Monday 29 December 2014

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ (দ্বিতীয় খণ্ড):: On Bamboo and its various uses



সেউজী ধৰণী

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ
(দ্বিতীয় খণ্ড)

তৃপ্তি দাস





আধুনিকতাৰ পৰশেৰে বাঁহ

       মানুহৰ সৃষ্টিশীল মনটোৰ বাবেই পুৰণি পৃথিৱীখন নতুন নতুন ৰূপত উদ্ভাসিত হয়। অভিনৱ সৃষ্টিৰে ভৰি পৰে পৃথিৱী সৌন্দৰ্য তথা নতুনত্বই আমাক সহজে আকৃষ্ট কৰে। সাতামপুৰুষীয়া বস্তুবোৰকেই ব্যৱহাৰ কৰি থাকিবলৈ কাৰনো ভাল লাগে? প্ৰবহমান সময়ে সলনি কৰে মানুহৰ ৰুচি-অভিৰুচি আমাৰ তাগিদাত নতুন সৃষ্টিৰ লগতে আমি ব্যৱহাৰ কৰি থকা বস্তুবোৰেও সময়ে সময়ে নতুন ডিজাইন-মডেলেৰে সজ্জিত হৈ বজাৰত প্ৰৱেশ কৰেহি অতীতৰ বাঁহৰ বিচনীখনলৈকে চাওঁকচোন এসময়ৰ অত্যন্ত প্ৰয়োজনীয় বাঁহৰ বিচনীখন এতিয়া বহুতৰে ঘৰত বিচাৰি পাবলৈ নাই। কিন্তু মাজুলীৰ বিচনীখনে আমাৰ লগতে বিদেশী ব্যক্তিৰো দৃষ্টি আকৰ্ষণ কৰিছে। বিক্রিও হয় উচ্চ দৰত। বহুতৰে ড্রইং ৰূম শুৱনি কৰিছেহি মাজুলীৰ বিচনীয়ে। কাৰণটো গম পাইছেই নিশ্চয়---আধুনিকতাৰ পৰশ। সেই একেদৰে জাপিটোৰ কথাও উল্লেখ কৰিব পাৰি। নতুন ৰূপত আত্মপ্ৰকাশ নকৰা হ’লে কৃষকৰ মূৰৰ জাপিটোকে আমি ইন্টিৰিঅ’ৰ ডেকৰেচনৰ বাবে, বিশিষ্ট ব্যক্তিক সন্মান জনাই পিন্ধাবৰ বাবে, সভা-সমিতি, বিহু বা পূজা মণ্ডপৰ সৌন্দর্য বর্দ্ধনৰ বাবে ব্যৱহাৰ কৰিলোহেঁতেন জানো ? সাজিলে কাচিলে বান্দৰীও হেনো সুন্দৰী হয়। কথাষাৰ মিছা নহয়। কিছুদিনৰ আগেলৈকে অৱহেলিত হৈ থকা বাঁহেৰে তৈয়াৰী বহু সামগ্রীয়ে সৌন্দর্যৰ বোল সানি নব্য সংস্কৰণ লাভ কৰাৰ লগে লগে সিবোৰৱ আদৰ বাঢ়ি গৈছে। গাঁওবোৰত সহজলভ্য সাধাৰণতে ঘৰৰ পিছফালেহে স্থান পোৱা বাঁহগছে আজিৰ বিশ্বায়নৰ যুগত লাভ কৰিছে আশ্চৰ্যজনক প্রধান্য। আধুনিক কলা কৌশলৰ প্ৰয়োগেৰে বাঁহ ভিত্তিক উদ্যোগ গঢ়ি উঠিছে। বাঁহৰ উদ্যোগীকৰণৰ বাবে UNIDO (United Nations International Development Organization)-ৰ অধীনত CBTC (Cane and Bamboo Technology Centre) য়ে আগবঢ়োৱা দিহা পৰামৰ্শৰে উপকৃত হৈছে ঔদ্যোগী। আমাৰ ৰাজ্যৰ ব্যক্তিয়েও CGTC ৰ দিহা পৰামৰ্শৰে, আধুনিক যন্ত্ৰপাতিৰে , ৰাসায়নিক দ্রব্যৰ সহায়েৰে ভেঁকুৰ, ঘূণ আদিয়ে সহজে অনিষ্ট কৰিব নোৱাৰাকৈ আকর্ষণীয় শৈল্পীক ৰূপত উন্নত মানৰ বাঁহৰ দ্বাৰা উৎপাদিত সামগ্রীৰে ৰাজ্যৰ বজাৰ দখল কৰিছে। ভাৰতবর্ষৰ বিভিন্ন ঠাইলৈ সামগ্রীসমূহ ৰপ্তানি কৰিবলৈও সক্ষম হৈছে। আধুনিকতাৰ পৰশেৰে বাঁহেৰে নির্মিত বিভিন্ন সামগ্রী বজাৰলৈ আহিছে আৰু ক্রমাগত ভাবে ইবোৰৰ চাহিদাও বৃদ্ধি পাইছে। নতুন চিন্তা চর্চাৰ ফলত আমি লাভ কৰিছোঁ বাঁহেৰে নির্মিত খিৰিকীৰ পর্দা(Blinds), ফ্ল’ৰমেট, কার্পেট, টেবুল মেট, ম’বাইল হেণ্ডছেট ক’ভাৰ, টি ভি ষ্টেণ্ড, ফুলদানি, ট্রে, টেবুল লেম্প, বাঁহৰ টেবুল, চকী, বিছনা ইত্যাদি। বাঁহৰ লগতে বাঁহৰ মূঢ়াৰে গঢ়ি তোলা বিভিন্ন জীৱ-জন্তু, চৰাই- চিৰিকটি, মানৱৰ প্রতিমূর্তি আদি শিল্প ভাস্কর্য, মহিলাৰ হেণ্ডবেগ, কিলিপ, অলংকাৰ আদিয়ে বর্তমান আধুনিক মানৱৰ ব্যাপক সমাদৰ লাভ কৰিছে। নগৰ, মহানগৰৰ বৃহৎ বৃহৎ বাসগৃহ, কাৰ্যালয়, হোটেল ইত্যাদিৰ জেউতি চৰাবলৈ বাঁহৰ ফার্নিচাৰ, পার্টিচন, চিলিং, শ্ব’পিচ আদি ব্যৱহাৰ কৰাৰ মানসিকতাই নতুনত্বৰ সূচনা কৰিছে। সম্প্রতি আমাৰ দেশত বাঁহে উন্মোচিত কৰা নতুন কনচেপ্ট---‘ Mechanized Bamboo Sector’-ৰে বাঁহ উদ্যোগলৈ আনিছে বৈপ্লবিক পৰিবর্তন। আধুনিক জগতলৈ আমদানি হৈছে বাঁহেৰে নির্মিত বিবিধ সামগ্রী। প্লাইব’র্ডৰ উপযুক্ত বিকল্প হিচাপে অধিক পৰিমাণে ব্যৱহৃত হৈছে বাঁহৰ ব’র্ড ( বেম্ব’প্লাই)। বাঁহেৰে নির্মিত চাইকেল, মটৰ চাইকেল, সুন্দৰ সুন্দৰ ফুল। ডেৰবছৰ মানৰ আগতে দিল্লীৰ প্রগতি ময়দানত অনুষ্ঠিত ‘ ইণ্ডিয়া ইন্টাৰনেচনেল ট্রেড ফেয়াৰ’ত উত্তৰ পূর্বাঞ্চলৰ বাঁহৰ ফুলে দেশী-বিদেশীৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে বিক্রিও হৈছিল আশাতীতভাৱে। বাঁহৰ সামগ্রী নিৰ্মাণ কৰি আমাৰ শিল্পীয়ে কঢ়িয়াই আহিছে আন্তঃৰাষ্ট্রীয় স্বীকৃতি। বেংককত অনুষ্ঠিত ‘নর্থ ইষ্ট ইণ্ডিয়া অপৰচুনেটি উইক’ শীর্ষক প্রদর্শনীত অংশ গ্ৰহণ কৰা এগৰাকী শিল্পীয়ে সাজি উলিয়াইছে পৰিৱেশ অনুকূল আৰু পুনৰ ব্যৱহাৰ যোগ্য বাঁহৰ কাটা চামুচ, কাটাৰ আদি। চাৰি মিলিমিটাৰৰ পৰা বাৰ মিলিমিটাৰ দৈর্ঘৰ কাৰুকার্য খচিত কিছুমান বাঁহৰ হেঁতা, চামুচো তেওঁ ইতিমধ্যে নির্মান কৰি চমক সৃষ্টি কৰাৰ উপৰি দেশ-বিদেশত বিশেষভাৱে সমাদৃত হোৱাটো আমাৰ বাবে সু-খবৰ, গৌৰৱৰ বিষয়।


