পুলি আনিম । সেইবাৰ যাওঁতে ভাল পুলি দেখি আহিছোঁ” ।
তেখেতে উছাহেৰে কোৱা কথাখিনি শুনি বৰ ভাল লাগিল এনে লোকসকলক লগ পালে মনটো ভৰি যায়; চাকৰি জীৱনটো সার্থক হোৱা যেন লাগে। শিক্ষক হিচাপে ছাত্র-ছাত্রীক পঢ়াইছোঁ, গৱেষণা কৰিছোঁ আৰু পুথিগত শিক্ষাৰ লগত গৱেষণালব্ধ অভিজ্ঞতাৰ সমন্বয় ঘটাই কৃষকক আধুনিক কৃষিৰ বার্তা দিবলৈ চেষ্টা চলাইছোঁ । সুদীর্ঘ চাকৰিকালৰ অভিজ্ঞতাৰপৰা বুজি উঠিছোঁ, এই তিনিবিধৰ ভিতৰত কৃষকক আধুনিক কৃষিৰ সৈতে পৰিচয় কৰাই দিয়া কার্যটো অতি জটিল । কাৰণ বার্তা পৰিবহনত বিজুতি ঘটিলে অনেক শ্রম আৰু অর্থৰ বিনিময়ত উদ্ভাৱন কৰা কৃষি কৌশলবোৰ কৃষকৰ গ্রহণযোগ্য হৈ নুঠাৰ পূর্ণ সম্ভাৱনা থাকে আৰু এনে হ’লে আধুনিক কৃষিৰ প্রতি কৃষকসকলৰ মোহভংগ হ’ব । আনহাতে বার্তা সঠিভাবে পৰিবহন হ’লে কিছু পলমকৈ হ’লেও বার্তাই ইপ্সিত ৰূপ পায় । অৱশ্যে এই কথাও সঁচা যে প্রথম অৱস্থাত দুই-এজন আগৰণুৱা কৃষকহে নতুন কৌশলৰ প্রতি আগ্রহী হয় । কিন্তু পাছলৈ সেই কৌশলবোৰ অধিকাংশ কৃষকৰ গ্রহণযোগ্য হৈ পৰে । সেইদিনা লগ পোৱা কৃষকসকলৰ ভিতৰত এখেতো এজন এনে আগৰণুৱা কৃষক, যি নিজা খৰচত সুমথিৰা পুলি আনি বাগিচা পাতিছে। ভৱিষ্যতে নেমুটেঙাৰ বাৰী এখন পাতিবলৈকো ঠিক কৰিছে । কিছু বছৰৰ পাছত এখেতক দেখি আন দহজন নিশ্চয় এই দিশত আগবাঢ়ি আহিব ।
কাষত থকা গগৈয়ে বোধকৰোঁ আমাৰ কথা শুনি আছিল । তেখেতে অৰুণাচলৰ সুমিষ্ট সুমথিৰা আৰু বাগিচাবোৰৰ কথা কৈ আমাক জানিবলৈ দিলে যে ইতিমধ্যে জৈৱ কৃষিৰ ঢৌৱে অৰুণাচলকো চুইছে । চৰকাৰ আৰু কৃষক এই পদ্ধতিৰ প্রতি আগ্রহী হৈ উঠিছে । তাৰ পাছত আমাৰ আলোচনা জৈৱ কৃষিৰ ফালে ঢাল খালে । মন কৰিলো এই সৰু কোঠালীটোৰ প্রায় কেইজন যাত্রীয়ে আমাৰ আলোচনা শুনি আছে । জীৱন বীমাৰ কামত সততে ঘুৰি ফুৰা পুৰকায়স্থই বহুতো ভিতৰুৱা অঞ্চলৰ কথা ক’লে । তেখেতে জানিবলৈ দিলে কিদৰে সৰু সৰু চাহ বাগিচাবোৰে আমাৰ বাৰীবোৰ গ্রাস কৰি আহিছে । তদুপৰি বাগিচাবোৰত ব্যৱহাৰ কৰা বিভিন্ন ঔষধৰ বাবে পৰিৱেশত কেনে প্রভাৱ পৰাৰ সম্ভাৱনা আছে সেই বিষয়েও ক’লে । ইয়াকে শুনি এচুকত মনে মনে বহি অহা আইতা এগৰাকীয়ে কৈ উঠিল ---: এহঃ আজিকালি পিৰালিলৈকে চাহ গছ । গাঁওবোৰত ঘুৰিবই নোৱৰা হ’লো । কিবা দেৱাই দেৱাই গোন্ধাই থাকে ।” অলপ ৰৈ তেখেতে পুনৰ ক’লে ---“এইবোৰ জানো ভাললৈ হৈছে।”
