Tuesday 29 October 2013

অসমৰ নেমুজাতীয় ফলসমূহ: Citrus germplasms of Assam


সেউজী ধৰণী

বিলুপ্তিৰ পথত অসমৰ নেমুজাতীয় ফলসমূহ

ডঃ চাদিকুল হুছেইন

[ প্রাসংগিকতালৈ লক্ষ্য ৰাখি প্রান্তিক ১৬-৩১ আগষ্ট,২০১১ চনত প্রকাশ পোৱা এই লেখা সম্পাদিত ৰূপত ‘সেউজী ধৰণী’ত উপলব্ধ কৰা হ’ল ]




নেমুজাতীয় ফল যেনে চকলা টেঙা, গোল নেমু, সুমথিৰা টেঙা আদিবোৰ উদ্ভিদ জগতৰ Rutaceae গোত্রৰ (family) Citrus জাতিৰ (genus) অন্তর্ভুক্ত । এই জাতীয় ফলবোৰৰ অনেক প্রকাৰ (species) পৃথীৱীৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ আছে। উদ্ভিদবিদসকলক সততে আকর্ষণ কৰা এই Citrus জাতিৰ শ্রেণী বিভাজন কৰা হৈছে যদিও সকলোৰে গ্রহণযোগ্য শ্রেণী বিভাজন এতিয়াও গৃহিত হোৱা নাই। ইয়াৰ প্রধান কাৰণ হ’ল এই জাতিৰ প্রজাতিবোৰৰ শৃংখলাবদ্ধ অধ্যয়নত আহি পৰা কিছু জটিলতা। ৰক্ষণশীল উদ্ভিদবিদৰূপে পৰিচিত Swingle য়ে ১৯৪৮ চনত এনে ফলসমূহৰ খোৱাৰ উপযোগী দহটা প্রজাতিক Eucitrus উপজাতিৰ আৰু অনুপযোগী ছটা প্রজাতিক Papeda উপজাতিৰ অন্তর্ভুক্ত কৰে। আনহাতে ১৯৫৪ চনত তেখেতৰ ছাত্র Tanakaই ৰক্ষণশীল মনোভাব ত্যাগ কৰি সামান্যতম বিচ্যুতিকো সুকীয়া মর্যদা দিয়াত ১৫৯ টা প্রজাতিত Citrus জাতিটো বিভক্ত হয়। ইয়াৰ পাছত বহুকেইজন পণ্ডিতে Citrus জাতিৰ শ্রেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছে আৰু ১৯৬৪ চনত ৰঞ্জিৎ সিংহই উপৰিউক্ত দুয়োজনা উদ্ভিদবিদৰ মাজেৰে বাট উলিয়াই ৪১টা প্রজাতিক Eucitrus উপজাতিৰ আৰু সাতটা প্রজাতিক Papeda উপজাতিৰ অন্তর্ভুক্ত
কৰি মুঠ ৪৮টা প্রজাতিত নেমুজাতীয় ফলবোৰ বিভক্ত কৰে। ইয়াৰ মাজতে ভট্টাচার্য আৰু দত্তই অসমত পোৱা Citrus জাতিৰ ফলবোৰ শ্রেণী বিভাজন কৰিবলৈ যত্ন কৰিছিল। এইদৰে বিভাজিত হৈ ফলবোৰ Citrus sinensis Osbeck, Citrus aurantifolia Swingle আদি একো একোটা বৈজ্ঞানিক নামেৰে পৰিচিত হয়। পাছলৈ সর্বসাধাৰণে বুজিব পৰাকৈ প্রধান প্রজাতিকেইটাক Citron, Lemon, Lime, আদি গোট বা group বুলি কোৱা হ’ল। যি কি নহওক , এই সকলোবোৰ অধ্যয়নৰপৰা এটা কথা পৰিষ্কাৰ হৈছে যে Citrus জাতিৰ অন্তর্ভুক্ত বহুকেইটা প্রজাতিৰ আদিভূমি হৈছে অবিভক্ত অসম। ১৯৯৯ চনত অনুষ্ঠিত International Symposium on Citriculture –অত বহুকেইজন বিজ্ঞানীয়ে উত্তৰ-পূর্বাঞ্চল অতি কমেও পাঁচবিধ প্রজাতিৰ আদিভূমি বুলি মতপোষণ কৰাৰ লগতে এই বুলিও সন্দেহ  প্রকাশ কৰে যে দেশৰ এই অঞ্চলটোত এতিয়াও হয়তো ভালেমান প্রজাতি আবিষ্কাৰ নোহোৱাকৈ আছে, যিবোৰ সংৰক্ষণৰ অভাৱত আমাৰ অগোচৰে বিলুপ্ত হৈ পৰিব। বর্তমান আমি সকলোৱে অনুভৱ কৰিছোঁ যে আজিৰ পৰা কেই দশকমানৰ আগলৈকে দেখি থকা নেমুজাতীয় ফলৰ বহুতো প্রজাতি এতিয়া প্রায় দুষ্প্রাপ্য হৈ পৰিছে। অৱশ্যে এই কথা আন উদ্ভিদ তথা জীৱ-জন্তুৰ ক্ষেত্রটো প্রযোজ্য। এনে পৰিপ্রেক্ষিতত অসম আৰু উত্তৰ-পূর্বাঞ্চলৰ প্রজাতিবোৰৰ সংৰক্ষণ আৰু উচিত মূল্যায়ন কৰাটো আৱশ্যক হৈ পৰিছে। আমাৰ এই লেখাত নেমুজাতীয় ফলৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ যত্ন কৰিম।