 
বাঁহৰ আঁহ



বাঁহৰ আঁহেৰে তৈয়াৰ কৰা টাৱেল




বাঁহৰ আঁহেৰে তৈয়াৰ কৰা জেকেট

 
বাঁহৰ আঁহেৰে তৈয়াৰ কৰা ফ্রক

 
বাঁহৰ বুটাম

 
বাঁহেৰে প্রস্তুত কৰা চাবোন কেচ


            বাৰীৰ ঢাপৰ বাঁহ ভিন্ন ৰূপত বিদেশ গৈ পোৱাতো আচৰিত কথা নহয় নে? আধুনিক সাজ পাৰতো এতিয়া বাঁহেৰে তৈয়াৰী বুটামৰ সংযোগে যেন সোণত সুৱগাহে চৰাইছে। জানি হয়তো আচৰিতেই হ’ব আমাৰ বজাৰত প্রৱেশ কৰিছেহি বাঁহৰ বস্ত্র। আদিম যুগত লজ্জা নিবাৰণৰ কাৰণে ব্যৱহাৰ কৰা গছৰ পাত বা বাকলি বসনৰ দৰে বাঁহৰ বস্ত্ৰ পৰিধান কৰিব লাগিব বুলি ভয় নাখাব। একেবাৰে নতুন ডিজাইনেৰে, চালে চকুৰোৱা ৰূপত এতিয়া বজাৰত পাব বাঁহেৰে তৈয়াৰী সাজ-পোছাক। দেখিলেনে, আধুনিকতাৰ মন্ত্ৰ আওৰাই বাঁহে কেনেকৈ আমাক বশীকৰণ কৰিছে?


 
বাঁহৰ বিচনা



 
বাঁহৰ চকি


বাঁহেৰে সজা চামুচ আদি


 
বাঁহেৰে সজা বাকচ

আগলৈ...
[ ছবিসমূহ ইন্টাৰনেটৰ পৰা লোৱা হৈছে---সেউজী ধৰণী ]
বৰদলৈ নগৰ, তিনিচুকীয়া::ম’বাইল:৯৯৫৪৭১০০২৮


Sunday 28 December 2014

একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ (প্ৰথম খণ্ড) ::


সেউজী ধৰণী


 একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ

(প্ৰথম খণ্ড)

তৃপ্তি দাস




[ বিষয়বস্তুৰ প্ৰাসংগিকতালৈ লক্ষ্য ৰাখি ‘দৈনিক জনমভূমি’ ৰ দেওবৰীয়া আলোচনী ‘বসুন্ধৰা’ ২৮ জুন,২০০৯ চনত প্রকাশ হোৱা এই প্ৰবন্ধটো সেউজী ধৰণীত উপলব্ধ কৰা হ’ল ]

              কুইজ আৰম্ভ কৰিবলৈ লোৱা নাই যদিও দুটিমান প্রশ্ন উত্থাপন কৰিব খুজিছোঁ। পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ জোপা কি জানেনে? পৃথিৱীৰ সকলো উদ্ভিদৰ ভিতৰতে দ্রুত বৃদ্ধি  ক্ষমতা সম্পন্ন উদ্ভিদ বিধৰ নাম কি বাৰু? লোতকৈ অধিক ওজন বহন কৰিব পৰা গছৰ নাম কওকচোন? প্রিয় পাঠক, আপোনাক খন্তেক সময়ৰ বাবে চিন্তাৰ সুযোগ দিয়া প্রশ্নকেইটাৰ উত্তৰ হৈছে--- বাঁহ। গ্রাম্যাঞ্চলৰ প্রায় সকলোৰে বাৰীৰ সহজলভ্য বাঁহেই হৈছে পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহ। বাঁহক ঘাঁহ বুলি কওতে আচৰিত নহ’ব। এশ ত্রিশ ফুট পর্যন্ত ওখ আৰু ডাঙৰ হ’লেও উদ্ভিদ বিজ্ঞানীসকলে বাঁহ গছক কিন্তু তৃণজাতীয় উদ্ভিদৰ তালিকাতহে অন্তর্ভুক্ত কৰিছে। বাঁহ গছবোৰে উপযুক্ত পৰিৱেশ পালে এদিনতে ৭৫ ৰ পৰা ৪০০ মিলিমিটাৰ পর্যন্ত ওখ হৈ পৃথিৱীৰ সকলো উদ্ভিদৰ ভিতৰতে দ্রুত বৃদ্ধি ক্ষমতা সম্পন্ন উদ্ভিদ হিচাপে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। ঘাঁহ বুলি অভিহিত কৰা বাঁহৰ আকৌ ওজন বহন ক্ষমতা লোতকৈও বেছি। ৫২,০০০ পাউণ্ড পর্যন্ত ওজন বোলে বাঁহে বহন কৰিব পাৰে।



       পৃথিৱীত এবিধ বহু পুৰণি আৰু বহুলভাৱে ব্যৱহৃত উদ্ভিদ বাঁহ উৎপাদনৰ ক্ষেত্রত বিশ্বৰ ভিতৰত প্রথম স্থান দখল কৰিছে চীনে আৰু দ্বিতীয় স্থানত আছে ভাৰত। ভাৰতবর্ষৰ সমগ্র বনাঞ্চলৰ ১২.৮ শতাংশ হৈছে বাঁহবাঁহে ভাৰতৰ ১০.০৩ নিযুত হেক্টৰ ভূমি আৱৰি আছে। উত্তৰ-পূর্বাঞ্চলৰ ৩৮,১৯৭ বর্গ কিল’মিটাৰ ভূমি বাঁহেৰে আবৃত। প্রাপ্ত তথ্য মতে পৃথিৱীত প্রায় এশ ত্রিশটা জাতি আৰু এক হেজাৰ দুশ পঞ্চাশটা প্রজাতিৰ বাঁহ পোৱা যায়। আমাৰ ৰাজ্যত জাতি (BAMBUSATULDA), বিজুলী (PALLIDA), মকাল(NUTANS), ভলুকা(BALCOA), কাক(HAMILTANI) ইত্যাদি ৩৪ বিধ প্রজাতিৰ বাঁহ পোৱা যায়। ইয়াৰে জাতি আৰু ভলুকা বাঁহ বেছিকৈ উৎপাদন আৰু ব্যৱহাৰ হয়। শীতল, উষ্ণ অথবা দুয়োটা পৰিৱেশেই বিভিন্ন প্রজাতিৰ বাঁহৰ বাবে উপযোগী। বনাঞ্চলৰ অংশবিশেষে চিৰসেউজ বাঁহক শ্রেণীভুক্ত কৰা হৈছে Minor Forest Product (MFP), Non Commercial Species (NCS), Non –timber Forest Product(NTFP)in the world হিচাপে। অতি সম্প্রতি ‘এক বিংশ শতিকাৰ আশ্চর্যজনক গছ’ আখ্যা পোৱা বাঁহৰ বিষয়ে কিছু কথা আলোচনা কৰো আহক।



