Wednesday 7 May 2014

কপৌফুল::(সপ্তম ভাগ) :: On Orchid-Part-VII



সেউজী ধৰণী

কপৌফুল

(সপ্তম ভাগ)







নৱ কুমাৰ বৰা


অর্কিডৰ যতন
নতুন সংগ্রহ
       সংগ্রহিত অর্কিডবোৰ ঘৰলৈ আনি লগে লগে শীতল, ছাঁ ঠাইত ৰখা উচিত। ৰুগীয়া, মৰি যোৱা অংশবোৰ কাটি আঁতৰাই আৰু মোটোকা খাই থকাবোৰ পোনাই পাজৰাই দিব লাগে। থুপখাই থকাবোৰ বিভাজন কৰিলেও প্রতিটো অংশতে যাতে স্বাস্থ্যবান শিপা থাকে তাৰ প্রতি লক্ষ্য ৰাখিব লাগে। বিভাজিত অংশবোৰ সৰু টাবত ঢেঁকীয়াৰ শিপা আৰু মচ সম অনুপাতত মিহলাই ৰুই বা কাঠ অথবা কাগজৰ বাকচত মেলি পাতলীয়াকৈ মচ ছটিয়াই দিব পাৰে। এনেদৰে থোৱা অর্কিডৰ ওপৰত নিয়মিত পানী দিয়া উচিত। তদুপৰি ঠাইডোখৰত ভালদৰে বতাহ চলাচল কৰিব পাৰিব লাগে। ইহঁতক অতি মাত্রা পানী দিব নালাগে। ভুলতো যেন সংগ্রহিত অর্কিডবোৰ পানীত ডুবাই দিয়া নহয় তাৰ প্রতি সচেতন হৈ থাকিব লাগেকিছুদিনৰ পাছত গছবোৰত পৰিবর্দ্ধনৰ লক্ষণ ফুটি উঠা দেখা যাব। কেতিয়াবা ফুলৰ কলিও ওলোৱা দেখা যায়। প্রথম বছৰৰ বাবে এনে কলিবোৰ কাটি পেলোৱা ভাল।

পুৰণি অর্কিড
       এইক্ষেত্রত প্রয়োজনীয় কথাটো হ’ল প্রকৃতিত গছবোৰে ঋতু পৰিবর্তনৰ প্রতি দিয়া সঁহাৰিবোৰ মন কৰাটো। জানুৱাৰী-ফেব্রুৱাৰীৰপৰা গছবোৰত পৰিবর্দ্ধনৰ চিন ফুটি উঠে আৰু উষ্ণতা, পোহৰ তথা আর্দ্রতা বৃদ্ধিৰ লগে লগে লহপহকৈ বাঢ়ি গ্রীষ্মৰ শেষৰ ফালে শীর্ষ অৱস্থা পায়গৈ। বহু অর্কিডৰ ফুলৰ কলি ওলোৱাও দেখা যায়। এই সময়চোৱাত গছবোৰক পর্যাপ্ত পৰিমাণে পোহৰ, বতাহ আৰু পানী লাগে। প্রয়োজন অনুসৰি ছাঁ অথবা আংশিক ছাঁ দৰকাৰ হয়। শৰৎ কাল আৰম্ভ হোৱাৰ লগে লগে উপকণ্ডবোৰ পূৰঠ হৈ জিৰণিৰ যো-জা কৰে। এই সময়চোৱাত অর্কিডবোৰক তুলনামূলকভাবে কম উষ্ণতা আৰু আর্দ্রতা লাগিলেও শ্বাস-প্রশ্বাসৰ বাবে বতাহ চলাচলৰ সুবিধা থকা উচিত। এনেদৰে পোহৰ, উষ্ণতা আৰু আর্দ্রতা হ্রাস হৈ আহি পুনৰ নতুন বছৰৰ পৰা গছবোৰ সক্রিয় হৈ উঠে। কিছুমান অর্কিডৰ আকৌ নতুন পোখা আৰু ফুল বিভিন্ন সময়ত ওলায় বাবে ফুল ফুলাৰ পাছৰ আৰু পোখা ওলোৱাৰ আগৰ সময়চোৱাক সুপ্তকাল বুলি গণ্য কৰা হয়।

