Sunday 11 May 2014

কপৌফুল ::(অষ্টম ভাগ) -On Orchid-part-VIII


সেউজী ধৰণী

কপৌফুল
(অষ্টম ভাগ)


নৱ কুমাৰ বৰা

প্রতিৰক্ষা ব্যৱস্থা
       তুলনামূলকভাবে অন্যান্য গছ-গছনিতকৈ অর্কিডৰ পোক-পৰুৱা, ৰোগ-ব্যাধিৰ সমস্যা কম। তথাপি সঁচৰাচৰ দেখা দিয়া কেতবোৰ এনে সমস্যাৰ বিষয়ে আজি আলোচনা কৰা হ’ব। অৱশ্যে সাধাৰণ পৰিষ্কাৰ-পৰিচ্ছনতা আৰু নিয়মিত পৰিচর্যাৰ নিয়মবোৰ মানি চলিলে বহুতো সমস্যা এৰাই চলিব পাৰি।

গ্রীণ ফ্লাই:
ইহঁতে কুমলীয়া গজালি আৰু কলিবোৰ খাই নষ্ট কৰে। মালাথিয়ন ৫০ ইচি বা তেনে তুলনামূলকভাবে নিৰাপদ ঔষধৰ চাহ চামুচৰ এচামুচ প্রতি দহ লিটাৰ পানীত মিহলাই ষ্প্রে কৰিব লাগে।




ৰঙা মকৰা:
       ইহঁতে সাধাৰণতে কোমল পাতৰ তল পিঠিত থাকে। আক্রান্ত অংশত প্রথমে বগা ফুটফুটীয়া দাগ পৰে যিবোৰ পাছলৈ ৰঙচুৱা হৈ পৰে। ধপাত মিশ্রণ পানীত কপাহ তিয়াই পাতবোৰ মচি দিলে ইহঁতৰ উপদ্রব কমে।




স্কেল:
       এইবিধ টান পাতৰ অর্কিড, যেনে-কেট্রলিয়া, অনচিডিয়াম, ভান্দা আদিত দেখা যায়। মালাথিয়ন জাতীয় ঔষধ ব্যৱহাৰ কৰি ইহঁতৰ আক্রমণ ৰোধ কৰিব পাৰি।




উল্লি এফিড
       ইহঁতৰ আক্রমণৰ বাবে পাতত বগা মমৰ দৰে পদার্থ উৎপন্ন হয়। ধপাত মিহলি পানীৰে পাতবোৰ মচি দিলে ইহঁত আঁতৰ হয়।




পইতাঁচোৰা
       ইহঁতে ফুল আৰু শিপা খাই নষ্ট কৰে। ৰুটি, আলুৰ চকল আদিত ঔষধ দি গছবোৰৰ মাজে মাজে প্রলোভন টোপ হিচাপে থৈ ইহঁতক কমাব পাৰি। এনে টোপ ব্যৱহাৰ কৰি উঁইচিৰিঙা, কুমটি আদিও নিয়ন্ত্রণ কৰিব পৰা যায়।



স্প্রিংটেইল
       এই ক্ষুদ্র কীটবোৰে মাটিত থাকি নতুন শিপাবোৰ নষ্ট কৰে। চাবোন অথবা ধপাত মিহলি পানীৰে ইহঁতক আঁতৰাব পাৰি।




থ্রিপচ:
অতি ক্ষুদ্র এইবিধ কীটৰ আক্রমণৰ বাবে পাত আৰু
 ফুলত দাগ পৰে। পাতত বা ফুলত ছবিত দেখাৰ দৰে দাগ দেখিলে ইহঁতৰ উপদ্রৱৰ কথা বুজিব পাৰি। মালথিয়ন জাতীয় ঔষধ ব্যৱহাৰ কৰি থ্রিপচৰ আক্রমণ ৰোধ কৰিব পাৰি।





পাত ক’লাপৰা ৰোগ
       কেট্রলিয়া আদি অর্কিড এই ৰোগত সহজে আক্রান্ত হোৱা দেখা যায়। পিথিয়াম নামৰ ভেঁকুৰ জাতীয় বীজাণু এবিধৰ বাবে হোৱা এই ৰোগ প্রথমে শিপাত আৰম্ভ হৈ উপকণ্ডবোৰ শুকুৱাই দিয়ে। পাছলৈ পাতবোৰ ক’লা পৰে। পুলিবোৰ আক্রান্ত হ’লে এফালৰ পৰা পচি যায়। এই ৰোগবিধ অতি মাৰাত্মক আৰু সহজে সোঁচৰে। সেয়ে বেমাৰী অংশ কাটি আঁতৰত পুতি দি নষ্ট কৰিব লাগে আৰু আক্রান্ত গছবোৰত বেভেষ্টিন, ব্লাইটক্স আদি ঔষধৰ এক গ্রাম প্রতি লিটাৰ পানীত মিহলাই ষ্প্রে কৰিব লাগে।











পাত মুগা বা ৰঙচুৱাপৰা ৰোগ
       গ্লিয়স্পৰিয়াম নামৰ ভেঁকুৰবিধৰ বাবে পাতত প্রথমে ক্ষুদ্র মুগা বৰণৰ ঘুৰণীয়া দাগ পৰে। পাছলৈ দাগবোৰ লগলাগি ডাঙৰ হৈ গোটেই পাতখিলাত বিয়পি পৰে। এনে অৱস্থাত পাতবোৰ ৰঙচুৱা হৈ পৰে। যথা সময়ত ব্যৱস্থা নললে উপকণ্ডলৈ ৰোগ বিয়পি গছজোপা মাৰি পেলায়। এই ৰোগ দেখা দিলে ব্লাইটক্স এক গ্রাম প্রতি লিটাৰ পানীত মিহলাই ষ্প্রে কৰিব লাগে।









      
       সৌভাগ্যক্রমে অর্কিডত ভাইৰাচ জাতীয় ৰোগ নাই বুলিব পাৰি। কেৱল চিমবিডিয়াম আদিত ক’লা, দীঘল দাগ পৰা ভাইৰাচ ৰোগ এবিধ পোৱা গৈছে। ভাইৰাচ ৰোগ কোনো ঔষধেৰে প্রতিৰোধ কৰিব পৰা নাযায়। সেয়ে এনে ৰোগৰ দ্বাৰা আক্রান্ত গছ জ্বলাই নাইবা আঁতৰত পুতি পেলোৱাই একমাত্র উপায়। ভাইৰাচ ৰোগ যিহেতু কীট-পতংগৰ দ্বাৰা বিয়পে সেয়ে মালাথিয়ন আদি নিয়মিত প্রয়োগ কৰি প্রতিষেধক ব্যৱস্থা গ্রহণ কৰিব পাৰি।
আগলৈ...


কৃষি বিজ্ঞানী; ম’বাইল: ৮৪৭২০-২৪৮১৭




No comments:

Post a Comment