বাঁহ---জনজীৱনৰ দীঘে-বাণীয়ে
       অসমৰ লোক জীৱনক বাঁহে সমৃদ্ধ কৰিছে। আমাৰ সমাজ আৰু সংস্কৃতিত বাঁহক অপৰিহার্য সামগ্রী বুলিয়ে অভিহিত কৰিব পাৰি। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাই পৰিৱর্তনৰ সাজ পিন্ধোৱা আজিৰ পৃথিৱীৰপৰা ওভতনি যাত্রাৰে পুৰণি পৃথিৱীত প্রৱেশ কৰিলে ভালদৰে জানিব পাৰি বাঁহ আৰু জনজীৱনৰ এৰাব নোৱাৰা সম্পর্কৰ কথা। বাঁহ যেন তেওঁলোকৰ জীৱনৰ লগৰীহে। এখন গাঁৱৰ ছবিখন মনলৈ আহিলেই লগে লগে সেই সেই ছবিখনৰ সৌন্দর্য বর্দ্ধন কৰেহি আকাশ চুব খোজা, সেউজীয়া বৰণেৰে মনলৈ প্রশান্তি কঢ়িয়াই অনা বাঁহে। বাৰীৰ ঢাপত, ৰাস্তাৰ কাষত বাঁহ গছ নেদেখিলে গাঁওবোৰ চোন গাঁও যেন নালাগে। অসমৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ বাসগৃহবোৰ মন কৰিছেনে? বাঁহৰ অবিহনে তেওঁলোকৰ গৃহ নির্মাণৰ কথা জানো ভাবিব পাৰে? আজিও গ্রাম্য বাসীলৈ বাঁহে আগবঢ়াইছে সহায়ৰ হাত। আমাৰ বিভিন্ন জনজাতিৰ চাংঘৰসমূহ সাজি উলিওৱাত বাঁহেই মুখ্য ভূমিকা পালন কৰাৰ লগতে গ্রাম্যাঞ্চলৰ বিভিন্ন জাতিৰ এখন ঘৰৰ চাৰিসীমাৰ বান্ধনী স্বৰূপ চকোৱা, জেওৰা, পদূলিৰ জপনা, নঙলাৰপৰা আৰম্ভ কৰি ঘৰৰ মূধৰ খূঁটা, মাৰলি, চ’তি, বগলী বাঁহ, কামী, ৰুৱা টঙাল, গাধৈ, খবুৱা, বেৰ, দুৱাৰ, ঘূৰঘূৰি, জাপ(ওলোমাই লগোৱা খিৰিকী), ঢাপলিকা ইত্যাদি গৃহ নির্মাণৰ বাবে প্রয়োজনীয় অধিকাংশ সামগ্রীৰ বাবে নির্ভৰ কৰা হয় বাঁহৰ ওপৰত। ঘৰ সজা কাম ফেৰা সম্পূর্ণ হ’লেই বাঁহৰ প্রয়োজন কিন্তু অন্ত নপৰে। ঘৰুৱা কামত তথা দৈনন্দিন জীৱনৰ লাগতিয়াল বহু সা-সঁজুলি বাঁহেৰে সজা হয়। চ’ৰা ঘৰৰ (আলহী বহা কোঠা) মূঢ়াটো, শোৱনি কোঠাৰ শোৱা চাংখন তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰাৰ লগতে কৃষি কর্মৰ বাবে প্রয়োজনীয় মৈ খন, নাঙলৰ ডিলা, শ’ল মাৰি, যুঁৱলি, কোৰৰ নালটো, কৃষকক ৰ’দ-বৰষুণত সকাহ দিয়া মূৰৰ জাপিটো, হাতৰ এচাৰি ডাল, বিৰিয়া, ওখোন, দোন, টঙাল আদি সঁজুলি, ঢেঁকিশালৰ সঁজুলি যেনে বাঢ়নী, মাৰি, ডলা, কুলা, চালনী, পাচি, খৰাহি ইত্যাদি, ঠোহা, খোকা, জাকৈ, খালৈ, ডিঙৰা, চেপা, প’ল, বৰশীৰ দাৰি, জুলুকি আদি মাছ ধৰা সঁজুলি তৈয়াৰ কৰিবলৈ বাঁহ ব্যৱহাৰ কৰা হয়। আমাৰ বিভিন্ন জাতি, জনগোষ্ঠীয়ে তিৰোতাৰ ক’লা সুলভ মনটোৰ স্ফুৰণ ঘটা তাঁত শাল খনৰ বাবে অতিকৈ প্রয়োজনীয় গৰকা, ডাংমাৰি, ব-চুঙা, শালি, চিৰি, ফুলৰ কাঠী, উঘা, চেৰেকী কাকৈ আদি সাজিবলৈ বাঁহ নহ’লেই নহয়। এখন ঘৰৰ লগত নিবিড় সম্পর্ক থকা গোসাঁই ঘৰখন, ভঁৰালটো, গোহালি, গঁড়াল আদি নির্মণৰ বাবেও কাষ চাপিব লাগে বাঁহনিখনৰ। সৌন্দর্য চর্চাতো বাঁহৰ অৱস্থান আছে। জনজাতীয় লোকৰ অধিকংশ অলংকাৰ তৈয়াৰ কৰা হয় বাঁহেৰে। কেশবিন্যাসৰ বাবে প্রয়োজনীয় কাকৈখনো সাজি লোৱা হৈছিল বাঁহেৰে। অতীতত জনজীৱনৰ ধন সঞ্চয়ৰ এবিধ বিশ্বাসী চন্দুক হ’ল বাঁহৰ চুঙা। বাঁহৰ চুঙাতে সযতনে ৰখা হয় আ-অলংকাৰ, দৰকাৰী নথিপত্র ইত্যাদি।  দলং, দাৰিকী, দাং, হাকুটি, সাঁকো আদিৰ বাবেও বাঁহৰ প্রয়োজন। ৱাংছো তিৰোতাই প্রিয়জনক উপহাৰ দিবলৈ বাঁহৰ চেঁচুৰ সোঁতেৰে গুঠি তৈয়াৰ কৰে চমৎকাৰ মণি। কিছু দিনৰ আগেয়ে টি ভিত দেখিছিলোঁ এখন অখ্যাত গাঁৱৰ এগৰাকী ব্যক্তিয়ে ধনৰ অভাৱত বাৰীৰ বাঁহেৰে তৈয়াৰ কৰি লৈছে তেওঁৰ নকল দাঁত।

খালৈ
খৰাহী





       গ্রাম্য জীৱনৰ চাহিদা পূর্ণ কৰাত উল্লেখনীয় অৰিহণা আগবঢ়োৱা বাঁহে পদূলিৰ নঙলা, জপনা অতিক্রমী বাসগৃহ নিৰ্মাণ, বিভিন্ন প্রয়োজনীয় সামগ্রী সজাত সহায় কৰাৰ উপৰি অবাধে প্রবেশ কৰে ৰান্ধনি শালতো। ৰান্ধনি ঘৰৰ লাগতিয়াল পানী চাং, পাভটি চাং, ধোঁৱা চাং আদিৰ নির্মিত হয় বাঁহেৰে। লোণ, তেল, খালৈ, জুই ফুৱাবলৈ, চাহ পানী খাবলৈ পিয়লা হিচাপে ব্যৱহাৰ কৰা হয় বাঁহৰ চুঙা। ৰন্ধনৰ সহায়ক খৰিকা, ঘোটনী, লৰনী সজা হয় বাঁহেৰে। বর্তমান আমাৰ ৰান্ধনি-শাললৈও পৰিবর্তন আহিল। বাঁহেৰে নির্মিত বহু সামগ্রী সময়ৰ বলুকাত লুকাল। এতিয়া স্মৃতিৰ ধোঁৱা চাঙত উঠিল বাঁহৰ চুঙা, কঁৰীয়া, খৰিকা , লৰনী কিন্তু সময়ৰ সোঁতত সকলো উটি নাযায়। গ্রাম্যাঞ্চলৰ বহু লোকে আজিও ৰন্ধন শালত ব্যৱহাৰ কৰি আছে বাঁহৰ বিভিন্ন সামগ্রী। আজিও অসমীয়াই পাহৰা নাই গৰমৰ ভাতৰ জুতি খৰিচাকণ। গাঁৱলীয়া মানুহৰ খাদ্য ৰূপে পৰিচিত খৰিচা এতিয়া দেশৰ ৰাজধানী দিল্লীতো ক্ৰয় কৰিবলৈ পোৱা যায়। নগৰ, মহানগৰবাসীৰ হাবিয়াসৰ প্রতি লক্ষ্য ৰাখিয়েই গাঁৱৰ পৰা খৰিচাই বাট কুৰি বাইছে চহৰলৈ। টেমাত বন্দী হৈ বাঁহৰ গাজেও আৰম্ভ কৰিছে চহৰমুখী যাত্রা। চহৰৰ ডাঙৰ ডাঙৰ হোটেলৰ মেন্যুত লিপিবদ্ধ হৈছে খৰিচা,গাঁজৰ বিবিধ ব্যঞ্জন। চুঙা চাউল, চুঙা দৈৰ সোৱাদ জানো পাহৰিব পাৰি? বাঁহৰ চুঙাত তৈয়াৰী খাদ্য সোৱাদযুক্ত হোৱাৰ উপৰি কেতবোৰ বাঁহত থকা ‘বংচ’লোচনৰ ঔষধী গুণ মানৱদেহৰ উপকাৰী। সেইদৰে বাঁহৰ গাঁজৰ পৰা আমি বিভিন্ন পৰিমাণে লাভ কৰোঁ খাদ্য শক্তি, প্র’টিন, কেলচিয়াম, পটাচ, ফ’চফ’ৰাচ,মেগনেচিয়াম, এচকৰবিক এচিড আদি। চাওকচোন বাৰীৰ ঢাপৰ বাঁহ কেইজোপাই আমাৰ কিমান উপকাৰ সাধন কৰে! বাঁহক আশ্রয় কৰিয়েই যেন জনজীৱনে জীৱনৰ বাটত অগ্ৰসৰ হয়, বাঁহে তেওঁলোকক প্রদান কৰে প্রাপ্তিৰ আনন্দ। বাঁহৰ সহায়েৰে সুচল হয় জনজীৱন