       সকলো অর্কিডৰ খাদ্য সঞ্চয়ৰ বাবে উপকণ্ড নাথাকে। এনেবোৰ অর্কিডে ইহঁতৰ মঙহাল পাতবোৰৰ সহায়ত সুপ্তকালচোৱা অতিবাহিত কৰে। এনে জাতীয় অর্কিডৰ ক্ষেত্রত শীতকালি উষ্ণতা আৰু পানী সামান্যভাবে কমোৱা উচিত। ফেলেন’পচিচ আদিৰ পাত কেতিয়াও লেৰেলি যাবলৈ দিব নালাগে। ইহঁতৰ শিপাবোৰ যথেষ্ট সেমেকাকৈ ৰখাৰ দৰকাৰ।

       অর্কিড প্রতিপালৰ সবাটোকৈ গুৰুত্বপূর্ণ দিশটো হৈছে প্রয়োজনীয় পোহৰ, উষ্ণতা আৰু আর্দ্রতাৰ জ্ঞান। ঋতু অনুসৰি পোহৰ বৃর্দ্ধিৰ লগে লগে গছবোৰ বাঢ়ি যায়। পাছলৈ পোহৰ কমিবলৈ ধৰে। এই সময়ত অযথা পোহৰে গছজোপাৰ ক্ষতিসাধন কৰিব পাৰে। কৃত্রিম পৰিৱেশত বেছি পোহৰৰ বাবে গছবোৰ ডেই যোৱা বা হালধীয়া পৰা দেখা যায়। এনে অৱস্থাত ইহঁতক উপযুক্ত পৰিমাণৰ ছাঁ আৰু পানী দিব লাগে। পাতবোৰ চুই চালে পৰিবেষ্টিত পৰিৱেশতকৈ গৰম অনুভূত হলেই পোহৰ অথবা উষ্ণতা বেছি হৈছে বুলি অনুমান কৰিব পাৰি। আনহাতে বেছি ছাঁত গছবোৰ অস্বাভাৱিক দীঘল হৈ পৰেএনে হ’লে পোহৰৰ ব্যৱস্থা কৰিব লাগে। গছবোৰ মুজুৰা মাৰি থাকিলেও পোহৰ কম হৈছে বুলি বুজিব লাগে। বসন্ত কালত ৰ’দ হঠাতে বেছি হ’লে ছাঁ দিব লাগে। কিন্তু বতৰৰ শেষৰ ফালে অতিৰিক্ত ছাঁ দিয়া উচিত নহয়। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে পোহৰৰ বিষয়ে স্পষ্ট ধাৰণা নাথাকিলে আংশিক ছাঁ পৰা ঠাই, যেনে: পাতসৰা গছৰ তলত, অর্কিড ৰাখিব লাগে।

       উষ্ণতাৰ ক্ষেত্রত অর্কিড আন গছ-গছনিতকৈ বেছি সংবেদনশীল। উষ্ণতাৰ উপযুক্ত পৰিসীমাৰ ভিতৰতহে ইহঁত ভাল দৰে জীয়াই থাকেঅন্যথা গছবোৰ মৰি যোৱাৰ সম্ভাৱনা বেছি। দেখা যায় যে উষ্ণতা, পোহৰ আৰু আর্দ্রতাৰ সামূহিক ভাৰসম্যতাতহে অর্কিডৰ জীৱন ধাৰণ সম্ভৱ। কম আর্দ্রতা আৰু উচ্চ উষ্ণতা গছৰ বাবে ক্ষতিকৰআনহাতে কম উষ্ণতা আৰু উচ্চ আর্দ্রতা আর্কিডৰ বাবে উত্তম। বহুতে উষ্ণ মণ্ডলৰ অর্কিডৰ বাবে উচ্চ উষ্ণতাৰ প্রয়োজন বুলি ভুল ধাৰণা পোষণ কৰা দেখা যায়।