অসমত পোৱা প্রজাতিবোৰ

      অসমৰ মাটি আৰু জলবায়ু নেমুজাতীয় ফলৰ বাবে অতি উপযোগী। এনে হোৱাৰ বাবে অসমত এইবিধ ফলৰ বহুকেইটা প্রজাতি পোৱা যায়। এই প্রতিটো প্রজাতিৰ আকৌ ভালেকেইটা জাত বা প্রকাৰ আছে। এনে প্রকাৰবোৰৰ নাম অঞ্চলভেদে বেলেগ বেলেগ। বর্তমান অসমত সততে পোৱা এনে প্রকাৰবোৰ তলৰ তালিকাত উল্লেখ কৰা হ’ল।

বৈজ্ঞানিক নাম
গোট
প্রকাৰ
C. assamensis Bhattacharya
and Dutta
Adajamir
 আদা জামিৰ
C. aurantifolia Swingle
Acid lime
কাগজী লাইম, কৰিমগঞ্জ লাইম,
অভয়াপুৰী লাইম
C. grandis Osbeck
Pummelo
ৰবাব টেঙা
C. jambhiri Lush
Rough lemon
গোল নেমু , হাতী নেমু, সুন্দৰী নেমু
C .limon Barm
Lemon
 পাতি নেমু, অসমীয়া নেমু, ইলাচী নেমু
C. medica
Citron
জৰা টেঙা, পাতি জৰা, বিৰা জৰা
C. megaloxycarpa
Sour pummelo
 বৰ টেঙা, হোলোং টেঙা
C. nobilis Lorn
King orange
 জেনেৰু টেঙা
C. paradisi Macf.
Grapfruit
 ৰবাব টেঙা
C. reticulata Blanco
Mandarin orange
 খাচী মান্দাৰিণ
C. sinensis Osbeck
Sweet orange
মিঠা চকলা, চকলা টেঙা, মোচাম্বি

      তালিকাৰ পৰা এটা কথা পৰিলক্ষিত হৈছে যে আমি Pummelo আৰু Grapefruit দুয়োবিধক ৰবাব টেঙা বুলি কওঁ। কিন্তু এই দুয়োবিধ ফলৰ গছ-পাত,ফল আদিৰ মাজত যথেষ্ট পার্থক্য আছে। অতি সহজে বুজিব পৰা পার্থক্যকেইটা হ’ল:- Pummeloৰ ফলবোৰ এটা এটাকৈ লাগে, অক্ষ(axis) প্রায় ফোঁপোলা। আনহাতে Grapefruit-অৰ ফলবোৰ থোপা বান্ধি লাগে। আঙুৰৰ(Grape) দৰে থোপা বান্ধি লগাৰ বাবেই এইবিধ ফলক ইংৰাজীত Grapefruit বোলা হয়। এইবিধৰ ফল আকাৰত আনবিধকৈ সৰু, বাকলি কিছু পাতল আৰু অক্ষ প্রায় পূৰঠ অৱস্থাত থাকে। ভট্টাচার্য আৰু দত্তই অবিভক্ত অসমত নবিধ Pummelo ফল পোৱাৰ কথা উল্লেখ কৰি গৈছে। ইয়াৰ কিছুমানৰ ভিতৰছোৱা ৰঙচুৱা আৰু আন কিছুমানৰ বগা।

     

  অসমত যিবিধ ফলক সোণতৰা, সুমথিৰা বা কমলা টেঙা বুলি কওঁ , সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফলভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্রকাৰ আছে। উত্তৰ-পূর্বাঞ্চলত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ এই গোটটোৰ ফলবোৰৰ এটা প্রধান বৈশিষ্ট্য হ’ল ---ইহঁতৰ বাকলি সহজে এৰুৱাব পাৰি। সেই বাবে ইহঁতক Loose –skinned orange বুলিও জনা যায়। অসমৰ কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্রকাৰ নতুবা প্রাকৃতিক বর্ণ সংকৰ (natural hybrid) যেন অনুমান হয়। ভাৰতৰ বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্রকাৰ ইতিমধ্যে পোৱা গৈছে। সেয়েহে এই দিশত গৱেষণাৰ প্রয়োজন আছে।

