Friday 30 August 2013

শস্যৰূপা : সুসংহত শস্যৰক্ষা ব্যৱস্থাপনা -৩


সেউজী ধৰণী




ডঃ চাদিকুল হুছেইন

[...ইতিমধ্যে মেললৈ অহা কৃষকসকল কীটনাশকৰ কু-প্রভাৱৰ বিষয়ে সচেতন হৈ পৰাৰ লগতে IPM অর্থাৎ সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনাৰ প্রয়োজনীয়তাৰ বিষয়ে বুজি উঠিছেসেয়ে IPMৰ বিষয়ে সবিশেষ কোৱাৰ আগেয়ে  বিষয়াগৰাকীয়ে কৃষকসকলক আন দুটামান কথা কৈ ল’লে যাতে IPM ৰ বিষয়ে তেখেতসকলৰ বুজাত সহজ হয় ]

বিষয়া:-বাৰু কওঁকচোন, আপোনালোকে পথাৰত কি কি দেখে ?

দদাই:- ধাননী পথাৰত ধানৰ গছবোৰ দেখোঁ।

বিষয়া:- আৰু?

দদাই: আৰু নো কি দেখিম?

বিষয়া:- ভাবকচোন।

ৰমেন:- পোক-পৰুৱা বিলাক।

বিষয়া:- আৰু?

দদাই:- নাই ছাৰ আৰু একো মনলৈ অহা নাই।

বিষয়া:- কিয়? ধাননী ডৰাত পানী নেদেখিব জানো?

খুড়ী:- সেই পানীত থকা মাছ-পুঠি কেইটাও দেখিম ।

বিষয়া:- ঠিক কৈছে। লগতে ডৰাবোৰৰ মাজত ঘাঁহ-বন দেখিব। মাজে মাজে অ’ত-ত’ত দুই-এজোপা গছ দেখিব। সেই গছবোৰত চৰাই দেখিব। পথাৰৰ আলিবোৰত বগলী বহি থকাও দেখিব

খুড়ী:- ছাৰে পথাৰৰ গোটেই ছবিখনকে মনলৈ আনি দিলে।

বিষয়া:- এতিয়া অলপ বহলকৈ ভাবকচোন।

ৰমেন:- পথাৰৰ সিপাৰে থকা জানটো; জানটোৰ কাষতে থকা কাঠনীখন।

দদাই:- পথাৰৰ এইপাৰে থকা আমাৰ গাওঁখন।

খুড়ী:- গাওঁখনৰ মানুহখিনি। ঘৰ-বাৰী বিলাক।

দদাই:- বাৰীত থকা শাক-পাচলি, তামোল-পাণ, আম-কঠালৰ গছবিলাক।

খুড়ী:-গোহালীৰ গৰু-গাই; গড়ালৰ হাঁহ-পাৰ; পুখৰীৰ মাছ-কাছ কেইটা।

বিষয়া:-বিভিন্ন ঋতুত হোৱা ফল-ফুলৰ গছবোৰ। এই ফল-ফুলৰ মাজে মাজে উৰি ফুৰা মৌমাখিৰ জাকবিলাক। এই সকলোবোৰেই হৈছে আমাৰ প্রকৃতিৰ অংগ।

খুড়ী:- আৰু আমি এই প্রকৃতিৰ মাজতে থাকো।

দদাই:- হয় ছাৰ, ঈশ্বৰৰ সৃষ্টি সকলোবোৰৰ মাজতে আমি আছো।

বিষয়া: কাৰণ আমিও এই প্রকৃতিৰ অংগনহয় জানো ?

খুড়ী:- হয় ছাৰ। পিছে ছাৰে কিবা IPM ৰ কথাহে কম বুলিছিলে। IPM ৰ লগত এইবোৰৰ কিবা সমন্ধ আছে নেকি ?

বিষয়া:- আছে, কাৰণ IPM ৰ মতে খেতি কৰিলে প্রকৃতিত ঘটি থকা ঘটনা বিলাক মন কৰি থাকিব লাগিব। যেনে ধৰক---গছ-গছনী, ফল-মূলৰ কথা। এইবোৰ বতৰ অনুযায়ী নিজ নিজ নিয়মৰ মাজেৰে বাঢ়ি যায়। সেই ফল-মূল, গছ-গছনীক কিছুমান জীৱ-জন্তু, পোক-পৰুৱাই খাদ্য হিচাপে গ্রহণ কৰে। নহয় জানো?

ৰমেন:- এইবোৰকে তৃণভোজী বুলি নকয় জানো ?

বিষয়া:- হয়,হয়। এইবোৰ হ’ল তৃণভোজী। এই তৃণভোজী বোৰক আন কিছুমান জীৱই খাদ্য হিচাপে গ্রহণ কৰে। যেনে ধৰক গৰু-ছাগলীক বাঘ আদিয়ে খায়। পোক-পৰুৱাবোৰক চৰাই, মকৰা, জীয়া, বেং আদিয়ে খায়। আনহাতে বেঙক আকৌ সাপে খায়। চিলনীয়ে আকৌ সাপক ঠপিয়াই নিয়ে।

দদাই:- এইবোৰ প্রকৃতিত চলিয়ে থাকে।

ৰমেন:- ছাৰ, এই মৌমাখিবিলাকে মৌ বিচাৰি থাকোতে পৰাগযোগ নঘটাই জানো?