       প্রতি পালনৰ সুবিধার্থে প্রয়োজনীয় উষ্ণতাৰ পৰিমাপক তিনিটা ভাগত ভাগ কৰা হৈছে:- শীতল, মধ্যমীয়া আৰু উষ্ণ। এনে পৰিৱেশত গ্রীষ্ম আৰু শীত কালত বিভিন্ন অর্কিডৰ বাবে প্রয়োজনীয় দিন-ৰাতিৰ উষ্ণতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

শীতল পৰিৱেশ


গ্রীষ্ম
দিন
১৬-২১° চে
উদাহৰণ:
চিমবিডিআম,অড’ন’গ্লাচাম, পেচিঅ’পেডিলাম আদি


ৰাতি
১৩° চে

শীত
দিন
১৩-১৬° চে
ৰাতি
১০° চে

       মধ্যমীয়া পৰিৱেশ


গ্রীষ্ম
দিন
১৮-২৪° চে
উদাহৰণ:
কেট্রলিয়া, অনচিডিয়াম, ডেনদ্রবিয়াম আদি


ৰাতি
১৬-১৮° চে

শীত
দিন
১৬-২১° চে
ৰাতি
১৩-১৬° চে

       উষ্ণ পৰিৱেশ


গ্রীষ্ম
দিন
২১-২৯° চে
উদাহৰণ:
ফেলেন’পচিচ, চিৰসেউজীয়া ডেনদ্রবিয়াম আদি


ৰাতি
১৮-২১° চে

শীত
দিন
২১-২৯° চে
ৰাতি
১৮-২১° চে

              উল্লেখ কৰা এনে উষ্ণতা সর্বসাধাৰণৰ বাবে নিয়ন্ত্রণ কৰাটো সম্ভৱ নহয়। অৱশ্যে উষ্ণতাৰ চৰম সীমা বেছি দিন স্থায়ী নহ’লে অর্কিডৰ বিশেষ ক্ষতি নহয়।

আর্দ্রতা আৰু জলীয় বাষ্প
              অর্কিড পালকসকলে বায়ুমণ্ডলৰ আর্দ্রতাৰ লগত পাত্রৰ মিশ্রণ, মাটিৰ জলীয় ভাপ আদিৰ পার্থক্য বুজি লোৱাটো একান্তই বাঞ্চনীয়। বায়ুৰ আর্দ্রতা উদ্ভিদৰ বাবে এক গুৰুত্বপূর্ণ কাৰক। অতি কমেও ৫০% আর্দ্রতা সকলো অর্কিডৰ বাবে প্রয়োজন। আনহাতে আর্দ্রতাৰ হ্রাস-বৃদ্ধিৰ লগত উষ্ণতা আৰু পোহৰৰ কথাও জড়িত হৈ আছে। সাধাৰণতে স্প্রেয়াৰ আদিৰ সহায়ত আর্দ্রতা বৃদ্ধি কৰিব পাৰি যদিও পাতৰ ওপৰত পানী ছটিয়াই দিলে সিমান কামত নাহে। এটা কথা মনত ৰাখিব লাগে যে সন্ধিয়াৰ সময়ত অর্কিডত পানী নিদিয়াই ভাল। কাৰণ আর্দ্রতা বেছি হ’লে ৰাতিৰ ভাগলৈ উষ্ণতা কমি যোৱাৰ বাবে পাতৰ ওপৰত পানীৰ কণিকা জমা হৈ গছৰ ক্ষতি কৰিব পাৰে। আনহাতে পাত্রৰ মিশ্রণত পানীৰ পৰিমাণ আৰু বাহিৰৰ আর্দ্রতাৰ প্রত্যক্ষ সমন্ধও মন কৰিবলগীয়া। মূলতঃ আর্দ্রতা বেছি হ’লে পাত্রৰ মিশ্রণ কমকৈ আৰু কমিলে পাত্রৰ মিশ্রণ বেছিকৈ সেমেকি থকা উচিত। নীতি অনুযায়ী অর্কিড ঘৰত পানী বেছিকৈ স্প্রে কৰি আর্দ্রতা বঢ়াই পাত্রত কমকৈ পানী দিয়াই নিয়ম। শিপাৰ বাবে বেছি পানী ক্ষতিকৰ। আনহাতে শুকান অৱস্থাত ফুল আৰু পাতবোৰ অনিষ্ট হয়। পাত্রৰ মিশ্রণটো পানীৰে ওপচাই দিয়া অনুচিত; মিশ্রণটো যাতে সেমেকি থাকে সেইটোলৈ চকু দিব লাগে। কেতিয়াবা পত্রবোৰ অলপ সময়ৰ বাবে একেবাৰে শুকাই যাবলৈ দিয়াটো বেয়া নহয়। ভূমি অর্কিডবোৰত পানী সাধাৰণতে বেছি লাগে। অৱশ্যে সুপ্তকাল থকা প্রজাতিবোৰত সুপ্তকালত একেবাৰেই পানী দিব নালাগে।