      অসমৰ প্রায় প্রতি ঘৰতে থকা ৰসাল নেমুবিধক অসমীয়া নেমু বোলা হয়। বহুতে এইবিধ নেমুৰ লগতে পাতি নেমুক কাজী নেমু বুলিও কয়। এই ‘কাজী’ নামটো হিন্দী ভাষাৰ ‘কাগজী’ শব্দৰ পৰা অহা যেন অনুভৱ হয়। আৰু সেয়ে যদি হয়, তেন্তে অসমীয়া নেমু আৰু পাতি নেমুক ভুলকৈ কাগজী নেমু বুলি কৈ থকা হৈছে। কাগজী নেমু Citrus aurantifolia Swingle-অৰ acid lime গোটৰ এটা প্রকাৰ। এইবিধ নেমুৰ বাকলি বৰ পাতল।  কাগজৰ দৰে পাতল হোৱাৰ বাবে হিন্দীবলয়ত কাগজী বুলি কয়। সেইদৰে পাতি নেমু Citrus aurantifolia Swingle-অৰ এটা প্রকাৰ । আনহাতে অসমীয়া নেমু Citrus limon Barm-অৰ এটা প্রকাৰ। ভাৰতৰ আন অঞ্চলত নোপোৱা এইবিধ নেমু ইতিমধ্যে Assam lemon নামেৰে অসমৰ বাহিৰত বিখ্যাত হৈ পৰিছে। অতি ৰসাল আৰু সুস্বাদু চৰবত প্রস্তুত কৰিব পৰা এইবিধ নেমুৰ ব্যৱসায়িক সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি এইবিধৰ অধিক উন্নতি সাধন কৰাৰ অৱকাশ আছে। ইয়াৰ উপৰিও চকলা ,জৰা আদি টেঙাৰ নানান ঔষধি গুণ আছে। এই গুণবোৰৰ বিষয়েও প্রণালীবদ্ধ গৱেষণাৰ প্রয়োজন আছে। নগা পাহাৰ, বৰাক উপত্যকা আৰু মেঘালয়ৰ কোনো কোনো অঞ্চলত আদাৰ দৰে গোন্ধ থকা এবিধ টেঙা পোৱা যায়। আদাৰ দৰে গোন্ধ থকাৰ বাবে এইবিধ ফলক আদা জামিৰ বোলা হয়। আঞ্জাৰ জুতি বঢ়াবলৈ এইবিধ ফল ব্যৱহাৰ কৰা হয়।



                                     




সংৰক্ষণৰ ব্যৱস্থা

                বিভিন্ন পদ্ধতিৰদ্বাৰা উদ্ভিদৰ প্রজাতিবোৰ সংৰক্ষণ কৰিব পৰা যায়। তাৰ ভিতৰত প্রজাতিবোৰ যি স্থানত আছে তাতেই সংৰক্ষণ কৰাটো অতি উত্তম ব্যৱস্থা । এনে কৰিলে প্রজাতিবোৰ নিজ প্রাকৃতিক পৰিৱেশত থাকিব; সেইটো সংৰক্ষণৰ দিশৰপৰা অতি আৱশ্যকীয় কথা। তদুপৰি এই ব্যৱস্থাৰদ্বাৰা অর্থ আৰু সময় দুয়োটাই ৰাহি হয়। কেৱল গছবোৰ নষ্ট নোহোৱাৰ ব্যৱস্থা কৰিব লাগে। তাৰবাবে আৱশ্যক হ’লে কিছু অর্থ খৰচ কৰিবলগীয়া হ’ব পাৰে। বর্তমান পৰিৱেশ আন্দোলনৰ লগত জড়িত বহুতো সংগঠন বা ব্যক্তি জৈৱবৈচিত্র্যৰ সংৰক্ষণৰ বাবে আগবাঢ়ি অহা দেখা গৈছে। এনে সংগঠন বা ব্যক্তিয়ে এই দিশত আগভাগ ল’ব পাৰে। এইখিনিতে উল্লেখযোগ্য যে্ ইতিমধ্যে মেঘালয়াৰ গাৰো পাহাৰে বহুকেইটা নেমুজাতীয় ফলৰ প্রজাতিৰ প্রাকৃতিক ভূমিৰূপে স্বীকৃতি পাইছে। এই প্রজাতিবোৰৰ সংৰক্ষণৰ বাবে ১৯৮১ চনত প্রায় দহ হাজাৰ হেক্টৰৰ এটা আশ্রয়স্থল (Sanctuary) গঢ়ি তোলা হৈছে। সম্ভৱতঃ কোনো এবিধ উদ্ভিদৰ সংৰক্ষণৰ বাবে এইখনেই পৃথিৱীৰ প্রথম আশ্রয়স্থল। বর্তমান সেই ৰাজ্যৰ ভালেকেইটা চৰকাৰী-বেচৰকাৰী প্রতিষ্ঠান এই আশ্রয়স্থলৰ লগত জড়িত হৈ আছে।


