Thursday 17 April 2014

কপৌফুল (দ্বিতীয় ভাগ)::On Orchid-Part-II



সেউজী ধৰণী

কপৌফুল

(দ্বিতীয় ভাগ)







নৱ কুমাৰ বৰা


অর্কিড গছজোপা

অর্কিড উদ্ভিদ জগতৰ এক অগতানুগতিক বাসিন্দা। সাধাৰণ উদ্ভিদৰ জীৱন প্রণালীৰ লগত ইহঁতৰ বহুক্ষেত্রতে মিল নাই। গতিকে অর্কিড পালন কৰিবলৈ যোৱাৰ আগতে সিহঁতৰ চৰিত্রৰ বিষয়ে কিছু কথা নেজানিলে কৃতকার্য হোৱাত অসুবিধা হয়। সেই কাৰণে বহুতে মনৰ হেঁপাহত হাবি-বন অথবা অন্যান্য উৎসৰপৰা অর্কিড সংগ্রহ কৰি আনিলেও প্রতিপালনত সফল হ’ব নোৱাৰে। অৱশ্যে ইয়াৰ বাবে উদ্ভিদ বিজ্ঞানৰ বিশদ জ্ঞানৰ আৱশ্যক নাই। আমি ইয়াত কেৱল অর্কিড পালনৰ ক্ষেত্রত প্রয়োজন হোৱা কথাখিনি যথাসম্ভৱ সৰলভাবে আলোচনা কৰিম।

অর্কিডৰ বংশবিস্তাৰ মূলতঃ বীজৰ দ্বাৰাই হয়। গর্ভধাৰণৰ পাছত ইহঁতৰ ফল ধৰে। ফলবোৰ (বীজ-কোষ) দেখিবলৈ কেপচুল (Capsule)-ৰ দৰে আৰু একেথোপা ফুলতে বহু সংখ্যক কেপচুল দেখা যায়। কেপচুলবোৰৰ ভিতৰত চকুৰে নমনা পাউডাৰৰ দৰে অসংখ্য বীজ-কণিকা থাকে। কেপচুলবোৰ পূৰঠ হৈ ফাটি গ’লে এই বীজ কণিকাবোৰ বতাহ বা জীৱ-জন্তুৰ দ্বাৰা বহু দূৰলৈ বিস্তাৰিত হয়। অর্কিডৰ বীজ অন্যান্য সাধাৰণ বীজৰ দৰে অংকুৰিত হ’ব নোৱাৰে। ১৯০৪ চনত নোবেল বার্ণাড নামৰ ফৰাচী উদ্ভিদবিদজনে দেখিলে যে যিবোৰ ঠাইত অর্কিড গজি উঠে সেইবোৰ ঠাইত মাইক’ৰাইজা (Mycorrhiza) নামৰ এবিধ বিশেষ ভেঁকুৰ উপস্থিত থাকে। পাছত তেখেতে পৰীক্ষাৰ দ্বাৰা দেখিলে যে অর্কিডৰ বীজ কণিকাবোৰ মাইক’ৰাইজাৰ লগত সহজীৱি (Symbiosis) প্রক্রিয়াৰে অংকুৰিত হয়। তেখেতৰ এই আবিষ্কাৰৰ পাছত গৱেষণাগাৰত কৃত্রিমভাৱে মাইক’ৰাইজা গজাই গুটিৰ পৰা অর্কিড পাব পৰা হ’লঅৱশ্যে বীজৰ দ্বাৰা বিস্তাৰিত অর্কিডৰ জীৱন-চক্র বৰ লেহেম। গুটিবোৰ পূৰঠ হওঁতে দুমাহৰ পৰা ওঠৰমাহ পর্যন্ত সময় লাগে। সেয়ে অংগজ প্রজননেই অর্কিডৰ বংশ বৃদ্ধিৰ সহজ আৰু সাধাৰণ উপায়। কিন্তু বর্ণসংকৰ জাত উদ্ভাৱন কৰিবলৈ যৌন প্রজননৰ আৱশ্যক হয়।

