Saturday 26 April 2014

কপৌফুল::পঞ্চম ভাগ: On Orchid-part-V


সেউজী ধৰণী
কপৌফুল

পঞ্চম ভাগ





নৱ কুমাৰ বৰা

পাত্র সলোৱা


       শিপাৰে পাত্রটো ভৰি পৰিলে, শ্রীবৃদ্ধি বাবে যোগান ধৰা মিশ্রণটো অনুর্বৰ হৈ গ’লে, টাবৰ ফুটাবোৰ বন্ধ হৈ বতাহ চলাচল কৰিব নোৱৰা হ’লে অথবা টাবটো ভাঙিলেহে পাত্র সলোৱা উচিত।এনেবোৰ ক্ষেত্রতো আৰু কিছু দিন অপেক্ষা কৰিব পাৰি নেকি এবাৰ চিন্তা কৰি চাব পাৰি। অৱশ্যে সাধাৰণ নিয়ম অনুযায়ী কেলেন্থা, ডেনদ্রবিয়াম, ফেলেন’পচিচ,আদি এবছৰ, কেট্রুলিয়া, অনচিডিয়াম, অড’নট’গ্লচিয়াম দুবছৰ আৰু ভান্দা, চিমবিডিয়ম আদি তিনিবছৰৰ মূৰে মূৰে সলাব লাগে।

       পাত্র সলনি কৰাৰ সময় হিচাপে পৰিবর্দ্ধনৰ আৰম্ভণি নাইবা নতুন পোখা ওলোৱাৰ  অর্থাৎ ফেব্রুৱাৰীৰ - মে’ মাহ উপযুক্ত সময়। কেট্রুলিয়াৰ আকৌ পোখাবোৰ পাঁচ ছে:মি:মান দীঘল হ’লেহে পাত্র সলাব লাগে। পাত্র সলাওঁতে নির্দিষ্ট নীতি-নিয়ম মানি নচলিলে শিপাত আঘাট লাগি গোটেই গছজোপা নষ্ট হোৱাৰ সম্ভাৱনা থাকে।

       শিপাৰে কামোৰ খাই থকা মিশ্রণখিনিৰে সৈতে গছজোপা উঠাবলৈ চুৰি কটাৰি এখন ব্যৱহাৰ কৰিব পাৰি। পুৰণি মিশ্রণ, মৃত শিপা, শুকান উপকন্দ আদি লাহে লাহে এৰুৱাই পেলোৱা উচিত। একাক্ষী অর্কিড যেনে কেট্রুলিয়া, ডেনদ্রবিয়াম আদিৰ পাঁচটাতকৈ অধিক আৰু তিনিটাতকৈ কম উপকন্দ থকা অনুচিত। কেতিয়াবা পুৰণি বা আগৰ বছৰৰ উপকন্দবোৰত সুপ্ত ‘চকু’ দেখিলে সৰু টাবত ৰুই আকৌ নতুন গছ পাব পাৰি। পাত্রবোৰত যাতে অনায়সে কমেও দুটামান নতুন গজালিৰ বাবেও ঠাই ওলাই তাৱ প্রতি লক্ষ্য ৰাখিব লাগে। কিন্তু ডাঙৰ পাত্র হ’লে গছবোৰ বঢ়াত আৰু ফুল ধৰাত বিলম্ব হয়। ৰোৱৰ সময়ত পুৰণি উপকন্দবোৰ পাত্রৰ বাহিৰৰ ফালে আৰু নতুনবোৰ মাজ ভাগত থাকিলে গছজোপা অনায়সে বাঢ়িব পাৰে। উপকন্দহীন ভান্দা টেৰিচ আদি অর্কিডবোৰো একে ধৰণে কিন্তু সোমাজত ৰোৱা উচিত। বেছিকৈ পানী বিচৰা অর্কিডৰ্ ক্ষেত্রত উপৰিভাগত মচৰ তৰপ এটা দি থলে পানীৰ প্রয়োজনীয়তা বুজিব পাৰি। আঘাটপ্রাপ্ত শিপাবোৰে পানী শুহি ল’ব নোৱাৰে বাবে ৰোৱাৰ প্রথম কেইসপ্তাহমান ওপৰৰপৰা পানী ছটিয়াই দিব লাগে। আনহাতে পাত্র সলোৱাৰ সময়তে কাঠৰ বা বাঁহৰ মাৰি এডাল তলিলৈকে পুতি দি প্লাষ্টিকৰ সূতাৰে গছজোপা হাউলি নোযোৱাকৈ বান্ধি দিয়া উচিত।

       বায়বীয় অর্কিডৰ দৰেই ভূমি অর্কিডৰো উপকান্দ থাকে। এইবোৰ দেখিবলৈ গোলাকাৰ, উপবৃত্তাকাৰ, আংগুলিকাৰ বা অণ্ডকাৰ। সচৰাচৰ এইবোৰ মাটিৰ উপৰিভাগত থাকে যদিও মাটিৰ তলতো দেখা যায়। কিছুমান ভূমি অর্কিডৰ মাটিৰ তলত থকা কাণ্ড  মঙহাল মূঢ়ালৈ ৰূপান্তৰিত হ’ব পাৰে। প্রতিকুল পৰিৱেশত ওপৰৰ অংশ মৰি গ’লেও সময়ত এই অংশৰ পৰা গজালি ওলায়। কেতবোৰ অর্কিড এইদৰে বহুবছৰলৈ সুপ্ত অৱস্থাত জীয়াই থাকিব পাৰে। ইহঁতৰ শিপাবোৰ সাধাৰণ শিপাৰ দৰে হ’লেও প্রজাতি বিশেষে অতি কম সংখ্যকহে সুপৰিবর্দ্ধিত শিপা থাকে আৰু অগ্রভাগৰ বাহিৰে ইহঁতৰ উপৰিভাগ সৰু সৰু চুলি শিপাৰে আবৃত্ত। প্রায়বোৰ ভূমি অর্কিডৰে পাতবোৰ সেউজীয়া কিন্তু জুৱেল অর্কিড আদিৰ পাত বহুমূলীয়া ৰত্নৰ দৰেই ৰঙচঙীয়া। মাটিত গজা অর্কিডবোৰ সাৰযুক্ত আংশিক ৰ’দ পৰা হাবিতলীয়া ঠাইত বেছিকৈ দেখা যায়। ভূমি অর্কিডবোৰ টাবত ৰুবৰ বাবে তলত দিয়া মিশ্রণটো প্রস্তুত কৰি লোৱা উচিত।

এভাগ ভালদৰে দৰে পচা পচনসাৰ, ঢভাগ পাতসাৰ, এভাগ সাধাৰণ মাটি, এভাগ মিহি বালি, এভাগ কাঠ কয়লাৰ টুকুৰা।

       বায়বীয় আর্কিডৰ দৰেই ভূমি অর্কিডৰো নতুন পোখা ওলোৱাৰ সময়ত উপকন্দ বা্ মূঢ়া বিভাজন কৰি পাত্র সলোৱাৰ হয়। ওপৰত উল্লেখ কৰা মিশ্রণটো নতুন জছ ৰোবলৈকো ব্যৱহাৰ কৰিব পাৰি। সৰি পৰা পাতবোৰ দুফুটমান দ গাঁত এটা কৰি মাটিৰে দুই-তিনিমাহমান ঢাকি ৰাখি উৎকৃষ্টমানৰ পাতসাৰ পাব পাৰি।

_________________________________________________________________________________
কৃষি বিজ্ঞানী; ম’বাইল: ৮৪৭২০-২৪৮১৭


No comments:

Post a Comment