আইতাগৰাকীৰ কথা শুনি মোৰ এনে লাগিল যেন ইমানপৰে মই আধুনিক কৃষি পদ্ধতি আৰু পৰিৱেশ প্রদূষণ শীর্ষক কোনো আলোচনাচক্রত ভাগ লৈ আছিলো আৰু আলোচনাৰ শেষত অধ্যক্ষাই তেখেতৰ মন্তব্য দাঙি ধৰিছে । হঠাৎ মনত পৰি গ’ল আজিৰপৰা বহু বছৰৰ আগেয়ে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছেল কার্চন নামৰ এগৰাকী মহিলাই শস্যৰ পথাৰত কীটনাশক ঔষধৰ ব্যৱহাৰৰ বাবে হ’ব পৰা সমস্যাৰ বিষয়ে বিশ্ববাসীক সকীয়াই দিছিল । আৰু আজি এয়া এগৰাকী আশী বছৰীয়া বৃদ্ধাই চাৰিটা মাত্র বাক্যৰে উজনি অসমৰ বর্তমানৰ গাঁৱৰ এখন ছবি সুন্দৰভাবে দাঙি ধৰি আমাক সুধিছে---এয়া জানো আমি ভাল কাম কৰিছোঁ।
ৰেল আহি নাহৰকটীয়া পালেহি । ল’ৰা-ছোৱালীৰ সৰু দলটো ইয়াতে নামিল। অতি সোনকালে লগ পোৱাৰ আশাৰে মাত লগাই কৃষকজনো নামিল । দবাটোলৈ নতুন যাত্রী উঠি নহাৰ বাবে আমি হাত-ভৰি মেলি বহিবলৈ সুবিধ পালো । খন্তেক ৰৈ ফর্টিন ডাউন পুনৰ চলিবলৈ ধৰিলে । ৰে’লৰ জোকাৰণিৰ লগে লগে আইতাগৰাকীৰ কথাখিনিয়ে মনত দোলা দি যাবলৈ ধৰিলে ।
“ আচ্ছা ছাৰ, আকৌ লগ পাম । নামৰূপ আহি গৈছোঁ । আৰু পাঁচ মিনিট বাকী।”
হাতত থকা কাগজপত্রখিনি সামৰি পুৰকায়স্থই মাত লগালে । দেখিলো আইতাগৰাকীৰ লগত অহা সৰু ল’ৰাজনে বাংকৰপৰা বেগ দুটামান নমাইছে । তাৰমানে আইতাও ইয়াতে নামিব । তেখেতৰ লগত কথা পতাৰ ইচ্ছা আছিল । কিন্তু সেই সুবিধা কৰিব নোৱাৰি বেয়া লাগিল ।
নামৰূপত কিছু সময় ৰৈ ৰে’ল পুনৰ চলিবলৈ ধৰিলে । নিজম পৰি যোৱা সৰু কোঠাটোত কেৱল গগৈ আৰু মই । খিৰিকীয়েদি বাহিৰলৈ চাই দেখিলো - এখন বহল পথাৰৰ মাজেদি আমাৰ ৰে’ল গৈ আছে । দুয়োকাষে শাওণৰ সঁজাল ধৰা পথাৰ । মাজে মাজে বাঁহনি; নাম জনা-নজনা গছেৰে হাবিতলীয়া অঞ্চল । প্রায় প্রতিটো ঘৰৰ আগে-পিছে আইতাগৰাকীয়ে কোৱাৰ দৰে সৰু সৰু চাহ বাগিচা । কিছুমান ঘৰৰ বাৰীৰ ঢাপত গাঢ় সেউজীয়া ৰঙৰ বহল পাতেৰে টকৌ গছৰ শাৰী । দূৰৈত নগা পাহাৰ । এটা সেউজীয়া পৰিৱেশৰ মাজেদি আমি গৈ আছোঁ । তাকে দেখি ক’বলৈ মন গ’ল ---How green is my valley ! লগে লগে এবাৰ এজনে এনে সেউজীয়া দেখি ‘ Assam is green but there is no green revolution’ বুলি কৰা ভ্রূকুটিফাকিও মনত পৰিল ।