জাকৈ

সংস্কৃতিলৈ বাঁহৰ অৰিহণা

       পাহাৰ-ভৈয়ামৰ সমন্বয়েৰে গঢ়ি উঠা আমাৰ বর্ণাঢ্য সংস্কৃতিৰ লগত বাঁহ এনেদৰে সংপৃক্ত হৈ আছে যে বাঁহক বাদ দিলে বাৰেৰহণীয়া সংস্কৃতি বিবর্ণ হৈ পৰিব। আচলতে বাঁহক আঁতৰাই আমাৰ সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰিভৌগোলিক পাৰিপর্শ্বিকতাই সংস্কৃতিলৈ কঢ়িয়াই আনে কেতবোৰ বিশেষ বৈশিষ্ট্য আমাৰ ৰাজ্যখনত ভৌগোলিক পাৰিপার্শ্বিকতাই সৃষ্টি কৰা অনুকূল পৰিৱেশত বাঁহ যথেষ্ট উৎপাদন হয়। লাগ বুলিলেই বাঁহ পোৱা যায় কাৰণে আৰু ব্যয় বহুল নহয় বাবে বিভিন্ন প্রয়োজনত বাঁহ ব্যৱহাৰ কৰা হয়। লোক জীৱনক প্রাচুর্য প্রদান কৰা বাঁহ লোক সংস্কৃতিতো জড়িত হৈ আছে। ‘আগলি বাঁহৰে লাহৰী গগনা কোনেনো বজালে ৰৈ’.‘বাঁহৰে তলে তলে বাঁহীটো বজালোঁ শাহুৱে শুনকহি বুলি’, বাঁহেৰে টকাটি নবজাবা চেনাইটি’...এইদৰে বিহু গীতত সোমাই পৰিছে বাঁহ। লোক গীত , দেহবিচাৰ গীত, সাঁথৰ, জতুৱা ঠাচ আদিত বাঁহৰ উল্লেখে অসমীয়া সংস্কৃতিৰ লগত বাঁহৰ অভিন্ন সম্পর্কৰ কথাকে কয়। আমাৰ গীতবোৰত যেনেকৈ বাঁহৰ উল্লেখ আছে, ঠিক তেনেকৈ বিভিন্ন জাতি-জনজাতিৰ বহু বাদ্য সজা হয় বাঁহেৰে। উদাহৰণ স্বৰূপে টকা, গগনা, পেঁপা, ঢোলৰ মাৰি, বাঁহী আদিৰ কথা ক’ব পাৰি। আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ ভাওনাৰ ভোটা, ভাৱৰীয়াৰ মুখা, ধেনু, কাঁড় আদি বাঁহেৰে সজা হয়। ৰ’দ- বৰষুণৰপৰা পৰিত্রাণ পাবলৈ ব্যৱহাৰ কৰা জাপি সাজিবলৈ প্রয়োজনীয় এবিধ সমল হ’ল বাঁহ। অসমীয়া লোক জীৱনত ব্যৱহৃত জাপি সংস্কৃতিৰ অন্যতম আপুৰুগীয়া সম্পদ।

বাঁহী

মৈ








      আমাৰ সংস্কৃতিত বাঁহক পূজাও কৰা হয়। উদাহৰণ স্বৰূপে গোৱালপাৰাত মদন চতুদর্শীৰ দিনা বাঁহ পূজা অনুষ্ঠিত কৰা হয়। এই পূজাত বাঁহ এডালক সজ্জিত কৰি লৈ বাঁহৰ জন্ম বৃত্তান্ত আদি আখ্যান মূলক গীত গাই নৃত্য কৰা হয়। ‘মীদাৰ’ বা ‘মাদাৰ’ পূজাও বাঁহ পূজাৰে নিদর্শন। অবিভক্ত কামৰূপ জিলাৰ ঠায়ে ঠায়ে প্রথম ব’হাগৰ পৰা শেষ ব’হাগলৈকে যি ‘ভঠেলি’ উৎসৱ পালন কৰা হয়, ইয়াৰ প্রধান উপজীৱ্যই হৈছে বাঁহ। এই ভঠেলি উৎসৱেই অঞ্চল বিশেষে সভা, দেউল, সুৱেৰি পাউৰা, পাৰবাঁহ আদি নামেৰে পৰিচিত। অসমৰ আদিম অধিবাসী তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ ‘ছগুৰা মিছাৱাৰ’ লগতো বাঁহৰ সম্বন্ধ আছে। অসমীয়া ‘জাতীয় সংস্কৃতিৰ যাদুঘৰ’ স্বৰূপ নামঘৰৰ যাৱতীয় কেতবোৰ সামগ্রী যেনে শৰাই, ঠগা, ঢৰা আদি বাঁহেৰে তৈয়াৰ কৰা হয়। মিজোসকলৰ বিখ্যাত বাঁহ নৃত্যৰ দৰে আমাৰ কোঁচ ৰাজবংশীৰ বাঁহ নৃত্যকে ধৰি জনজাতীয় কেইবাটিও মনোৰম নৃত্য পৰিৱেশন কৰা হয় বাঁহৰ সহায়েৰে। এনেদৰে সংস্কৃতিৰ বিভিন্ন দিশৰ সৈতে বাঁহ সাঙোৰ খাই থকাৰ কাৰণে কোনো কোনোৱে অসমৰ সংস্কৃতিক ‘বাঁহ নির্ভৰ সংস্কৃতি বা বাঁহ-সংস্কৃতি’ আখ্যা দিব খোজে।


(আগলৈ)

[ ছবিসমূহ ইন্টাৰনেটৰ পৰা লোৱা হৈছে---সেউজী ধৰণী ]

বৰদলৈ নগৰ, তিনিচুকীয়া::ম’বাইল:৯৯৫৪৭১০০২৮

Thursday 13 November 2014

বিষয় : জৈৱিক কৃষি (২)::Subject: Organic Farming (2)



সেউজী ধৰণী

বিষয় : জৈৱিক কৃষি
(২)