      অসমৰ প্রতিখন নগৰতে একো একোখন মহাবিদ্যাল আছে। বিজ্ঞানৰ শাখা থকা মহাবিদ্যালয়সমূহে উদ্ভিদ বিভাগৰ জৰিয়তে এই দিশত আগবাঢ়ি আহিব পাৰে। পৰিৱেশ বিজ্ঞানৰ ছাত্র-ছাত্রীও সংৰক্ষণৰ কার্যত জড়িত হ’ব পাৰে। এনে কৰিবলৈ যাওঁতে কেতিয়াবা প্রজাতিবোৰ প্রাকৃতিক পৰিৱেশৰপৰা আনি উদ্যানত প্রতিপাল কৰি ৰাখিবলগীয়া হ’ব পাৰে। এই কার্যত আন থলুৱা ফলমূলকো সাঙুৰি ল’ব পৰা যায়। *
      সংৰক্ষণৰ লগতে প্রজাতিবোৰৰ মূল্যাংকন হোৱাটোও অতি আৱশ্যকীয় দিশ। উচিত মূল্যাংকনৰ বাবে দক্ষতাৰ প্রয়োজন হ’ব পাৰেসেয়েহে বিভিন্ন গৱেষণা কেন্দ্রই এই দিশত ব্যৱস্থা গ্রহণ কৰিব পাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ তিনিচুকীয়াত অৱস্থিত টেঙা গৱেষণা কেন্দ্রত উত্তৰ-পূর্বাঞ্চলৰ ২৩টা প্রজাতিৰ ৪৭ প্রকাৰ সংৰক্ষণ কৰাৰ লগতে মূল্যাংকন কৰি থকা হৈছে। ইতিমধ্যে এই কেন্দ্রৰ সংগ্রহখিনিক ভাৰতীয় কৃষি অনুসন্ধান পৰিষদে স্বীকৃতি দিছে। সেইদৰে মেঘালয়াৰ বৰাপানীত থকা ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ উদ্যানত নেমুজাতীয় ফলৰ বহুকেইটা প্রজাতিৰ সংৰক্ষণ আৰু মূল্যাংকন কৰি থকা হৈছে। এনে ব্যৱস্থাৰ উপৰিও বর্তমান বিভিন্ন কাৰণৰ বাবে সংকটৰ গৰাহত পৰা দুষ্প্রাপ্য প্রজাতিবোৰ সংৰক্ষণৰ নতুন কৌশল যেনে:- Cryopreservation, tissue culture  আদিৰ সহায়ত সংৰক্ষণৰ কৰাৰ বিষয়েও চিন্তা কৰাৰ প্রয়োজন হৈ পৰিছে। উল্লেখযোগ্য যে বর্নিহাটত থকা , ভট্টাচার্য আৰু দত্তই সংগ্রহ কৰা আপুৰুগীয়া প্রজাতিখিনি আমাৰ অমনোযোগীতাৰ বাবে ইতিমধ্যে হেৰাই গ’ল


 বিদ্র:  ছবিসমূহ ইন্টাৰনেটৰ পৰা লোৱা হৈছে
       Images are from various websites 

* বর্তমান অসমৰ প্রতিখন চৰকাৰী বিদ্যালয়লৈ কৃষি বিভাগৰ তৰফৰ পৰা থলুৱা ফলমূলৰ পুলি বিতৰণৰ যি ব্যৱস্থা কৰিছে তাৰ দ্বাৰা   সংৰক্ষণত কিছু পৰিমাণে সহায় কৰিব বুলি আশা কৰিব পৰা যায়।

Sadik2crs@yahoo.co.in

Monday 7 October 2013

জেনেৰু টেঙা---দুষ্প্রাপ্য হৈ পৰা এবিধ ফল:: Jeneru Tenga: (Citrus nobilis Lorn) , an endangered fruit of Assam


সেউজী ধৰণী

জেনেৰু টেঙা---দুষ্প্রাপ্য হৈ পৰা এবিধ ফল

ডঃ চাদিকুল হুছেইন
  



নেমুজাতীয় ফল যেনে চকলা টেঙা, গোল নেমু, সুমথিৰা টেঙা আদিবোৰ উদ্ভিদ জগতৰ Rutaceae গোত্রৰ (family) Citrus জাতিৰ (genus) অন্তর্ভুক্ত । এই জাতীয় ফলবোৰৰ অনেক প্রকাৰ (species) পৃথিৱীৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ আছে। উদ্ভিদবিদসকলৰ মতে Citrus জাতিৰ অন্তর্ভুক্ত বহুকেইটা প্রজাতিৰ আদিভূমি হৈছে অবিভক্ত অসম। ১৯৯৯ চনত অনুষ্ঠিত International Symposium on Citriculture –অত বহুকেইজন বিজ্ঞানীয়ে উত্তৰ-পূর্বাঞ্চল অতি কমেও পাঁচবিধ প্রজাতিৰ আদিভূমি বুলি মতপোষণ কৰাৰ লগতে এই বুলিও সন্দেহ  প্রকাশ কৰে যে দেশৰ এই অঞ্চলটোত এতিয়াও হয়তো ভালেমান প্রজাতি আবিষ্কাৰ নোহোৱাকৈ আছে, যিবোৰ সংৰক্ষণৰ অভাৱত আমাৰ অগোচৰে বিলুপ্ত হৈ পৰিব। বর্তমান আমি সকলোৱে অনুভৱ কৰিছোঁ যে আজিৰ পৰা কেই দশকমানৰ আগলৈকে দেখি থকা নেমুজাতীয় ফলৰ বহুতো প্রজাতি এতিয়া প্রায় দুষ্প্রাপ্য হৈ পৰিছে। এনে এবিধ ফল হৈছে ‘জেনেৰু’ টেঙা। এসময়ত এইবিধ ফল অবিভক্ত তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত যথেষ্ট পৰিমাণে পোৱা গৈছিল। কিন্তু আমাৰ অমনোযোগীতা তথা অৱহেলাৰ বাবে ফলবিধ লাহে লাহে হেৰাই যাব ধৰিছে আৰু অচিৰে হয়তো বিলুপ্ত হৈ পৰিব। তলত ফলবিধৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল:-