ফর্টিন ডাউন আগবাঢ়ি থাকিল । যাত্রীৰূপী বিভিন্ন বৃত্তিৰ পুৰুষ-মহিলা উঠিছে- নামিছে । ইতিমধ্যে বৰহাট, সাপেখাতী, ভজো, চফ্রাই আদি পাৰ হৈ শিমলুগুৰি জংশ্যন পালোহি । ৰে’ল কিছুসময় ৰ’ব । প্লেটফর্মলৈ নামি গ’লো । আজিকালি ইয়াৰপৰা মৰাণহাট হৈ ডিব্রুগড়লৈ ৰে’ল চলে । অৱশেষত অসমবাসীৰ এটা দীর্ঘদিনীয়া দাবী পূৰ হ’ল । এতিয়া বহুকেইখন ৰে’ল এই পথটোত চলাচল কৰে । তিনিচুকীয়া হৈ ঘুৰি যাবলগীয়া নোহোৱাৰ বাবে সময় কম লগা হ’ল । পাছলৈ বগীবিলৰ দলংখন হৈ উঠিলে লখিমপুৰ আদি ঠাইবোৰলৈ নিশ্চয় যাব পৰা যাব । এনে হ’লে উত্তৰপাৰৰ ঠাইবোৰ বৰ ওচৰৰ হৈ পৰিব । গৰম চাহ একাপ খাই খাই গগৈদেৱৰ লগত এনেবোৰ কথা পাতি দবাটোলৈ আহি দেখোঁ সৰু ল’ৰা-ছোৱালী দুটিৰে মানুহ এহাল আমাৰ কোঠাটোত বহিছেহি । পৰিয়ালটো গগৈৰ চিনাকি । আমগুৰিলৈ যাব । বহুত দিনৰ মূৰত গগৈদেৱৰ লগত দেখাদেখি হৈছে । তেওঁলোক কথাত ব্যস্ত হৈ পৰিল । ল’ৰা-ছোৱালীহালে খিৰিকীৰ কাষত বহিবলৈ হেতা-ওপৰা লগালে । তাকে দেখি মই মাতি আনি মোৰ সমুখৰ এজনীয়া আসনখনত দুয়োটাকে বহুৱাই দিলো । সৰুতে আমিও ৰে’লে-বাছে গ’লে খিৰিকীৰ কাষত বহিবলৈ উৎপাত লগাইছিলো । দুয়োটাই আনন্দমনেৰে মোৰ সমুখত বহি বাহিৰৰ দৃশ্যবোৰ চাই যাবলৈ ধৰিলে ।




শিমলুগুৰি আৰু নাজিৰাৰ মাজত দূৰত্ব বৰ কম । হায়দৰাবাদ-ছেকেন্দৰাবাদৰ দৰে Twin city বুলিব পাৰি । গগৈদেৱে পৰিয়ালটোৰ লগত কথা-বতৰা হ’বলৈ বেছ সময় নাপালে । যিখিনি সময় কথা পাতিলে তাৰপৰা বুজিলো তেওঁলোকৰ পৰিচয় বহুদিনীয়া । গগৈদেৱ অৰুণাচলত থকাৰ বাবে দেখা- সাক্ষাৎ কিছু কমকৈ হয় । আজি এয়া ফর্টিন ডাউনত বহুত দিনৰ পাছত দেখাদেখি হ’ল । নাজিৰাত গগৈদেৱ নামি যোৱাত বেয়া লাগিল । তিনিচুকীয়াৰপৰাই একেলগে আহিছিলো । আকৌ কেতিয়াবা যে লগ পাম তাৰো নিশ্চয়তা নাই । এইবাৰ সহযাত্রী হ’ল শইকীয়াৰ পৰিয়ালটো । তেওঁলোক আমগুৰিলৈ যাব । তেওঁলোকৰ লগত দুটা-এটা কথা পাতি গৈ আছোঁ । ইতিমধ্যে বেলি লহিয়াবলৈ ধৰিছে । চলন্ত ৰে’লৰপৰা অস্তগামী বেলিটো চাই চাই বিভোৰ হৈ পৰিলো । বহু বছৰৰ পাছত সূর্যাস্ত উপভোগ কৰাৰ সুবিধা পালো । মনটো ভৰি গ’ল । লাহে লাহে আন্ধাৰ নামি আহিল ।