ড: চাদিকুল হুছেইন


            সংগ্রহ কৰি থোৱা জৈৱিক কৃষি বিষয়ক লেখাবোৰ আৰু টোকা বহী কেইখন উলিয়াই ল’লোঁ প্রশিক্ষণ, আলোচনা আদিত হোৱা কথোপকথনবোৰ সদায়ে টুকি ৰাখিবলৈ যত্ন কৰোঁ পাছত এইবোৰ মেলি চাই বিভিন্ন ধৰণেৰে উপকৃত হওঁ আজিও কিছু দিনৰ আগেয়ে জৈৱিক কৃষি বিষয়ক আলোচনা সভা এখনত টুকি থোৱা কথাখিনি বিচাৰি টোকা বহীখন মেলিলোঁ । সেই আলোচনা সভাত জৈৱিক কৃষিৰ লগত জড়িত বহুকেইটা গুৰুত্বপূৰ্ণ প্রশ্ন কৃষকে কৰিছিল যিবোৰৰ সদুত্তৰ মোৰ হাতত নাছিল সেয়ে সেই প্রশ্নবোৰৰ লগতে জৈৱিক কৃষিৰ মূল উদ্দেশ্যৰ বিষয়ে কিছু কথা লিখিবলৈ ঠিক কৰিলোঁ ।
কাগজ-কলম গোটাই লোৱাৰ আগেয়ে লেখাটো কিদৰে প্ৰস্তুত কৰিম সেই বিষয়ে মনতে ভাবিবলৈ ললোঁ এইবিধ কৃষিৰ চিন্তা কেতিয়া আৰু কি পৰিস্থিতিত উদয় হ’ল সেই বিষয়ে আৰম্ভণিতে কৈ ল’ব লাগিব । ৰাসায়নিক সাৰ অধিক পৰিমাণে ব্যৱহাৰ কৰিলে মাটিৰ গুণাগুণ যে নষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু সেই বিষয়ে ১৯২৪ চনতে জাৰ্মানীত Rudolf Steiner নামৰ যাজকজনে এলানি বক্তৃতাৰে জনসাধাৰণক সজাগ কৰিবলৈ যত্ন কৰিছিল সেই বিষয়ে উনুকিয়াই এনে বক্তৃতাবোৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক Lord Northbourne- প্ৰভাৱিত কৰিছিল সেই কথা ক’ব লাগিব । কাৰণ যাজকজনৰ দৰে এখেতেও মাটিক সজীৱ ৰূপে কল্পনা কৰি নিজৰ পামত এক নতুন ধাৰাৰে খেতি কৰিবলৈ আৰম্ভ কৰিছিল । এইবিধ খেতিকে তেখেতে Organic Farming বুলি কৈছিল অর্থাৎ যি বিধক আমি আজি জৈৱিক কৃষি বুলি কৈছোঁ ...
... Sir Albert Howard, যাক আধুনিক জৈৱিক কৃষিৰ জনক বোলা হয় সেইজনৰ কর্মৰাজিৰ বিষয়ে নাজানিলে ভাৰতবর্ষতে যে এইবিধ কৃষিৰ ঘাই শিপাডাল আছে সেই কথা আমাৰ কৃষকসকলে নজনাকৈয়ে থাকি যাব কাৰণ ১৯০৫ চনত ভাৰতবর্ষ লৈ আহি সুদীৰ্ঘ পচিঁছ বছৰকাল তেখেত আৰু তেখেতৰ পত্নী Gabrielle Howard –য়ে আমাৰ কৃষকৰ কৃষি কর্মসমূহ চাই যি অভিজ্ঞতাখিনি লাভ কৰিলে তাৰ ফচল ৰূপে ১৯৪৭ চনত “Soil and Health, A study of Organic Agriculture” নামেৰে এখন কিতাপ প্রকাশ কৰিছিল, য’ত মাটিৰ স্বাস্থ্য অটুট ৰখাত পচন সাৰৰ গুৰুত্ব কিমান সেই বিষয়ে বিশদ ভাবে আলোচনা কৰাৰ লগতে এইবিধ সাৰ প্ৰস্তুত কৰাৰ বিভিন্ন কৌশল বৰ্ণনা কৰা আছে আজি জৈৱিক কৃষিত সাৰৰ বিষয়ে ক’বলৈ যাওঁতে পোন প্ৰথমে পচন সাৰৰ কথাই আমি কওঁ ...
... ৰাচেল কার্চনৰ আলোড়নকাৰী কিতাপ Silent Spring-ৰ বিষয়ে কৈ এই কিতাপখনৰ বাবেই যে ১৯৭২ চনত DDT নামৰ কীটনাশক বিধৰ ব্যৱহাৰ আমেৰিকা যুক্তৰাষ্ট্রত বন্ধ হৈছিল আৰু কাকতালীয় ভাবে সেই বছৰতে জৈৱিক কৃষিৰ বিশ্বব্যাপী এক আন্দোলন চলাবলৈ এচাম বিজ্ঞানীয়ে International Federation of Organic Agriculture Movements (IFOAM) নামেৰে এটা আন্তৰ্জাতিক অনুষ্ঠানৰ জন্ম দিছিল সেই বিষয়েও ক’ব লাগিব কাৰণ আজি এই অনুষ্ঠানটোৱেই বিশ্বত জৈৱিক কৃষি আন্দোলনৰ গুৰি বঠা ধৰি আছে এই গুণী জ্ঞানী লোকসকলে বিচাৰিছিল যে বিভিন্ন কৃষিকর্মৰ বাবে মাটি আৰু পাৰিস্থিতি তন্ত্রৰ স্বাস্থ্যৰ হানি নহওক আৰু পাছৰ প্ৰজন্মই এনে এখন পৃথিৱীৰ বাসিন্দা হ’বলৈ সুবিধা পাওক যিখন পৃথিৱীৰ পৰিৱেশ হ’ব বঙ্কিমচন্দ্রৰ ভাষাৰে সুজলাং, সুফলাং, মলয়জশীতলাং জৈৱিক কৃষিৰ এই মূল উদ্দেশ্যটোৰ বিষয়ে বাৰু সকলো কৃষকে জানেনে ? তেওঁলোকে বাৰু জানেনে IFOAM-য়ে জৈৱিক কৃষিৰ প্রসাৰ আৰু প্রচাৰৰ বাবে যি বিশ্বব্যাপি আন্দোলন চলাই আছে তাৰ সূত্র কেইটা হ’ল Principle of Health, Principle of Ecology, Principle of Fairness আৰু Principle of Care এই চাৰিটা সুত্রৰ ওপৰত ভিত্তি কৰি ২০০৮ চনত IFOAM য়ে জৈৱিক কৃষিৰ সংজ্ঞা নিৰূপণ কৰিছে এইদৰে---“Organic agriculture is a production system that sustains the health of soils, ecosystems and people. It relies on ecological processes, biodiversity and cycles adapted to local conditions, rather than the use of inputs with adverse effects. Organic agriculture combines tradition, innovation and science to benefit the shared environment and promote fair relationships and a good quality of life for all involved. অৱশ্যে ইয়াৰ বাহিৰেও আন বহুতে জৈৱিক কৃষিৰ সংজ্ঞা নিৰূপণ কৰিছে সেইবোৰ হ’ল:-
১) “Organic agriculture is a holistic  production management system that avoids use of synthetic fertilizers, pesticides and genetically modified organisms, minimizes pollution of air, soil and water, and optimizes the health and productivity of interdependent communities of plants, animals and people’. [Codex Alimentarius Commission]
২) “Organic farming is a production system that avoid or largely excludes the use of synthetic fertilizers, pesticides, growth regulators, and rely upon crop rotations, crop residues, animal manures, green manures, off-farm organic wastes, mechanical cultivation, mineral bearing rocks, and aspects of biological pest control to maintain soil productivity and tilth to supply plant nutrients and to control insects, weeds and other pests.”[USDA]
