Monday 21 April 2014

কপৌফুল: তৃতীয় ভাগ ::On orchid- Part-III



সেউজী ধৰণী


কপৌফুল

তৃতীয় ভাগ






নৱ কুমাৰ বৰা

অর্কিডৰ ফুল
       উদ্ভিদ জগতৰ ভিতৰত অর্কিডৰ ফুলবোৰ সকলোতকৈ উন্নত, ৰহস্যময় আৰু পৰাগযোগৰ বাবে অভিনৱ কৌশল অৱলম্বন কৰে। সাধাৰণ উদ্ভিদৰ ফুলবোৰত বেটুপাত (Sepal ), পাহি (Petal), পুংকেশৰ (Stamen) আৰু গর্ভকেশৰ(Carpel) এটাৰ ওপৰত আনটো চক্রকাৰে সজোৱা থাকে। কিন্তু অর্কিডৰ ক্ষেত্রত এইবোৰৰ গঠন অগাতানুগতিক। বাহিৰৰ ফালে থকা বেটুপাত কেইটাৰ ৰং আৰু আকাৰ পাহিতকৈ পৃথক। কেতিয়াবা অৱশ্যে একে হোৱা দেখা যায়। ৰং আৰু আকাৰত পাহি তিনিটাৰ দুটা একে হ’লেও তৃতীয়টো পাহি ৰূপান্তৰিত হৈ মঙহাল ওঠৰ দৰে অংগটোৰ জন্ম দিয়ে। অর্কিডৰ এই অংগটোৱেই আটাইটকৈ আকর্ষণীয়। ইয়াক অধৰদল (Labellum) বুলি কোৱা হয়। বিভিন্ন ৰং আৰু ৰূপৰ সমষ্টি এই অংশই হ’ল অর্কিডৰ বহুমূলীয়া চকুজুৰুৱা অলংকাৰ। এই অংশ দেখাত কেতিয়াবা নানা জীৱ-জন্তু বা চৰিত্রৰ দৰে হয় আৰু ৰূপ অনুসৰি সিহঁতৰ নাম সুকীয়া হয়। উদাহৰণ হিচাপে লেডিজ শ্লিপাৰ, টাইগাৰ, বাটাৰফ্লাই আদি নামেৰে নামাংকিত অর্কিডৰ কথা ক’ব পাৰি।





অর্কিডৰ আন এক কৌতুহলপূর্ণ অংশ হ’ল ইয়াৰ প্রজনন অংগ। ইহঁতৰ ছডাল পুংকেশৰৰ এডালহে পূর্ণাংগ অৱস্থাপ্রাপ্তহৈ কার্যক্ষম হয় আৰু গর্ভদণ্ডৰ লগ লাগি স্তম্ভ (Column) নামৰ অংশটো গঠন কৰে। এই স্তম্ভৰ ওপৰতে পৰাগকোষ অৱস্থিত আৰু ই বন্ধ্যা খণ্ড এটাৰ দ্বাৰা গর্ভমুণ্ডৰপৰা পৃথক হৈ থাকে। এই বন্ধ্যা খণ্ডটোক তুণ্ডক (Rostellum) বুলি কোৱা হয়। লেডিজ শ্লিপাৰ নামৰ অর্কিডত আকৌ পার্শ্বপাহি দুটা লগ লাগি Synsepalum  আৰু তৃতীয় পাহিটো অতিমাত্রা্ ডাঙৰ হৈ শ্বিপাৰৰ দৰে অংশলৈ ৰূপান্তৰিত হয়।
      






  