সৰু ষ্টেশ্যন এটাত ৰে’লখন ৰ’ল । হুৰমূৰকৈ এজাক যাত্রী উঠি আহিল । চাই দেখিলো চাহ জনজাতিৰ ডেকা-গাভৰু দল এটা । হাঁহি- মাতি জাকটো খালী আসনবোৰত বহিবলৈ হেতা-ওপৰা লগাইছে । প্রত্যেকৰে হাতত একো একোটা মোনা । দুজনমান ডেকাই বাহিৰত থকা লগৰ কেইজনক চিঞৰি চিঞৰি আমাৰ দবাটোলৈ মাতিলে । এইদৰে জাক পাতি অহা দলটো দেখি আচৰিত হৈ পৰিলো । ৰে’ল চলাৰ পাছত দলটোলৈ ভালদৰে চাই বুজিলো এওঁলোক শ্রমিক । ক’ৰবাত কাম কৰি ঘৰলৈ উভতিছে । মোৰ সমুখত বহা ডেকাজনক সুধি জানিব পাৰিলো দলটো নিতৌ নকছাৰীৰপৰা নামতিআলিলৈ কাম কৰিবলৈ আহে । ৰাতিপুৱা এইখন ৰে’লত আহি আবেলি পুনৰ এইখনতে উভতি যায় । অৱশ্যে শণিবাৰে আহিব নোৱাৰে । কাৰণ সেইদিনা এইখন ৰে’ল তিনিচুকীয়াৰপৰা নাহে । ঘৰৰ ওচৰতে কিবা কাম পালে কৰে । তাৰমানে থার্টিন আপ যায়, কিন্তু ফর্টিন ডাউন নাহে । এওঁলোকৰ প্রায় প্রতিজনেই ঘৰৰ কাষৰ পাঠশালখনত পঢ়িছিল । দুজনমানে ইংৰাজী আখৰকেইটাও চিনি পায় । কিন্তু ঘৰৰ অৱস্থাৰ বাবে কাম কৰিবলৈ ওলাই আহিছে । নিজৰ মাজতে কথা-বতৰা পাতি জাকটো হাঁহি- মাতি গৈ আছে । কেনে প্রণৱন্ত এই ডেকা-গাভৰুহঁত! ঘৰৰপৰা ইমান দূৰলৈ কাম কৰিবলৈ ওলাই আহিছে। দিনটো কঠোৰ পৰিশ্রম কৰি এতিয়া ঘৰলৈ উভতিছে । তথাপিও ক্লান্ত হৈ পৰা নাই।
আমগুৰিত শইকীয়াৰ পৰিয়ালটো নামিল । জাকটোৰ হাঁহি-ধেমালিখিনি নিৰৱে উপভোগ কৰি গৈ আছোঁ । হঠাৎ কোনোবা এজনে চিঞৰি উঠিল ---“এই বন্ধ কৰ, বন্ধ কৰ ।” তাৰপাছত ল’ৰাবোৰে ধুমধাম খিৰিকীৰ টিনৰ ছাটাৰবোৰ তললৈ নমাবলৈ ধৰিলে । একো বুজিব নোৱাৰি সিহঁতলৈ চাই থাকিলো । ইয়াৰ মাজতে ছাটাৰত শিলগুটি পৰাৰ শব্দ শুনিলো । আচৰিত হৈ ইফালে সিফালে চাওঁতে আমাৰ দীঘল দবাটোৰ খিৰিকীত অবিৰাম শিলগুটি পৰাৰ শব্দ শুনিবলে পালো । কিছু সময়ৰ ৰে’লখন দলং এখনৰ ওপৰেদি পাৰ হোৱা যেন লাগিল । দলং পাৰ হোৱাৰ পাছত ডেকাহঁতে ছাটাৰবোৰ পুনৰ দাঙি দিবলৈ ধৰিলে । গোটেই ঘটনাটো ইমান খৰধৰকৈ ঘটি গ’ল যে মই একি উৱাদিহ নাপালো । মোক আচৰিত হোৱা দেখি ডেকা এজনে ক’লে প্রায়ে হেনো এই ঠাইডোখৰত বাহিৰৰপৰা কোনোবাই শিলগুটি মাৰে । ছাটাৰ সময়ত জপাই নিদিলে যাত্রী সদায় জখম হয় । ভাবিলো আজি এইজাকটো নথকা হ’লে মোক কিজানি শিলগুটিয়ে ইতিমধ্যে জখম কৰিলেহেঁতেন । এনে পৰিস্থিতিত এদিনীয়া যাত্রীৰ জখম হোৱাৰ পূর্ণ সম্ভাৱনা থাকে। উঃ ল’ৰাহঁতে মোক ভাল ৰক্ষা কৰিলে !