Citrus জাতিৰ শ্রেণী বিভাজনত মান্দাৰিণ অৰেঞ্জ নামৰ এটা গোট আছে। যিবিধ ফলক আমি সুমথিৰা বা কমলা টেঙা বুলি কওঁ , সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফলঅসমত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ এই গোটটোৰ ফলবোৰৰ এটা প্রধান বৈশিষ্ট্য হ’ল ---ইহঁতৰ বাকলি সহজে এৰুৱাব পাৰি। সেই বাবে ইহঁতক Loose –skinned orange বুলিও জনা যায়। জেনেৰু নামৰ ফলবিধৰ বাকলি পাতল আৰু সুমথিৰাৰ দৰে সহজে এৰুৱাব পাৰি। ইয়াৰ উপৰিও সুমথিৰাৰ লগত আন কেইবাটাও মিল আছে। সেইবাবে আন মান্দাৰিণ অৰেঞ্জৰ দৰে জেনেৰু টেঙাৰ বৈজ্ঞানিক নাম Citrus reticulate Blanco হিচাপে ৰাখি আগেয়ে ইংৰাজীত কিং মান্দাৰিণ বোলা হৈছিল। কিন্তু পাছলৈ শ্রেণী বিভাজনত ফলবিধৰ আন কিছুমান বৈশিষ্ট ধৰা পৰাত ইয়াক মান্দাৰিণ অৰেঞ্জৰ পৰির্বতে কিং অৰেঞ্জ গোটৰ অন্তর্ভুক্ত কৰি বৈজ্ঞানিক নাম Citrus nobilis Lorn  কৰা হয়। এইখিনিতে উল্লেখযোগ্য যে Cirtus জাতিৰ শ্রেণী বিভাজন অতি জটিল আৰু সকলোৰে গ্রহণযোগ্য শ্রেণী বিভাজন এতিয়াও গৃহীত হোৱা নাই।

জেনেৰু টেঙাৰ গছ সুমথিৰা গছৰ দৰেই ৫-৬ মিটাৰ ওখ। কাঁইটযুক্ত ডালবোৰ সামান্য দোঁ খোৱা। পত্র বল্লমকাৰ, ৮-১০ ছে:মি: দীঘল। পত্রবৃন্ত প্রায় ১ছে:মি:। ফলবিধৰ ভিতৰভাগ ঈষৎ হালধীয়া বা বগা বৰণীয়া। অক্ষ ফোঁপোলা, ১০-১২ ফুটীয়া আৰু ৰস মিঠা।




























            
  
জেনেৰু টেঙাৰ বাকলিৰপৰা নিষ্কাসন কৰি উদ্বায়ী তেল (Volatile oil) ১৪-১৯% আৰু Limonene 92% পোৱা যায়। বিশ্ব বজাৰত যথেষ্ট চাহিদা থকা এই তেলক মান্দাৰিণ তেল নামেৰে জনা যায়। তদুপৰি ইয়াৰ ৰসত Citric acid 0.35%- 1.2% ; Vitamins A,B,C আৰু hesperidin পোৱা যায়। ইয়াৰ ৰস আন Cirtus ফলৰ ৰসৰ লগত মিহলাই সুস্বাদু চৰবত প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয়।

অসমত প্রাকৃতিকভাৱে হোৱা এইবিধ ফল সামান্য পৰিচর্যাৰে বাগিচা পাতি কৰিব পৰা যায়। আনহাতে সুমথিৰা টেঙাত দেখা দিয়া বিসংগতিবোৰৰ পৰা জেনেৰু টেঙা মুক্ত। জানিবপৰা মতে উজনি অসমত ফলবিধ এতিয়াও বহুতৰ বাৰীত আছে। অসমৰ বিশ্ববিদ্যালয় কেইখনে উপযুক্ত গৱেষণাৰে দুষ্প্রাপ্য হ’ব ধৰা ফলবিধ উদ্ধাৰ কৰিবলৈ আঁচনি প্রস্তুত কৰিব পাৰে। সেইদৰে জৈৱবৈচিত্র্য আৰু পৰিৱেশ সচেতন ব্যক্তি কিম্বা অনুষ্ঠানে এই ক্ষেত্রত আগভাগ লৈ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰে। শেহত কোনো সদাশয় ব্যক্তিয়ে জেনেৰু টেঙাৰ বিষয়ে যিকোনো ধৰণৰ তথ্য আমাক জনাব বুলি আশা কৰিলোঁ।