প্রকৃতিতে হওক বা ঘৰতেই হওক বীজ অংকুৰণৰ দৰেই অর্কিডৰ দৈনন্দিন জীৱনতো মাইক’ৰাইজাৰ সহযোগিতা অতি প্রয়োজন। এইবিধ ভেঁকুৰ গছজোপাৰ মূলতঃ শিপা আৰু গুৰি অংশত সহজীৱি প্রক্রিয়াৰে জীয়াই থাকে। আনহাতে অর্কিডৰ প্রজাতি বিশেষে মাইক’ৰাইজাও বেলেগ বেলেগ। ভূমি অর্কিডত সাধাৰণ শিপা থাকে যদিও বায়বীয় অর্কিডত দুবিধ শিপা দেখিবলৈ পোৱা যায়। এবিধে আশ্রয় থলীত খামুচি থাকি গছজোপা যথাস্থানত ৰাখে। আনবিধে শূণ্যত ওলমি থাকি বায়ুৰ পৰা আহাৰ সংগ্রহ কৰে। শিপাবোৰ সাধাৰণতে গোটা চানেকীয়া হলেও কেতবোৰ ফিটাৰ দৰে চেপেটা হয়। বায়বীয় শিপাবোৰ সোপোকা, অগ্রভাগ সেউজীয়া হোৱাৰ বিপৰীতে আন অংশ বগা নাইবা ৰূপালী বৰণৰ হয়। এই সেউজীয়া অগ্রভাগে বতাহৰপৰা পানীৰ কণিকা আৰু আন পোষক দ্রব্য শুহি লয়। প্রতিকুল পৰিৱেশত বাষ্পীভৱণ ৰোধ কৰিবলৈ কিছুমান প্রজাতিৰ পাতবোৰ সৰি পৰে আৰু শিপাবোৰ সেউজীয়া বৰণৰহৈ সালোক সংশ্লেষণত ভাগ লয়। কিছুমান প্রজাতিৰ বর্হিভাগ ৰূপালী নাইবা বগা সোপোকা কোষেৰে গঠিত। ভেলামেন (Velamen) নামেৰে জনা এই কোষৰ তৰপটোৱে বায়ুৰপৰা পানীৰ কণিকা শোষণ কৰি গছজোপাক অত্যাধিক তাপৰপৰা ৰক্ষা কৰে। এই সোপোকা অংশটোৱে গছজোপালৈ পানী সৰবৰাহ নকৰে; সেউজীয়া নিমজ অগ্রভাগেহে এই কার্য সম্পাদন কৰে। সেয়ে শিপাৰ অগ্রভাগ নষ্ট হ’লে অর্কিডৰ জীৱন ধাৰণত ব্যাঘাট জন্মে। অর্কিড পালনত এইবিষয়টো অতি দৰকাৰী কথা।









সকলো অর্কিডৰে গুৰিভাগ শকত, মঙহাল অংশলৈ ৰূপান্তৰিত হয়। উপকন্দ বা কূটকন্দ (Pseudobulb) বুলি কোৱা এই অংশটোত খাদ্য সঞ্চয় হৈ থাকে। ই আকাৰত গোটা, দীঘল কিম্বা চেপেটা হ’ব পাৰে। এইবোৰ থোপপাতি বা নির্দষ্ট দূৰত্ব বজাই অৱস্থান কৰে। কেতিয়াবা উপকন্দৰ সলনি তুলনামূলকভাৱে কঠিন, দীঘলীয়া বা চেপেটা মঙহাল অংশও দেখা যায়। এই ৰূপান্তৰিত কাণ্ডবোৰ ক্ষুদ্রৰপৰা ১০ ফুট পর্যন্ত হ’ব পাৰে। আর্কিডৰ পাতবোৰ উপকন্দৰ ওপৰত প্রণালীবদ্ধভাৱে সজোৱা থাকে। ভূমি অর্কিডৰ ক্ষেত্রত উপকন্দবোৰ মাটিৰ উপৰতে থাকে যদিও কেতিয়াবা মাটিৰ তলতো থাকে। অষ্ট্রেলিয়াৰ এবিধ ভূমি অর্কিডে ( Rhizanthella gardeneri) গোটেই জীৱন মাটিৰ তলতে কটাই দিয়াৰ উদাহৰণ আছে। এইবিধ অর্কিডৰ ফুলবোৰো আনকি মাটিৰ ওপৰলৈ ওলাই নাহে।

Rhizanthella gardeneri

অর্কিডৰ পাতবোৰ সচৰাচৰ বিপৰীতক্রমী, দুটা শাৰীত সজোৱা। ইহঁত কাচিৎহে মুখামুখি হয়। কেতিয়াবা এইবোৰ সৰু শল্কপত্র (Scale) লৈ ৰূপান্তৰিত হয়। প্রায়বোৰৰে গুৰিভাগ শকত বৌখাৰ দৰে। অর্কিডৰ গা-গছবোৰ দুটা শ্রেণীত ভগাব পাৰি-
ক) একাক্ষী (Monopodial):- গা-গছ ওপৰমুৱাকৈ এটা দিশত বাঢ়ে আৰু পার্শ্বীয় শাখা প্রায়ে নোলায়। ফুলবোৰ পার্শ্বীয়ভাবে ধৰে। এই শ্রেণীৰ গছবোৰৰ উচ্চতা সকলো প্রজাতিৰে একে নহয়। ভান্দা, পেলেন’পচিচ, এৰিডচ আদি এই শ্রেণীৰ অর্কিড।

Monopodial

খ) যুক্তাক্ষী (Sympodial) :- এইবিধ অর্কিডত নতুন শাখাবোৰ ভূমিৰ সমান্তৰালভাবে নির্দষ্ট দূৰত্বত ওলায় আৰু এইবোৰৰ পৰা পুনৰ একেভাৱে নতুন শাখা ওলায়প্রায়বোৰ যুক্তাক্ষী অর্কিডৰ গুৰিভাগত মঙহাল উপকন্দ দেখা যায়।

Sympodial


 


কৃষি বিজ্ঞানী; ম’বাইল: ৮৪৭২০-২৪৮১৭


No comments:

Post a Comment