সৰু ষ্টেশ্যন এটাত ৰে’লখন ৰ’ল । বাহিৰত আন্ধাৰ একো নেদেখি । আমাৰ কোঠাটোৰপৰা এজনে উকি মাৰি কাষৰ দবাত থকা লগৰবোৰৰ খবৰ ললে। শিলাবর্ষণে কাকো একো জখম কৰা নাই । ৰে’ল চলাৰ খন্তেক পাছতে জাকটো নামিবলৈ বুলি নিজ নিজ মোনা-টোপোলাবোৰ সামৰিবলৈ ধৰিলে । মোৰ ভয় হ’ল আগত ক’ৰবাত পুনৰ শিলাবর্ষণৰ সন্মুখীন হওঁ নেকি ? এজনে ক’লে ---“ নাই, ভয় নকৰিব। কেতিয়াবা কেতিয়াবা চেলেং পাৰ হৈ দলং উঠাৰ আগেয়ে পাথৰ মাৰে। আমি সব দিন আহি থাকোঁ কাৰণে জাগাটো চিনি পাওঁ । ” নকছাৰীত জাকটো নামি গ’ল।
এতিয়া কোঠাটোত মই অকলশৰীয়া । কাষৰ আন কোঠাত দুজনমান আছে । আন্ধাৰৰ মাজেদি ফর্টিন ডাউন আগবাঢ়ি থাকিল । কিছু সময়ৰ পাছত বাহিৰত লাইটৰ পোহৰ দেখি জুমি চাই উমান পালো ৰে’ল আহি মৰিয়নি পাইছেহি । ইয়াতে ইঞ্জিনটো আগৰপৰা আনি পাছফালে জোৰা লগাব। কাৰণ মৰিয়নিৰপৰা যোৰহাটলৈ যাওঁতে ৰে’লৰ দিশ সলনি হ’ব । পুৰকায়স্থই কোৱা কথাষাৰ মনত পৰিল । আধা ঘন্টামানৰ কাৰবাৰ এটা হ’ব । তেখেতে আৰু দুটামান কথা কৈছিল । সেইমতে গৰম গৰম পুৰি-চবজি আৰু চাহ একাপ খাই ইঞ্জিনটো জোৰা দিয়াৰপাছত প্রায় শেষৰ ফালৰ দবা এটাত বহিলোহি । এতিয়া যোৰহাটত নামি বেছি খোজ কাঢ়িব নালাগিব । ইতিমধ্যে বহুকেইজন পুৰুষ-মহিলা দবাটোত বহিছিলহি । তাৰমানে পুৰকায়স্থই দিয়া বুদ্ধিটো আন বহুতে জানে । ম’বাইলটো জেপৰপৰা উলিয়াই ঘৰলৈ বুলি বুতাম টিপিলো । অলপ সময়ৰ পাছত সিফালৰপৰা শ্রীমতীৰ মাতটো ভাহি আহিল ---
“ পালেগৈ নেকি ?”
“ নাই, পোৱাগৈ নাই । মৰিয়নি পাইছোহি ।”
“ কি  ? মৰিয়নি! যোৰহাটলৈহে গৈছিল ?”
“ ৰে’লেৰে আহিছোঁ বুজিছা । বৰ ভাল লাগিছে ।”
“ ৰে’লেৰে ? অসুবিধা হৈছে নেকি ?”
“ নাই, নাই । অসুবিধা হোৱা নাই । বৰ আৰামত আহিছোঁ । অৱশ্যে অলপ আগেয়ে এডভেঞ্চাৰ এটা হ’ল । ”
“ এডভেঞ্চাৰ ?”