       পানী দিয়াৰ নিয়মৰ লগত পানীৰ গুণাগুণৰ কথাও মনত ৰখা উচিত। কোনো ৰাসায়নিক পদার্থ মিহলি পানী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। গতিকে যোগান ব্যৱস্থাৰ পানী অর্কিডৰ বাবে উপযোগী বুলি ক’ব নোৱাৰি। অতি খাৰুৱা বা অতি আম্লিক পানী ব্যৱহাৰ কৰা অনুচিত। সেইদৰে কঠিন পানী ব্যৱহাৰৰ অনুপযোগী। আজিকালি কঠিন পানী কোমল কৰাৰ বিভিন্ন উপায় ওলাইছে যদিও সর্বসাধাৰণে গ্রহণ কৰিব পৰা এটা সহজ উপায় ইয়াত উল্লেখ কৰা হ’ল। এটা ডাঙৰ পাত্রত পানী ভৰাই তাত পিটপূর্ণ বস্তা এটা ডুবাই থলে কঠিন পানী কোমল হয়। ব্যৱহাৰ কৰা পানীত যথেষ্ট পৰিমাণে অক্সিজেন থাকিব লাগে। সেইবাবে বন্ধ পানীতকৈ বোঁৱতি পানী বেছি উপকাৰী। এনে পানী বহু ৰোগৰ বীজাণুৰ পৰা মুক্ত বুলিব পাৰি। অৱশ্যে সকলোতকৈ উত্তম হ’ল বৰষুণৰ পানী। এনে পানীয়ে গছৰ বাবে উপযোগী বহুকেইটা পোষক দ্রব্যৰ যোগান ধৰিব পাৰে। পানী যোগান ধৰোতে এটা কথা মনত ৰাখিব লাগে যাতে ব্যৱহাৰ কৰা পানীৰ উষ্ণতা পাৰিপার্শ্বিক উষ্ণতাৰ সমান হয়।

       অর্কিডত কৃত্রিম সাৰ প্রয়োগ কৰা-নকৰালৈ তর্কৰ অন্ত হোৱা নাই। বহু বিশেষজ্ঞৰ মতে কৃত্রিম সাৰ ব্যৱহাৰ নকৰাই ভাল। দক্ষ আৰু অভিজ্ঞ লোকসকলৰ বাবে বিশেষ সাৰ বিশেষ সময়ত বিশেষ পদ্ধতিৰে প্রয়োগ কৰাৰ বিধান থাকিলেও সাধাৰণ ৰীতি অনুযায়ী বৰষুণৰ পানীৰ বাহিৰে কোনো ধৰণৰ সাৰ প্রয়োগ কৰা অনুচিত। বিশেষকৈ পৰিবর্দ্ধনৰ সময়চোৱাত যিমান পাৰি সিমান বৰষুণৰ পানী ব্যৱহাৰ কৰিলে উত্তম ফল পোৱা যায়।

_____________________________________________________________________________
কৃষি বিজ্ঞানী; ম’বাইল: ৮৪৭২০-২৪৮১৭


No comments:

Post a Comment