ম’বাইল: ৯৪৩৫১ ৩৫৬৩১:: ID- sadik2crs@yahoo.co.in

Thursday 3 October 2013

যান্ত্রিক কৃষিৰ দোষ-ত্রুটীসমূহ::How mechanized farming affects us


সেউজী ধৰণী

যান্ত্রিক কৃষিৰ দোষ-ত্রুটীসমূহ

ডঃ চাদিকুল হুছেইন



কুৰি শতিকাৰ প্রথম চাৰিটা দশকত হোৱা বিজ্ঞানৰ কেতবোৰ আৱিষ্কাৰৰ বাবে ১৯৪৪ চনত Green revolution নামেৰে এক আন্তৰ্জাতিক অভিযানৰ সূচনা হয়খাদ্যশস্যৰ উৎপাদন বৃদ্ধিৰ বাবে সূচনা হোৱা এই অভিযান অতি কম সময়ৰ ভিতৰতে বিশ্বৰ প্রায় সকলো ৰাষ্ট্রতে বিয়পি পৰেশস্য উৎপাদনৰ পুৰণি কৌশলৰ স্থান নতুন উদ্ভাৱনবোৰে দখল কৰিলে আৰু খেতি পথাৰত যান্ত্রিক সঁজুলিৰ লগতে অধিক উৎপাদনক্ষ বৰ্ণসংকৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক ঔষধ আদিৰ প্রভাৱ বৃদ্ধি পাবলৈ ধৰিলে লগে লগে খাদ্য শস্যৰ উৎপাদন ক্রমে বাঢ়ি আহিল। বহুতো ৰাষ্ট্রৰ বিশ্বযুদ্ধৰ বাবে ভাগি পৰা অৰ্থনীতি পুনৰ থন ধৰি উঠেশস্য উৎপাদনৰ এই পদ্ধতিক যান্ত্রিক কৃষি (Mechanized Farming) বুলি কোৱা হ’ল আৰু কেউদিশে এই পদ্ধতিৰ জয়গান উচ্চাৰিত হ’বলৈ ধৰিলে। কিন্তু পাছলৈ দেখা গ’ল এনে ব্যৱস্থাৰে কৃষিকর্ম কৰাৰ বাবে কৃষি পাৰিস্থিতি তন্ত্র (Agroecosystem) আৰু পৰিৱেশৰ ওপৰত নানান কু-প্রভাৱ পৰিবলৈ ধৰিছে। আনহাতে কৃষিৰ ক্ষেত্রত আগবাঢ়ি যোৱা বহুতো অঞ্চলত শস্যৰ বাঢ়ি অহা উৎপাদনৰ হাৰ ক্রমে স্থবিৰ হৈ পৰিছে। সেয়ে যোৱাটো শতিকাৰ সত্তৰ দশকমানৰ পৰা এই পদ্ধতিৰ ভুল-ত্রুটীবোৰ বিচাৰ কৰি ‘সেউজ বিল্পৱ’ৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজ্ঞানীসকলে চিন্তা-চর্চা কৰি আহিছেযান্ত্রিক কৃষিৰ বিকল্প হিচাপে বহুতে জৈৱিক কৃষি পদ্ধতি অৱলম্বন কৰাৰ পোষকতা কৰিছে। [অধিক তথ্যৰ বাবে http://www.sadik2crs.blogspot.in/2012_10_01_archive.html ] আন কিছুমানে zero tillage, biodynamic agriculture কথাও কৈছে। এনে এক পটভূমিত যান্ত্রিক কৃষি পদ্ধতিৰ কু-প্রভাৱবোৰৰ বিষয়ে বুজি উঠাটো আৱশ্যক হৈ পৰিছে। আজিৰ এই লেখাত যান্ত্রিক কৃষি পদ্ধতিৰ কু-প্রভাৱৰ বিষয়ে কিছু কথা আলোচনা কৰা হ’ল

যান্ত্রিক কৃষি পদ্ধতিৰ বৈশিষ্ট্য:

·       মাটি চহ কৰিবলৈ ট্রেক্টৰ ব্যৱহাৰ,
·       মাটিৰ উর্বৰা শক্তি বৃদ্ধি কৰিবলৈ ৰাসায়নিক সাৰ প্রয়োগ,
·       থলুৱা জাতৰ সলনি বর্ণসংকৰ বীজ ব্যৱহাৰ,
·        শস্যৰক্ষাৰ ব্যৱস্থা হিচাপে ঔষধ প্রয়োগ,
·       পানী যোগানৰ বাবে জলসিঞ্চনৰ ওপৰত নির্ভৰ
উপৰুক্ত কৃষি কৌশলবোৰ অৱলম্বন কৰাৰ পাছত পৰিৱেশ তথা কৃষি পাৰিস্থিতি তন্ত্রত কেনে প্রভাব পৰিছে সেই বিষয়ে তলত আলোচনা কৰা হ’ল:

ক) খেতি কৰিবলৈ শিকাৰে পৰা মানুহে মাটি চহ কৰি খাদ্যশস্য উৎপাদন কৰি আহিছে। অতীজৰে পৰা চলি অহা এই কৃষিকার্যত বিভিন্ন সঁজুলিৰ দ্বাৰা মাটি চহ কৰা হৈছিল। কুৰি শতিকাৰ প্রথম দশকলৈকে ব্যৱহাৰ কৰা এনে সঁজুলিৰ বাবে খেতিপথাৰৰ বিশেষ অনিষ্ট হোৱা নাছিল। কিন্তু ১৯১০ চনত জীৱাশ্ম ইন্ধনৰ দ্বাৰা চালিত ট্রেক্টৰ আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা এইবিধ যন্ত্রৰে মাটি চহ কৰা কাম আৰম্ভ হ’ল আৰু ‘সেউজ বিপ্লৱ’ৰ পাছৰে পৰা ইয়াৰ ব্যৱহাৰ অতি বহুল ভাবে হ’বলৈ ধৰিলে। পাছলৈ দেখা গ’ল যে এইদৰে চহ কৰা পথাৰবোৰত পানী জমা হ’বলৈ ধৰাৰ লগতে মাটি ক্রমে অনুর্বৰ হৈ আহিছেএনেহোৱাৰ কাৰণ অনুসন্ধান কৰি বুজিব
পৰা গ’ল যে অধিক মাত্রাত ট্রেক্টৰ ব্যৱহাৰ কৰাৰ বাবে মাটিৰ ওপৰত যথেষ্ট হেঁচা পৰে যাৰ বাবে মাটিৰ কণিকাবোৰৰ মাজত থকা ক্ষুদ্র ছিদ্রবোৰ বন্ধ হৈ ডাঠ চামনিৰ দৰে এক কঠিন অধঃতস্তৰ (Hard pan) সৃষ্টি হয় এই চামনিখনৰ বাবে ভূ-পৃষ্ঠৰ উপৰিভাগৰ পানী প্রাকৃতিক নিয়মেৰে ভিতৰলৈ যাব পৰা নাই বাবে পথাৰত পানী জমা হয়। আনহাতে ডাঠ চামনিখনৰ বাবে আহাৰ বিচাৰি উদ্ভিদৰ শিপা মাটিৰ ভিতৰলৈ সোমাব নোৱাৰে যাৰ বাবে শস্যডৰা পোষক দ্রব্যৰ অভাৱত পৰে। তদুপৰি চহ কৰাৰ পাছত বতাহ-বৰষুণৰ বাবে ভূমিক্ষয় (Erosion) হৈ ওপৰৰ সাৰুৱা মাটিভাগ নষ্ট হয়। অসমান হেলনীয়া পথাৰত এই সমস্যা অতি প্রকট। বিভিন্ন উপায়েৰে ডাঠ চামনিখন ভাঙিব পৰা যায় যদিও ভূমিক্ষয় হৈ নষ্ট হোৱা মাটি পুনৰ পোৱা প্রায় অসম্ভৱ। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পৃথিৱীৰ উপৰিভাগৰ ৬-১২ ইঞ্চিমানলৈকে থকা মাটিৰ স্তৰটো অতি সাৰুৱা। ইংৰাজীত Top soil বুলি কোৱা এই স্তৰটোৰ
পৰা উদ্ভিদে শিপাৰ সহায়ত বিভিন্ন পোষক দ্রব্য আহৰণ কৰে। এক ইঞ্চি Top soil প্রলেপ এটা গঠন হ’বলৈ প্রায় ৩০০ – ৫০০ বছৰ লাগে। ট্রেক্টৰৰ অত্যাধিক ব্যৱহাৰৰ বাবে এই সাৰুৱা মাটিভাগ নষ্ট হয়।

খ) অধিক মাত্রাত অজৈৱ সাৰ প্রয়োগ কৰাৰ বাবে পৰিৱেশ দূষিত হয়। নাইট্র’জেনযুক্ত সাৰ নাইট্রেট ৰূপত সহজে পানীত মিহলি হৈ পৰে যাৰ বাবে ভূ-গর্ভৰ লগতে নৈ-বিল আদিৰ পানী দূষিত হয়। এনে পানী জলচৰ প্রাণী আৰু উদ্ভিদৰ অনুপযোগী হৈ পৰাৰ বাবে এইবোৰ লাহে লাহে বিলুপ্ত হৈ পৰিব ধৰিছে। ইয়াৰ উপৰি সাৰ মিহলি মাটিৰ পৰা কেঁচুবোৰ আঁতৰি যায়। কেঁচুৱে বিভিন্ন প্রকাৰে মাটি সাৰুৱা কৰে বাবে এইবিধ প্রাণীক কৃষকৰ বন্ধু কোৱা হয়। আনহাতে খোৱা পানীত নাইট্রেট নাইট্র’জেনৰ পৰিমাণ বেছি থাকিলে মানুহৰ পাকস্থলীত থকা এবিধ বেক্টেৰিয়াই নাইট্রেটক নাইট্রাইট ৰূপলৈ পৰিবর্তন কৰে। এই নাইট্রাইটৰ লগত দেহত থকা হিমগ্লবিনৰ ক্রিয়া ঘটি methamoglobinema নামৰ এবিধ পাচকৰস (Enzyme) সৃষ্টি কৰে। এই পাচকৰসবিধৰ বাবে তেজৰ অক্সিজেন বহন কৰা ক্ষমতা হ্রাস পাই যাৰ বাবে ছমহীয়া বা তাতকৈ কম বয়সীয়া শিশুৰ দেহত Blue baby নামৰ ৰোগবিধে দেখা দিয়ে। সঠিক সময়ত চিকিৎসা নকৰিলে এনে শিশু মৃত্যুৰ মূখত পৰে। তদুপৰি নাইট্র’জেনযুক্ত
সাৰৰ কিছু অংশ বায়ুমণ্ডললৈ উৰি যায়। নাইট্রেট ৰূপত থকা এইভাগ নাইট্র’জেনে বায়ুমণ্ডলত থকা অ’জ’ন গেচৰ লগত ৰাসায়নিক ক্রিয়া কৰি অ’জ’ন গেচৰ চামনিখন পাতল কৰে বুলি বর্তমান বহুতো বিজ্ঞানীয়ে মতপোষণ কৰিছে। বায়ুমণ্ডলত থকা অ’জ’নৰ চামনিখনে সূর্যৰ কিৰণত লগত অহা অতিবেঙুনীয়া ৰশ্মি নামৰ অপকাৰী ৰশ্মিখিনি পৃথিৱীলৈ অহাত বাধা দিয়ে। ইয়াৰ উপৰি এই ভাগ নাইট্র’জেন বায়ুমণ্ডমৰ উষ্ণতা বৃদ্ধি কৰা ‘সেউজ গৃহ গেছ’বোৰৰ অন্যতম বুলিও চিনাক্ত কৰা হৈছে