অর্কিডৰ স্তম্ভ অংশও ৰং আৰু ৰূপত কোনো গুণে কম নহয়। কিছুমান অর্কিড স্বপৰাগণ হ’লেও বেছিভাগ অপ-পৰাগণ। পৰাগ ৰেণুবোৰ সাধাৰণতে থোপখাই থাকে আৰু ইহঁতক পৰাগপিণ্ড বোলা হয়। প্রতিটো পৰাগপিণ্ড এখন শ্লেষ্মা চক্রিকাত স্প্রিঙৰ দৰে আঁহ এডালেৰে লাগি থাকে। পৰাগযোগৰ সময়ত পোক-পতংগৰ দ্বাৰা শ্লেষ্মা চক্রিকাখন পৰাগকোষৰপৰা এৰাই পৰাগপিণ্ডটো সিহঁতৰ গাতে লাগি আহে। পাছত পোক-পতংগবোৰ অন্য ফুলত পৰিলে পৰাগৰেণুবোৰ গর্ভমুণ্ডত লাগি ধৰে আৰু গর্ভধাৰণ হয়। ফুলবোৰে জীৱ-জন্তুক আকর্ষণ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰে। এইবোৰৰ ভিতৰত উজ্বল ৰং, গোন্ধ, মৌ-নিসঃৰণ আদিয়েই প্রধান। কিছুমান ফুলত পোক-পতংগই জিৰণি ল’ব পৰা আসনৰ দৰে অংশও থাকে। আনহাতে কিছুমান ফুলে পতংগৰ বিপৰীত লিংগৰ আকৃতি ধাৰণ কৰে। ইয়াৰ উপৰিও কিছুমান ফুলৰ গঠন প্রণালী এনেকুৱা যে কেতবোৰ বিশেষ বিশেষ পতংগইহে পৰাগযোগ ঘটাব পাৰে। এইদৰে অর্কিডবোৰে জটিল নীতি-নিয়ম অনুসৰণ কৰি নিজ বর্ণৰ পবিত্রতা ৰক্ষা কৰি চলে
       পৰাগযোগৰ পাছৰপৰা বীজ ওলোৱালৈকে সময়চোৱা বৰ দীঘলীয়া আৰু এলানি জটিল প্রক্রিয়াৰ মাজেৰে এই কার্য সম্পন্ন হয়। ডিম্বাণুবোৰৰ প্রকৃত গর্ভধাৰণ আচলতে পৰাগযোগৰ কেইসপ্তাহ বা কেইবামাহমানৰ পাছতহে হয়। অর্কিডৰ ক্ষেত্র এটা কথা লক্ষ্যণীয় যে ফুলবোৰৰ মাজত বৈচিত্রতা থাকিলেও বীজকোষ বা কেপচুলবোৰ তুলনামূলকভাবে সকলোৰে একে।
       বায়বীয় অর্কিডবোৰক সিহঁতৰ অংগজ চৰিত্রৰ ভিত্তিত পাঁচভাগত ভগাব পৰা যায়:-
       ১)মঙহাল পাতৰ গছ: এইবোৰ চিৰ সেউজীয়া, উপকন্দবিহীন, অতি ঘন ছাঁ পিয়াসী। ইহঁতৰ সুপ্তকাল নাই।  Phalaenopsis spp.আদি এই শ্রেণীত পৰে।

        ২) ঠেক পাতৰ গছ: এইবোৰৰ পাত পৰিবর্দ্ধন কালৰ শেষত সৰি যায়শক্তিশালী উপকন্দ থকা গছবোৰক পৰিবর্দ্ধনৰ সময়ত পর্যাপ্ত পৰিমাণে পানী লাগিলেও সুপ্তকালচোৱাত একেবাৰে পানী নালাগে। ইহঁতে আংশিক ছাঁ ভাল পায়।  উদাহৰণ হিচাপে  Catasetum spp নাম ল’ব পাৰি।


            ৩) মসৃণ চামৰাৰ দৰে পাতৰ গছ: এইবোৰ চিৰসেউজ বা পাত সৰি যোৱা প্রকৃতিৰ, আংশিক ছাঁ বিচৰা উন্নত উপকন্দযুক্ত গছ। পৰিবর্দ্ধনৰ সময়ত পর্যাপ্ত পৰিমাণে আৰু সুপ্তকালচোৱাত মজলীয়াভাৱে পানী বিচৰে। কন্দ থকাবোৰক পোহৰ বেছি লাগে। Cattleya spp এনে শ্রেণীত পৰে।