) “Organic agriculture is a unique production management system which promotes and enhances agro-ecosystem health, including biodiversity, biological cycles and soil biological activity, and this is accomplished by using on-farm agronomic, biological and mechanical methods in exclusion of all synthetic off-farm inputs”.[FAO]
এই সংজ্ঞাবোৰ চালি-জাৰি চালে দেখা যায় যে জৈৱিক কৃষি এনে এক উৎপাদন প্রণালী য’ত কৃষি পাৰিস্থিতি তন্ত্র, পৰিৱেশ আৰু জীৱ-জন্তুৰ স্বাস্থ্য অটুট ৰখাৰ ওপৰত গুৰুত্ব দিয়া হয়। এই পদ্ধতিত মাটি, পানী আৰু বায়ুৰ অনিষ্টসাধন কৰা কৃষিকর্মৰ পৰা যিমান দূৰ পাৰি বিৰত থকা হয়। এনে কৰিবলৈ যাওঁতে ৰাসায়নিক সাৰ, ঔষধ আদিৰ পৰিবৰ্তে শস্যাৱর্তন, শস্যৰ পেলনীয়া অংশ, জীৱ-জন্তুৰ মল-মূত্ৰ, সেউজ সাৰ আদিৰ ওপৰত অধিক নিৰ্ভৰ কৰা হয়। এই সংজ্ঞাবোৰৰ পৰা এইটো কথাও স্পষ্ট হৈছে যে জৈৱিক কৃষিত ৰাসায়নিক সাৰ, ঔষধ আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰা নাই বৰং avoid or largely exclude অর্থাৎ বর্জন নাইবা বহুল ভাৱে পৰিহাৰ কৰিবলৈ কোৱা হৈছে সেয়ে বহুতে ভবাৰ দৰে কেৱল মাত্র ৰাসায়নিক সাৰ নাইবা ঔষধ ব্যৱহাৰ নকৰি কৰা খেতিটো প্ৰকৃত অৰ্থত জৈৱিক নহয়। কাৰণ এনে কৰোঁতে কৃষকজনে এনে কোনো কৃষিকাৰ্য কৰা নাই যাৰ বাবে কৃষি পাৰিস্থিতি তন্ত্ৰ কিম্বা পৰিৱেশৰ উন্নতি সাধন হৈছে। আনহাতে শস্যাৱর্তন, সেউজ সাৰ আদিৰ লগতে প্রয়োজন সাপেক্ষে ৰাসায়নিক সাৰ কিম্বা ঔষধ প্ৰয়োগেৰে কৰা শস্য ডৰা জৈৱিক কৃষিৰ আওতাত পৰিব। কাৰণ এনে কৰোঁতে কৃষি পাৰিস্থিতি তন্ত্র, পৰিৱেশ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ প্রতি দৃষ্টি ৰখা হয়। জৈৱিক কৃষিৰ এই সংজ্ঞাবোৰৰ আঁত ধৰি ইতিমধ্যে এইবিধ কৃষিৰ বহুকেইটা প্রকাৰৰ সূচনা হ’ব ধৰিছে যিবোৰৰ প্রধান উদেশ্য হ’ল ---কৃষি পাৰিস্থিতি তন্ত্র তথা পৰিৱেশৰ ওপৰত বিশেষ হানি-বিঘিনি নোহোৱাকৈ কৃষিকর্ম কৰা। এনে কৰিবলৈ যাওঁতে কৃষি ক্ষেত্রত কৃত্রিম সামগ্রীৰ ব্যৱহাৰ হ্রাস কৰি প্রকৃতিপ্রদত্ত সম্পদৰাজিৰ ওপৰত অধিক নির্ভৰশীল হ’ব লাগিব জৈৱিক কৃষি সম্পর্কীয় এইখিনি কথা কৃষকসকলক এনে ভাবে বুজাব লাগিব যাতে এইবিধ কৃষিৰ সম্পর্কত উদয় হোৱা একাধিক প্রশ্নৰ উত্তৰ তেওঁলোকে নিজেই বিচাৰি পায়
উদ্ভিদৰ পৰিপুষ্টিৰ বাবে অজৈৱিক আৰু জৈৱিক দুয়োবিধ সাৰ ব্যৱহাৰ কৰা হয়। কিন্তু অজৈৱিক সাৰৰ ব্যৱহাৰৰ বাবে দেখা দিয়া কেতবোৰ সমস্যা দূৰ কৰিবলৈ বর্তমান জৈৱিক সাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অৱশ্যে জৈৱিক সাৰত শস্যৰ পৰিপুষ্টিৰ বাবে আৱশ্যক হোৱা পোষক দ্রব্যৰ পৰিমাণ যথেষ্ট কম, যাৰ বাবে এডৰা মাটিৰ উর্বৰতা শস্যবিধৰ প্রয়োজন অনুসৰি বৃদ্ধি কৰিবলৈ যাওঁতে বৃহৎ পৰিমাণৰ জৈৱিক সাৰ প্রয়োগ কৰিবলগীয়া হয়। তদুপৰি সকলো জৈৱিক সাৰত একাধিক পোষক দ্রব্য থাকে। এনে হোৱা বাবে শস্য ডৰাক পোষক দ্রব্য সুষম ভাৱে যোগান ধৰিব পৰা নাযাব। আনহাতে কোনো এবিধ জৈৱিক সাৰত থকা পোষক দ্রব্যৰ পৰিমাণ সকলো সময়তে স্থিৰ নহয়। এনে হোৱা বাবে জৈৱিক সাৰৰ পৰিমাণ নির্ধাৰণ কৰাত অসুবিধা হয়। সেয়ে জৈৱিক সাৰ প্রয়োগ কৰিবলৈ যাওঁতে এনে কৃষকসকল প্রশ্নৰ সন্মুখীন হ’ব আৰু নিশ্চয় সুধিব --- জৈৱিক কৃষিত শস্যৰ পৰিপুষ্টিৰ বাবে কেৱল জৈৱিক উৎসৰ ওপৰতহে নির্ভৰ কৰিব লাগিব নেকি?
এই প্রশ্নৰ উত্তৰ অৱশ্যে একেষাৰতে দিব পৰা নাযাব। কাৰণ ই নির্ভৰ কৰিছে আন একাধিক প্রশ্নৰ উত্তৰৰ ওপৰত। ইয়াৰ ভিতৰত কোনো এখন দেশে জৈৱিক কৃষিৰ সংজ্ঞা কিদৰে গ্রহণ কৰিছে সেইটো অন্যতম। তথাপিও জৈৱিক কৃষিৰ সংজ্ঞাবোৰৰ লগতে ইতিমধ্যে গঢ়লৈ উঠা এইবিধ কৃষিৰ প্রকাৰসমূহ বিচাৰ কৰি কব পৰা যাব যে জৈৱিক কৃষিত শস্যৰ পৰিপুষ্টিৰ বাবে কেৱল জৈৱিক উৎসৰ ওপৰত নির্ভৰশীল হোৱাতো বাধ্যতামূলক নহয়। আনহাতে এনে বহুতো জৈৱিক সাৰৰ উৎস আছে যিবোৰৰ ব্যৱহাৰে পৰিৱেশ প্রদূষণ কৰাৰ লগতে মানুহৰ স্বাস্থ্যৰো অপকাৰ সাধিব পাৰে সেয়ে বর্তমান বহুতো বিজ্ঞানীয়ে কেৱল জৈৱিক সাৰৰ পৰিৱর্তে জৈৱিক আৰু অজৈৱিক সাৰৰ সমন্বয়ত মাটিৰ উর্বৰতা অটুট ৰখাত গুৰুত্ব দিবলৈ লৈছে য’ত জৈৱিক সাৰ অজৈৱিক সাৰৰ বিকল্প নহৈ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয় এনে ব্যৱস্থাক ইংৰাজীত Integrated Nutrient Management (INM) বোলে। এই ব্যৱস্থাত মাটিৰ গুণাগুণ অটুট থকাৰ উপৰিও ৰাসায়নিক সাৰৰ ব্যৱহাৰ সীমিত হৈ পৰাৰ বাবে ব্যয় কম হয় । সেইদৰে আন বহুতে কৃষি পামৰ বাহিৰৰ সামগ্রী যেনে:- ৰাসায়নিক সাৰ, ঔষধ আদিৰ ব্যৱহাৰ হ্রাস কৰি পামত উপলব্ধ সামগ্রীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ পৰামর্শ আগবঢ়াইছে। এই প্রকাৰৰ কৃষিক Low External Input and Sustainable Agriculture (LEISA) বুলি নামকৰণ কৰা হৈছে আৰু পৃথিৱীৰ বহু অঞ্চলত এনে কৃষি জনপ্ৰিয় হৈ উঠিছে। এই কথাখিনি বুজাই দিলে কৃষক সকলে নিশ্চয় দুনাই প্রশ্ন নকৰিব জৈৱিক সাৰত শস্যৰ প্ৰয়োজনীয় সকলোবোৰ পোষক দ্রব্য উচিত পৰিমাণত পোৱা যাব নে নাইবা জৈৱিক খেতিত শস্যৰ পৰিপুষ্টিৰ বাবে কেৱল জৈৱিক সাৰহে দিব লাগিব নেকি ?