গ) বর্ণসংকৰ বীজ ব্যৱহাৰৰ বাবে কৃষি পাৰিস্থিতি তন্ত্রত বিজুটি ঘটাৰ লগতে জৈৱ-বৈচিত্র দুর্বল হৈ পৰিছে। একমাত্র অধিক উৎপাদনৰ উদ্দেশ্যেৰে উদ্ভাৱন কৰা এনে বীজৰ অনিষ্টকাৰী কীট-পতংগ, ৰোগ-ব্যাধিৰ আক্রমণ ৰোধ কৰিব পৰা ক্ষমতা নাই। সেয়ে এনে বীজ ব্যৱহাৰ কৰা পথাৰত অধিক মাত্রাত ঔষধ প্রয়োগ কৰিবলগীয়া হয় যাৰ বাবে কৃষি পাৰিস্থিতি তন্ত্রত বিজুটি ঘটে। তদুপৰি বর্ণসংকৰ বীজৰ পৰা ফল পাবলৈ অধিক মাত্রাত ৰাসায়নিক সাৰ প্রয়োগ কৰিবলগীয়া হয়। আনহাতে অধিক উৎপাদনৰ উদ্দেশ্যেৰে এখন বহল পথাৰত এনে বীজৰ খেতি কৰিবলৈ লোৱাৰ পৰা থলুৱা বীজৰ ব্যৱহাৰ কমি আহিল আৰু পথাৰত শস্যবিধৰ এটা মাত্র জাতে দখল কৰাৰ উপক্রম হৈছে কোনো এখন বহল পথাৰত এটা মাত্র জাতৰ খেতি কৰাতো বিজ্ঞানসন্মত নহয়। যিদৰে একাধিক উদ্ভিদেৰে ভৰি থকা অঞ্চল এটাৰ কৃষি পাৰিস্থিতি তন্ত্র সুস্থিৰ হয় সেইদৰে একাধিক জাতৰ সংমিশ্রণত কৰা খেতিপথাৰ প্রায় সুস্থিৰ অৱস্থাত থাকে। ইয়াৰ উপৰি বর্ণসংকৰ বীজৰ ব্যৱহাৰৰ বাবে ভাল গুণ থকা বহুতো থলুৱা জাত বিলুপ্ত হৈ পৰিছে।

ঘ) অধিক মাত্রাত ঔষধ ব্যৱহাৰ কৰাৰ বাবে পৰিৱেশ প্রদূষণ হোৱাৰ লগতে প্রাকৃতিক ভাৰসাম্য বিনষ্ট হয়। এই ঔষধবোৰ উদ্বায়ী (Volatile) পদার্থ হোৱা বাবে সহজে উৰি বায়ুমণ্ডলত বিয়পি পৰে যাৰ বাবে বায়ু দূষিত হৈ উঠে। মাটিত পৰা ঔষধ পানীৰ লগত মিহলি হৈ খাল-ডোং, নৈ-বিল আদিৰ পানী দূষিত কৰি জলচৰ প্রাণীৰ অনিষ্টসাধন কৰে। আনহাতে ঔষধ প্রয়োগৰ বাবে অনিষ্টকাৰী কীট-পতংগৰ লগতে বহুতো উপকাৰী কীট-পতংগও মৃত্যুৰ মূখত পৰে। এই উপকাৰী কীটবোৰে অনিষ্টকাৰী কীট ভক্ষণ কৰি ইহঁতৰ সংখ্যা বাঢ়িব নিদি পৰিৱেশত এক প্রাকৃতিক ভাৰসাম্য বর্তি থকাত সহায় কৰে। উপকাৰী কীটবোৰ আঁতৰি পৰাত পাছলৈ অনিষ্টকাৰী কীটৰ সংখ্যা বৰ খৰকৈ বাঢ়িবলৈ ধৰে এই বাঢ়ি অহা কীটক দমন কৰিবলৈ ঘনাই ঔষধ প্রয়োগ কৰিবলগীয়া হয়। পাছলৈ শস্যৰক্ষাৰ বাবে অধিক শক্তিশালী ঔষধৰ প্রয়োজন হয়। এইদৰে অনিষ্টকাৰী কীটৰ সমস্যা জটিল হৈ গৈ থাকে। তদুপৰি উপকাৰী কীটৰ অবর্তমানত গৌণ (Minor) কীট মুখ্য (Major) অনিষ্টকাৰী কীট ৰূপে দেখা দিয়ে।

ঙ) অধিক মাত্রাত জলসিঞ্চন কৰাৰ বাবে ভূ-গর্ভৰ জলপৃষ্ঠ তললৈ নামি গৈছে। ইয়াৰ বাবে জলসিঞ্চনত অধিক শক্তিৰ প্রয়োজন হৈ পৰিছে যাৰ বাবে উৎপাদনৰ ব্যয় ক্রমে বাঢ়ি গৈছে। তদুপৰি বহু অঞ্চলত পানীৰ স্বাভাৱিক গুণ নষ্ট হৈ লুণীয়া কিম্বা খাৰুৱা হোৱা দেখা গৈছে।



ম’বাইল: ৯৪৩৫১৩৫৬৩১ :: ID- sadik2crs@yahoo.co.in