       ৪) চামৰাৰ দৰে পাতৰ গছ: এইবোৰ পোহৰ পিয়াসী, পৰিবর্দ্ধনৰ সময়ত অফুৰন্ত পানী বিচৰা গছ। ইহঁতৰ উপকন্দ নাথাকে। জিৰণিৰ কালচোৱাত মধ্যমীয়াকৈ পানীৰ প্রয়োজন হয়। উদাহৰণ হিচাপে Oncidium sppআদি।


       ৫) খণ্ডিত বা আংশিক খণ্ডিত পাতৰ গছ: এইবোৰৰ উপকন্দ নাথাকে। পোহৰ পিয়াসী এইবোৰ গছক পৰিবর্দ্ধনৰ সময়ত বেছিকৈ আৰু সুপ্তকালত মজলীয়াকৈ পানী লাগে। উদাহৰণ হিচাপে Vanda spp আদি।



       অর্কিড পালন কৰিবলৈ যোৱাৰ আগতে সিহঁতক লগা প্রাকৃতিক পৰিৱেশটোৰ বিষয়ে জানি লোৱা ভাল। দুই-এটা ব্যতিক্রম বাদ দি পৃথিৱীৰ সকলো ঠাইতে অর্কিড প্রাকৃতিকভাৱে পোৱা যায়। অসম তথা উত্তৰ পূর্বাঞ্চল প্রাকৃতিকভাৱে অর্কিডে ঠাঁহ খায় আছে। উষ্ণতাৰ প্রতি অর্কিডবোৰ অত্যন্ত সংবেদনশীল। প্রজাতি অনুসৰি ইহঁতে ঠাণ্ডা, শুকান অথবা উষ্ণ জলবায়ু বিচাৰে। অন্য উদ্ভিদৰ তুলনাত অর্কিডে বেছি পোহৰ সহ্য কৰিব পাৰে; কিছুমান আনকি অতিমাত্রা ৰ’দতো সুন্দৰভাৱে জীয়াই থাকে। সাধাৰণতে পুৱাৰ ৰ’দ অর্কিডৰ অতি প্রয়োজন। অৱশ্যে বেলি উঠি আহাৰ লগে লগে ছাঁ নাপালে গছবোৰ মৰি যাব পাৰে। প্রজাতিবোৰৰ পাতলৈ লক্ষ্য কৰিয়েই সিহঁতৰ প্রয়োজনীয় পোহৰৰ কথা অনুমান কৰিব পাৰি। ছাঁ বিচৰা গছবোৰৰ পাত সচৰাচৰ বহল আৰু কোমল। আনহাতে ৰ’দ বিচৰা গছবোৰৰ পাত ঠেক, মঙহাল আৰু কঠিনএই আচৰণলৈ লক্ষ্য কৰি অর্কিড ৰখা ঠাইবোৰ নির্বাচন কৰি ল’ব পাৰি। সেইদৰে উষ্ণতা আৰু আদ্রতাৰ ক্ষেত্রটো যিমান দূৰ সম্ভৱ প্রজাতিবোৰৰ প্রাকৃতিক বাসস্থানৰ পৰিৱেশ এটা গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত। নবাগতসকলে প্রথমে যিমান পাৰি নিজৰ বাসস্থানৰ লগত সামঞ্জস্য থকা ঠাইৰ পৰা অর্কিড সংগ্রহ কৰি সেইবোৰৰ প্রতিপালনৰ জড়িয়তে অভিজ্ঞতা অর্জন কৰা ভাল।



কৃষি বিজ্ঞানী; ম’বাইল: ৮৪৭২০-২৪৮১৭

      


No comments:

Post a Comment