এইখিনিতে এটা প্রশ্ন উদয় হ’ব পাৰে---এইদৰে কৰা খেতিক জৈৱিক বুলি পৰা যাবনে? প্রশ্নৰ উত্তৰত ক’ব লাগিব যে মাটিৰ উর্বৰতা অটুট ৰাখিবলৈ গ্রহণ কৰা INM-ৰ লগতে IPM অর্থাৎ শস্যৰক্ষাৰ বাবে যুগুত কৰা শস্যৰক্ষাৰ কৌশলবোৰ যথাযথ ভাৱে মানি কৰা খেতি নাইবা LEISA –ত জৈৱিক কৃষিৰ সকলো চৰিত্র বিদ্যমান কাৰণ কৃষকজনে জৈৱিক কৃষিৰ সজ্ঞা অনুসৰি খেতিটো কৰিছে, যাৰ বাবে কৃষি পাৰিস্থিতি তন্ত্র, পৰিৱেশ আৰু জীৱ-জন্তুৰ স্বাস্থ্যৰ ওপৰত বিশেষ কোনো কু-প্রভাৱ পৰা নাই। আমাৰ কৃষকৰ বাবে এনে ব্যৱস্থা অতি উত্তম বুলি বিবেচিত হৈছে আৰু ৰাসায়নিক দ্রব্য সর্বস্ব কৃষি ব্যৱস্থাৰ পৰিৱর্তে এনে ধৰণৰ কৃষি গ্রহণ কৰিবলৈ কৃষকসকলো আগবাঢ়ি আহিব ধৰিছে ইতিমধ্যে বহু কেইটা পৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে এনে ভাৱে কৰা খেতিৰ উৎপাদন ৰাসায়নিক সাৰ আৰু ঔষধ প্ৰয়োগেৰে কৰা খেতিৰ তুলনাত কম নহ’ব বিশ্বৰ বিভিন্ন প্ৰান্তত চলোৱা পৰীক্ষাবোৰৰ পৰা এইটো জানিব পৰা গৈছে যে “সেউজ বিপ্লৱ”ৰ বিশেষ প্রভাৱ নপৰা আৰু বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত জৈৱিক পদ্ধতিয়ে অতি চমকপ্রদ ফল দেখুৱাই। এনে বোৰ তথ্যৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি যে জৈৱিক কৃষিৰ বাবে উৎপাদন হ্রা্স পোৱাৰ ভয় অমূলক। ইয়াৰ উপৰিও জৈৱিক কৃষিত পামখনত শস্যাৱর্তনৰ মাধ্যমেৰে একাধিক শস্যৰ খেতি কৰাৰ লগতে কৃষিৰ আনুসংগিক অংগ যেনে:- পশুধন, মৌ, মীন আদিৰ পালন কৰাতো একান্ত প্রয়োজন। জৈৱিক পদ্ধতিৰে পৰিচালিত হোৱা এনে এখন মিশ্রিত পামৰ মুঠ উপার্জন আধুনিক পদ্ধতিৰে কৰা এটা শস্যৰ খেতিতকৈ বেছি হোৱা.দেখা যায়। জৈৱিক কৃষিৰ এয়া আন এক বৈশিষ্ঠ।
জৈৱিক কৃষিৰ বিষয়ে এইখিনি লিখাৰ পাছত এনে কৃষিৰ উৎপাদিত সামগ্ৰীৰ মূল্য বিষয়ে ক’ব লাগিব । জৈৱিক কৃষি”(Organic Farming) আৰু “প্রমাণিত জৈৱিক কৃষি”(Certified Organic Farming)- এই দুয়োবিধৰ মাজৰ পার্থক্যটো ভালদৰে নজনাৰ বাবে কৃষকৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছে যে জৈৱিক সামগ্রীৰ মূল্য বেছি। জৈৱিক সামগ্রীৰ মূল্য তেতিয়াহে বেছি হ যেতিয়া “প্ৰমাণিত জৈৱিক কৃষি” হিচাপে খেতিটো কৰা হয়। এইদৰে কৰিবলৈ যাওঁতে কৃষকজনে খেতি ডৰা “প্রমাণিত জৈৱিক কৃষি” হিচাপে পঞ্জীয়ন কৰাৰ লগতে আন বহুতো নীতি-নির্দেশনা মানি কৃষিকার্য কৰিবলগীয়া হ’ব যিবোৰ সময়ে সময়ে কৰ্তৃত্বশীল প্ৰতিষ্ঠানে পৰিদৰ্শন কৰি উৎপাদিত সামগ্রীক “Certified Organic হিচাপে প্রমানপত্র দিব এনে প্রমাণপত্র লাভ কৰা সামগ্রীৰ মূল্য সাধাৰণ কৃষিজাত সামগ্রীতকৈ বেছি। বর্তমান ভাৰতবর্ষত কেইবিধমান শস্যৰ ক্ষেত্রতহে এনে প্রমাণপত্র দিয়াৰ ব্যৱস্থা আছে আৰু এইদৰে উৎপাদিত সামগ্রীৰ মূল বজাৰ হ’ল বিদেশৰ বজাৰ। অৱশ্যে ভাৰতবর্ষৰ প্রধান নগৰকেইখনত জৈৱিক সামগ্রীৰ বিপণী মুকলি কৰা হৈছে যদিও সামগ্রীৰ অধিক মূল্যৰ বাবে গ্রাহকৰ সংখ্যা সীমিত।
ভাৰতবর্ষত যে জৈৱিক সামগ্রীৰ বজাৰ অতি সীমিত আৰু অসমত যে এনে বিপণী নাই সেইবিষয়ে জনাৰ পাছত বহুতো কৃষকে প্রশ্ন কৰিব পাৰে --- তেন্তে আমি কিয় জৈৱিকভাৱে কৃষিকার্য কৰিব লাগে? এই প্রশ্নৰ উত্তৰ অতি স্পষ্ট। মাটি, পানী আৰু বায়ুৰ অনিষ্টসাধন নকৰাকৈ ভৱিষ্যতৰ প্ৰজন্মক এক প্ৰদূষণমুক্ত পৰিৱেশ প্রদান কৰি যোৱাৰ বাবে আন যিকোনো ব্যক্তিৰ দৰেই কৃষকজনো সমাজৰ ওচৰত সমানে দায়বদ্ধসেয়ে আমাৰ কৃষকে IFOAM-ৰ এনে নীতিবোৰ মানি যিমান পাৰে সিমান ৰাসায়নিক দ্রব্য পৰিহাৰ কৰি নিজ পামত উপলব্ধ সামগ্রীৰ সদ ব্যৱহাৰ কৰি কৃষিকার্য কৰিব লাগিব য’ত থলুৱা কৃষি কৌশলৰ পূর্ণ প্রয়োগ কৰিবলৈ যত্ন কৰিব। এনে কৰাজন জৈৱিক আন্দোলনৰ এজন একনিষ্ঠ কর্মী হোৱাৰ উপৰিও প্রকৃত অর্থত এজন “জৈৱিক কৃষক”। আনহাতে Certified Organic Farming হ’ল সম্পূর্ণ বজাৰভিত্তিক কৃষি এই ক্ষেত্রতো কৃষিকর্মৰ বাবে মাটি, পানী আৰু বায়ুৰ অনিষ্টসাধন নহয়কিন্তু কৃষকজন সমাজৰ হিতৰ বাবে সাধাৰণতেই দায়বদ্ধ নহয়। কাৰণ বিচৰা বজাৰখন নাপালে তেখেত পুনৰ ৰাসায়নিক দ্রব্য সর্বস্ব কৃষিলৈ ঘুৰি যোৱাৰ পূর্ণ সম্ভাৱনা থাকে এইখিনিতে উল্লেখ কৰিব লাগিব যে “প্ৰমাণিত জৈৱিক কৃষি”ৰ ক্ষেত্রত মানিবলগীয়া নীতি-নিৰ্দেশনা সমূহ সকলো দেশৰে একে নহয়। অর্থাৎ কৃষকজনৰ কাৰণে বিদেশৰ সকলো বজাৰ মুকলি নহয়। ইয়াৰ উপৰিও আমেৰিকাৰ জৈৱিক সামগ্রীৰ বজাৰত প্রৱেশ কৰিবলৈ যাওঁতে কৃষকজনে সেই দেশৰ নীতি- নির্দেশনা সমূহ পালন কৰাৰ উপৰিও তেখেতৰ সামগ্রীয়ে যে ইতিমধ্যে এক নির্দিষ্ট পৰিমাণৰ ব্যৱসায় কৰি উঠিছে সেয়া জনাব লাগিবঅর্থাৎ জৈৱিক সামগ্রীৰ উৎপাদক হিচাপে তেখেত দেশখনৰ বিশ্বাসভাজন হৈ উঠিব লাগিব।