“ অ’, মানে শিলাবর্ষণ এটাৰপৰা হাত সাৰি আহিলো । এতিয়া আৰু চিন্তা কৰিবলগীয়া নাই । থওঁ দিয়া পাছত ক’ম ।” ম’বাইলটো অফ কৰি দিলো ।
এটা সময়ত ৰে’ল চলিল । মন্থৰ গতিত গৈ থাকি কিছু সময়ৰ বাবে চিনামৰাত ৰৈ ফর্টিন ডাউন যেতিয়া যোৰহাট পালেহি তেতিয়া আঠ বাজি পঁচিছ মিনিট । শেষৰ ফালৰ দবাত থকাৰ বাবে অলপ খোজ কাঢ়িয়েই ৰিক্সা এখন পালো। পুৰকায়স্থলৈ আকৌ এবাৰ মনত পৰিল ।
যাবতীয় কাম-কাজখিনি শেষ কৰি দুদিনৰ পাছত যোৰহাটত পুনৰ তিনিচুকীয়ামুখী ৰে’লত উঠিলো । পুৱা তেতিয়া পাঁচ বাজি ত্রিছ মিনিট । এইবাৰ থার্টিন আপত । ভাৰা ছাব্বিছ টকা । ফর্টিন ডাউনতকৈ তিনি টকা কম । আপ আৰু ডাউন ৰে’লৰ ভাৰাৰ এই প্রভেদটো কিয় হ’ল বুজি নাপালো । যথা সময়ত ৰে’ল চলিবলৈ ললে । দবাটোৰ প্রতিটো কোঠাতে যথেষ্ট যাত্রী । বুজিলো থার্টিন আপ আৰু ফর্টিন ডাউনে সর্বসাধাৰণক আকর্ষণ কৰিব পাৰিছে । মৰিয়নিত আধা ঘণ্টামান ৰৈ থার্টিন আপ তিনিচুকীয়ালৈ বুলি আগবাঢ়িল । আজি শণিবাৰ ; নকছাৰীত শ্রমিকৰ জাকটো নুঠিল । খেতিপথাৰ, সৰু সৰু চাহ বাগিচা, ৰাস্তা-ঘাট আদিত কাম কৰি জাকটোৱে ভাল উপার্জন কৰা যেন লাগে । সিদিনা প্রত্যেকৰে হাতে হাতে ম’বাইল ফোন দেখিছিলো । দুজনমানে কাণত ear phone লগাই গান শুনিও আহিছিল । ল’ৰা- ছোৱালীহঁতৰ সাজপাৰ দেখিও অভাৱত থকা যেন নালাগে । আজি দুজনমানে হয়তো ওচৰৰে ক’ৰবাত কাম কৰিব । তথাপি নিশ্চিত কাম এটাৰ বাবে এই ৰে’লখনেই ইহঁতৰ একমাত্র ভাৰসা । থার্টিন আপ- ফর্টিন ডাউন নথকাৰ সময়ত এই শ্রমিকৰ দলটোৱে বাৰু কাম বিচাৰি ক’লৈ গৈছিল ? তেতিয়া বাৰু ইহঁত ইমান ৰঙিয়াল আছিলনে ? হাতে-হাতে ম’বাইল ফোন লৈ ফুৰিব পাৰিছিলনে ? ইত্যদি নানান প্রশ্নই মনত ভুমুকি মাৰি থাকোঁতে ৰে’ল আহি ষ্টেশ্যন এটাত ৰ’লহি। বাহিৰলৈ চাই দেখিলো এজাক ল’ৰাই পাচলিৰ ভাৰ লৈ ৰে’লত উঠিবলৈ খৰধৰ লগাইছে । সৰু ষ্টেশ্যন; ৰে’ল কম সময়ৰ বাবে ৰ’ব । যিয়ে য’তে সুবিধা কৰিব পাৰিছে ত’তে উঠি লগৰবোৰক উঠাত সহায় কৰিছে । তলত থকা দুজনমানে বাহিৰৰপৰা তদাৰক কৰি আছে । চাওঁতে চাওঁতে গোটেই জাকটো ৰে’লত উঠিল । আমাৰ কোঠাটোত দহজনমান । নিজৰ নিজৰ ভাৰবোৰ থানথিত লগাই খালী হৈ থকা আসনবোৰত ল’ৰাবোৰ বহিল । আসন নোপোৱা দুজনমান থিয় হৈ ৰ’ল। মোৰ কাষত এজন বহিল । সৰু ল’ৰা; বয়স বিছ-বাইছ বছৰ । ফোপাই-জোপাই আছে । মই লাহেকৈ সুধিলো---“ উঠিব পাৰিলা ?”
“ অভ্যাস হৈ গৈছে । সদায় আহোঁ নহয় । ”---হাঁহি হাঁহি উত্তৰ দিলে ।
“ ক’লৈ যাবা ?”
“ শিমলুগুৰিলৈ ।”
“ কি কি আনা ?”