জৈৱিক কৃষি সম্পৰ্কীয় এনেবোৰ কথা জনাৰ পাছত কৃষকসকল যে দোমোজাত পৰিব সেই বিষয়ে আমি নিশ্চিত কাৰণ জৈৱিক কৃষিৰ প্রসাৰৰ বাবে চলোৱা বিভিন্ন কার্যক্রমৰ দ্বাৰা কিছু পৰিমাণে উৎসাহিত হৈ পৰা সাধাৰণ কৃষকসকলে যেতিয়া বুজিব পাৰে যে আজিৰ তাৰিখত তেখেতসকলৰ দ্বাৰা উৎপাদিত সামগ্রী আৰু ৰাসায়নিক দ্রব্যৰ পূর্ণ প্রয়োগেৰে উৎপাদন কৰা সামগ্রীৰ বজাৰ মূল্যৰ মাজত কোনো পার্থক্য নাই তেতিয়া তেওঁলোক হতাশ হৈ পৰিব বজাৰত কেৱল “লকেল” বিচাৰি ফুৰা গ্রাহকজনে "Know Your Farmer, Know Your Food" মন্ত্র সৰোগত কৰি এনে সামগ্রীৰ বাবদ দুপইছা বেছিকৈ দিবলৈ কুণ্ঠাবোধ নকৰিব পাৰে কিন্তু এনে কার্যই ক্ষুদ্র কৃষকসকলক জৈৱিক কৃষিৰ প্রতি উৎসাহিত নকৰে। আনহাতে “প্ৰমাণিত জৈৱিক কৃষি” ৰ সকলো ধৰণৰ নীতি নির্দশনা মানি প্রস্তুত কৰা চাহ বিদেশৰ বজাৰত প্ৰৱেশ কৰিবলৈ যাওঁতে বাধাৰ সন্মুখীন হ’ব লগা হৈছে বুলি যেতিয়া জানিব তেতিয়া সীমিত পুঁজিৰ ক্ষুদ্র কৃষকসকলে এনে প্ৰকাৰৰ কৃষিৰ প্রতি স্বাভাৱিকতে অনীহা প্রকাশ কৰিব । সেয়ে অসমৰ কৃষকসকল জৈৱিক কৃষিৰ একনিষ্ঠ কর্মী হৈ এজন প্রকৃত “জৈৱিক কৃষক” ৰূপে কৃষিকর্ম কৰি ভৱিষ্যতৰ প্রজন্মক এক প্ৰদূষণমুক্ত অসম প্রদান কৰা উচিত হ’ব নে “প্রমাণিত জৈৱিক কৃষি” কৰি এক অনিশ্চয়তাত ভুগি থকা এজন হতাশাগ্রস্ত কৃষক হোৱা উচিত হ’ব তাক অতি শীর্ঘে বিচাৰ কৰিবলৈ কোৱাতো আমাৰ নিশ্চয় দায়িত্ব হ’ব ইতিমধ্যে অসমকে ধৰি উত্তৰ-পূৱ ভাৰতৰ প্রায় ১৮ মিলিয়ন হেক্টৰ মাটি জৈৱিক কৃষিৰ অধীনলৈ আনি বিভিন্ন শস্যৰ খেতি কৰাৰ পৰামর্শ দিয়া দেখা গৈছে। প্রায় প্রাকৃতিক ৰূপত থকা এই বিস্তৃত কৃষিভূমি অতি সহজে জৈৱিকলৈ ৰূপান্তৰ কৰিব পৰা অৱস্থাত আছে। তদুপৰি পাহাৰে-পর্বতে, বাৰীয়ে-হাবিয়ে থকা অজস্র ফল-মূল, ঔষধি উদ্ভিদ আদিক “Certified naturally grown হিচাপে বজাৰত পোৱাৰ ব্যৱস্থা কৰিব পৰা যায় য’ত এনে সামগ্রীৰ লগতে INM+IPM, LEISA আদিৰ দ্বাৰা উৎপাদিত সামগ্রীও জৈৱিক সামগ্রী ৰূপে উপলব্ধ হ’ব। আজি আমাক নিশ্চয় এনে এখন বজাৰৰ বেছি প্রয়োজন হৈ পৰিছে আৰু কৃষকসকলেও এনে এখন বজাৰৰ বাবেই কৃষিকার্য কৰিব লাগিব । তেখেতসকলৰ সামগ্রী অধিক সোৱাদযুক্ত নাইবা পুষ্টিকৰ হ’বও পাৰে বা নহ’বও পাৰে কাৰণ সাৰৰ উৎস জৈৱিক কিম্বা অজৈৱিক যিয়ে নহওক কিয় উদ্ভিদে পোষক দ্রব্য অজৈৱিক ৰূপতহে মাটিৰপৰা আহৰণ কৰে । আনহাতে উদ্ভিদে পোষক দ্রব্যৰ উৎস চিনাক্ত কৰিব পাৰে বুলি বিজ্ঞানীসকলে এতিয়াও প্রমাণ কৰিব পৰা নাই । অৱশ্যে এনে খাদ্য নিৰাপদ বুলি ক’ব পাৰি । কাৰণ IPM-ৰ নিৰ্দেশনাবোৰ যথাযথ ভাবে মানি খেতি কৰিলে ঔষধৰ ব্যৱহাৰ যথেষ্ট কম হয় ।
কৃষিক বৃত্তি হিচাপে ল’ব বিচৰা এচাম যুৱক-যুৱতীয়ে জৈৱিক কৃষিৰ এনেবোৰ তথ্য লাভ কৰাৰ পাছতো আশ্বস্ত হবলৈ পুনৰ প্রশ্ন কৰিব পাৰে--- অসম তথা উত্তৰ-পূৱ ভাৰতৰ লগতে দেশৰ আন যিবোৰ অঞ্চলত এতিয়াও অতি সামান্য পৰিমাণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা হয় তেনেবোৰ অঞ্চলত জৈৱিক সাৰ ব্যৱহাৰত ইমান গুৰুত্ব দিয়া হৈছে কিয়? এনে প্রশ্নৰ উত্তৰত পাৰি যে জৈৱিক কৃষি হৈছে সময়ৰ আহ্বান অতীতত জানি বা নাজানি কৰি অহা কিছুমান ভুলৰ যাতে পুনৰাবৃত্তি নহয় তাৰবাবে আজি সকলো সজাগ হৈছে সেয়েসেউজ বিপ্লৱ বিশেষ প্ৰ্ভাৱ নপৰা এনে অঞ্চলবোৰ চিনাক্ত কৰি সেইবোৰ জৈৱিকলৈ পৰিৱৰ্তন কৰা কাৰ্যত বিশ্বৰ সকলো দেশে গুৰুত্ব দিবলৈ লৈছে ভাৰতবৰ্ষৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল তেনে এক অঞ্চল দেশৰ ভিতৰতে অতি কম পৰিমাণৰ ৰাসায়নিক সাৰ আৰু ঔষধ ব্যৱহাৰ কৰা হয় সেয়ে এনে অঞ্চলবোৰ সহজে জৈৱিকলৈ পৰিৱৰ্তন কৰিব পৰা অৱস্থাত আছে যিটো পঞ্জাব, হাৰিয়ানা আদি প্ৰ্দেশত নাই এই অঞ্চলবোসাৰুৱা মাটিত INM+IPM , LEISA আদিৰ আধাৰত সহজে জৈৱিক কৃষি কৰিব পাৰি তদুপৰি অসম তথা উত্তৰ পূর্বাঞ্চলৰ প্ৰাকৃতিক অৱস্থাত থকা অঞ্চলবোৰ উদ্যান শস্যৰ বাবে অতি উপযোগী এই অঞ্চলবোৰত সম্পূৰ্ণ জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰিও “Certified Organic Farming” কৰিব পৰা যায় কিন্তু এনে কৰাৰ আগেয়ে এইবিধ কৃষিৰ লগত জড়িত সকলোবোৰ দিশ ভালদৰে বুজি লাগিব এনেবোৰ কাৰণত এই অঞ্চলবোৰত জৈৱিক সাৰৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে ইয়াৰ উপৰিও এটা হিচাবত দেখা গৈছে যে ভাৰতবৰ্ষত ২০২০ চনত যি পৰিমাণৰ খাদ্য সামগ্রীৰ আৱশ্যক হ’ব সেইখিনি উৎপাদন কৰিবলৈ ২৮.৮ মিলিয়ন টন সাৰৰ প্রয়োজনআনহাতে সেই সময়লৈ দেশে কেৱল ২১.৬ মিলিয়ন টন অজৈৱিক সাৰ উৎপাদন কৰিবলৈহে সক্ষম হ’ব। অৰ্থাৎ ৭.২মিলিয়ন টন সাৰৰ ঘাটি পূৰাবলগীয়া হ’ব। এই ঘাটি পূৰাবলৈ বিকল্প হিচাপে জৈৱিক সাৰৰ প্রয়োজন হৈ পৰিছে। তদুপৰি বৰ্তমান অজৈৱিক সাৰৰ মূল্য বৃদ্ধিৰ বাবেও খেতি পথাৰত জৈৱিক সাৰৰ প্ৰাসংগিকতা ক্রমে বৃদ্ধি পাব ধৰিছে
জৈৱিক কৃষিৰ প্রসংগত উদয় হ’ব পৰা এনেবোৰ প্রশ্ন আলোচনা কৰি সামৰণিত ক’ব পৰা যাব যে আন বহুতো দেশৰ দৰে ভাৰতবর্ষতো ক্ষুদ্র কৃষক সকলৰ উপযোগী হোৱাকৈ INM, IPM, LEISA আদিক অধিক গুৰুত্ব দি এইবিধ কৃষিৰ প্রসাৰ ঘটাবলৈ চেষ্টা চলাই থকা হৈছে । লগতে এইটোও ক’ব পৰা যাব যে নির্দিষ্ট কেতবোৰ শস্যৰ খেতি “প্রমাণিত জৈৱিক কৃষি” ৰূপে কৰি বিদেশৰ বজাৰ দখল কৰিবলৈ এচাম উদ্যোগী যুৱক-যুৱতী আগবাঢ়ি আহিব পাৰে । অৱশ্যে এই সকলোবোৰ আশা বাস্তৱত ৰূপায়ণ হোৱাটো নির্ভৰ কৰিছে কৃষকৰ সততা আৰু গ্রাহকৰ বিশ্বাসৰ ওপৰত।
লিখিবলৈ লোৱা কথাখিনি এইদৰে মনতে জুকিয়াই চাই কিবা এটা খাৰা কৰিব পৰা যেন লাগিল । কাগজ-কলম গোটাই গোট গোট আখৰেৰে শিৰোনামাটো লিখিলোঁ---জৈৱিক কৃষি : কিছু প্ৰশ্নৰ আঁত ধৰি




ম’বাইল: ৯৪৩৫১৩৫৬৩১:: ID- sadik2crs@yahoo.co.in