“ যেতিয়াই যি পাওঁ । আজি জিকা আৰু তিঁয়হ আনিছোঁ ।” মুখত তেতিয়াও হাঁহিটো লাগি আছে ।
“ খেতি নিজে কৰিছা নে আনৰপৰা কিনি আনিছা ?”
“ নিজৰো আছে, আনৰপৰাও কিনি আনো ।”
মন কৰিলো ল’ৰাজনৰ লগৰীয়া এজনে কাৰোবাৰ লগত ম’বাইলত কথা পাতিছে । কথা-বতৰাৰপৰা বুজিব পাৰিলো তেওঁ আজি ল’ৰাহঁতে কি কি পাচলি আনিছে আৰু সেইবোৰৰ দাম বজাৰত কিমান হ’ব সেইলৈ সিফালে থকাজনৰ লগত আলোচনা কৰিছে । মোৰ কাষৰ ল’ৰাজনে মন দি কথাখিনি শুনি আছে । কাষৰ কোঠাৰপৰাও দুজনমান আহি লগ লাগিলহি । অলপ সময়ৰ পাছত ম’বাইল অফ কৰি সিহঁতৰ মাজত কিবা আলোচনা হ’ল । এনে লাগিল যেন মই এটা আন্তর্জাতিক বাণিজ্য কেন্দ্রৰ ভিতৰচ’ৰাত আছোঁ, য’ত অলপ সময়ৰ পাছতে কোনো সামগ্রীৰ সেই দিনটোৰ বজাৰ মূল্য নিৰূপণ হৈ যাব । ল’ৰাহঁতৰ কথা-বতৰাৰ ধৰণ দেখি বুজিলো এওঁলোক ইতিমধ্যে ব্যৱসায়ত পার্গত হৈ উঠিছে । ৰে’লখনৰ আন দবাত থকা লগৰবোৰৰ লগত ম’বাইল ফোনেৰে যোগাযোগ কৰি ল’ৰাহঁত এটা সময়ত কোনো এটা স্থিৰ সিদ্ধান্তলৈ অহা যেন লাগিল । আনন্দতে এজনে ম’বাইলত বিহুগীত এটা লগাই দিলে । কোঠাটো হঠাৎ বিহুতলী যেন হৈ পৰিল ।
“ কি হ’ল, বৰ ফূর্তি দেখোন ?”
“ আজি অলপ ভাল দাম পাম ।”---জাকটোৰ এজনে হাঁহি হাঁহি ক’লে ।
ইতিমধ্যে মোৰ লগত সহজ হৈ পৰা ল’ৰাকেইজনৰ লগত কথা পাতি জানিব পাৰিলো সিহঁতৰ গোটেই জাকটো মেট্রিক পাছ । দুজনমানে ঘৰৰ ওচৰৰে জুনিয়ৰ কলেজখনত কলা শাখাত পঢ়ি আছে । এদিন হয়তো ডিগ্রি ল’ব । ডিগ্রি নহ’লেও সিহঁতৰ আক্ষেপ নাই । ধান-চাউল, পাচলি আদিৰ বজাৰখন অলপ বুজি উঠিছে যেতিয়া বিশেষ চিন্তা কৰা নাই । কলখেতি কৰি সামান্যভাৱে হ’লেও লংকাৰ বণিজ এখন হাতত পোৱা বুলিও জানিবলৈ দিলে । কৃষি বিষয়া-কর্মচাৰীকেইজনৰ লগত যোগাযোগ ৰাখিছে । খেতিত যে লক্ষ্মীৰ বসতি এই কথাষাৰ সিহঁতে এই বয়সতে ভালদৰে বুজি উঠিছে ।
থার্টিন আপ আহি শিমলুগুৰি পালেহি । ল’ৰাৰ জাকটোৱে খৰধৰকৈ পাচলিৰ ভাৰবোৰ নমাবলৈ ধৰিলে । নতুন এজাক যাত্রী দবাটোলৈ সোমাই আহিল । প্লেটফর্মলৈ চাই দেখিলো বিৰাট ভিৰ । সেই ভিৰৰ মাজেদি বাট উলিয়াই ল’ৰাৰ জাকটো কান্ধত পাচলিৰ ভাৰ লৈ বজাৰলৈ বুলি আগুৱাই গৈ আছে । নতুন সহযাত্রীসকললৈ মন কৰিলো । এজন যদি ছাত্র আনজন ব্যৱসায়ী ; এজন যদি শ্রমিক, আনজন কর্মচাৰী । দিনটোৰ বাবে প্রত্যেকেই ঘৰৰপৰা ওলাই আহিছে । আবেলি ফর্টিন ডাউনত উভতিব । তাৰমানে থার্টিন আপ- ফর্টিন ডাউনে এইদৰে নিতৌ অজস্রজনক কঢ়িয়াই আছে । ইয়াৰ মাজতে আছে মোৰ দৰে কোনোবা গৃহমুখী যাত্রী । ৰে’ল বিভাগে এই সেৱা প্রবর্তন কৰাৰ আগেয়ে বাৰু এইছোৱা পথৰ যাত্রীসকলে কিদৰে অহা-যোৱা কৰিছিল ? লামডিং-তিনিচুকীয়াৰ মাজত ৰে’ল সেৱা এটা বহুত দিনৰপৰাই আছে । কিন্তু চলাচলৰ সময়টো এই সময়ছোৱাৰ যাত্রীৰ বাবে মুঠেই সুবিধাজনক নহয় । এতিয়া থার্টিন আপ- ফর্টিন ডাউনৰ সময়সূচী ছাত্র-ব্যৱসায়ী- শ্রমিক-কর্মচাৰীৰ লগতে আন যাত্রীসকলৰো উপযোগী হৈ পৰাত প্রত্যেকৰে এই সেৱাৰ লগত এৰাব নোৱৰা সমন্ধ গঢ়ি উঠিছে । .....
হঠাৎ আজিৰ এই ল’ৰা কেইজনৰ লগতে যাত্রাৰ আৰম্ভণিতে তিনিচুকীয়াত লগ পোৱা ল’ৰা-ছোৱালীৰ জাকটো আৰু নকছাৰীৰ শ্রমিক দলটোলৈ মনত পৰি গ’ল । এই তিনিওটা চামৰ মাজত কিমান মিল ! প্রায় একে বয়সৰ এই চামটোক কলেজৰ ডিগ্রি নালাগে ; লাগে উপার্জনৰ এটা নিশ্চিত পথ । এই পথ এওঁলোকে নিজে বিচাৰি উলিয়াইছে । মফচলীয়া অঞ্চলৰ চামটো ভকেশ্যনেল কর্ছ কৰি নিজক সংস্থাপিত কৰিবলৈ আগবঢ়িছে । গ্রাম্য অঞ্চলৰ চামটোৱে কৃষিৰ মাধ্যমেৰে নিজৰ ভৰিত থিয় দিবলৈ আগবাঢ়িছে । আনহাতে সৎ পথত থাকি যিকোনো ধৰণৰ কাম কৰি ঘৰখনৰ উপার্জন বঢ়াবলৈ আগবাঢ়িছে আন এচাম ল’ৰা-ছোৱালী । এই তিনিওটা চামকে লগ পালো থার্টিন আপ- ফর্টিন ডাউনত । আৰু লগ পালো গাঁৱৰ নির্মল বতাহ দুষিত হৈ পৰা দেখি শংকিত হোৱা আইতা এগৰাকী, পৰমুখাপেক্ষী হৈ বহি নাথাকি আধুনিক কৃষিৰ কথাবোৰ শিকি-বুজি নিজেই আগবাঢ়িবলৈ চেষ্টা কৰা আগৰণুৱা কৃষক এজন আৰু নানান ঠাই ভ্রমি অভিজ্ঞতাৰে পৰিপুষ্ট হৈ পৰা পুৰকায়স্থ আৰু গগৈৰ দৰে ভদ্রলোক দুজন । খিৰিকীৰ কাষত বহিবলৈ হেতা-ওপৰা কৰা অকণমানি শিশু দুটিৰ মাজত অলপ সময়ৰ বাবে হ’লেও নিজ ল’ৰালিৰ কালছোৱা বিচাৰি পাইছিলো । হেঙুল বৰণীয়া আকাশখন চাই সূর্যাস্ত উপভোগ কৰাৰ সুবিধা আকৌ বাৰু কেতিয়া পাম ? ...
....উকি মাৰি মাৰি থার্টিন আপ আগবাঢ়ি আছে । ময়ো এই যাত্রাৰ বিৰল অভিজ্ঞতাখিনি ৰোমন্থন কৰিবলৈ চকু দুটা মুদি দিলো ।...

[প্রথম প্রকাশ: ‘প্রান্তিক’ ১৬-৩১ মে’ ২০১২]






ম’বাইল: ৯৪৩৫১৩৫৬৩১