বিষয়া:- এইয়া, কথাবিলাক আপোনালোকে জানেই।

দদাই:- হয় ছাৰ, সৃষ্টিকর্তাই এই পৃথিৱীত অকাৰণতে একো সৃষ্টি কৰা নাই। সকলো সৃষ্টিৰ মাজতে এক গভীৰ ৰহস্য লুকাই আছে। আমিবোৰে সেইবোৰৰ একো ভূ নাপাওঁ। সেয়ে প্রকৃতিৰ ওপৰত ইমান অত্যাচাৰ হৈ আছে।...

খুড়ী:- ...আৰু তাৰ ফল ভোগ কৰিছোঁ আমি।

বিষয়া:- হয়। আপুনি ঠিক কথাই কৈছে। ভগবানৰ সৃষ্টি আন জীৱবোৰে প্রকৃতিৰ ওপৰত একো অত্যাচাৰ কৰা নাই। কেৱল মানুহেহে অত্যাচাৰ চলাইছে। এই অত্যাচাৰ কেতিয়াবা প্রয়োজনত কৰিছে আৰু কেতিয়াবা নিজৰ লাভৰ কথা চিন্তা কৰি কৰিছে। ইয়াৰ ফলত প্রাকৃতিক ভাৰসাম্য নষ্ট হৈ নানান বিপদৰ সৃষ্টি কৰিছে।

খুড়ী:- ছাৰ, কি নষ্ট হোৱা বুলিলে ?

বিষয়া:- প্রাকৃতিক ভাৰসাম্য।

দদাই:- এইটো আকৌ কি ?

বিষয়া:- ইয়াৰ অর্থটো এনে ধৰণৰ। প্রকৃতিত প্রতিটো জীৱ-জন্তুৰ সংখ্যা কিমান থাকিলে ইটোৱে সিটোক আমনি নিদিয়াকৈ চলিব পাৰিব সেইটো প্রকৃতিয়ে আগেয়ে ঠিক কৰি থৈছে। কোনো এবিধৰ সংখ্যা যদি বাঢ়ে তেন্তে আন এবিধে সেই বিধক দমন কৰি কমাই দিয়ে। এটা কথা কিন্তু মনত ৰাখিব, সেইটো হৈছে সংখ্যা কমাইহে দিয়ে; একেবাৰে শেষ কৰি নিদিয়ে। প্রকৃতিৰ নিয়ম অনুসৰি জীৱ-জন্তু, গছ-গছনি এই সকলোবোৰৰে সংখ্যা এইদৰে এটা নির্দিষ্ট সীমাৰ ভিতৰত বঢ়া-টুটা কৰি থাকে। এইদৰে এটা সীমাৰেখাৰ ভিতৰত বঢ়া-টুটা হৈ থকাকে প্রাকৃতিক ভাৰসাম্য অটুট থকা বুলি কোৱা হয়।

দদাই: সকলোৱে আছে কিন্তু কোনোটোৱে বেছি নহয়। এনে ধৰণৰ কথা এটাই নহয় জানো ?

বিষয়া:- হয়। ঠিক তেনেধৰণৰ কথা। সকলোৱেই আছে কিন্তু কোনোটোৱেই অযথা বাঢ়ি আনক অসুবিধা দিয়া নাই প্রকৃতিৰ এই নিয়ম আমাৰ পথাৰতো চলি আছে। গছ-পাত খোৱা পোক-পৰুৱাক চৰাই মকৰা জীয়াঁ বা আন পোক-পৰুৱাই খায়অর্থাৎ প্রকৃতিত অপকাৰীৰ লগতে উপকাৰী জীৱও আছে

খুড়ী:- তাৰ মানে এই উপকাৰীবোৰে ইবোৰক তদাৰক কৰি আছে।

বিষয়া:- আপুনি ঠিক কথা কৈছে। কিন্তু শস্য উৎপাদন কৰিবলৈ যাওঁতে আমি এনে কিছুমান কৃষিকর্ম কৰোঁ, যিবোৰে উপকাৰী জীৱৰ অনিষ্ট সাধি প্রাকৃতিক ভাৰসাম্য নষ্ট হোৱাত সহায় কৰে।

দদাই:- ক’তা আমিতো তেনে কাম কৰা নাই।

বিষয়া:- এনে কাম আমি নজনাকৈয়ে কৰি আছোঁবাৰু কওঁকচোন, আপোনালোকে ধানখেতিতো কেনেদৰে আৰম্ভ কৰে?

দদাই:- প্রথমে ভাল জাত এটা বিচাৰি লওঁ। তাৰ পাছত পথাৰখন উলিয়াই সাৰ ছটিয়াই কঠীয়া ৰোওঁ। ইয়াৰ পাছত...

বিষয়া:- ৰ’বচোন ৰ’ব। আপুনি যে ক’লে ভাল জাত এটা বিচাৰি লয়...এই জাতটো ভাল বুলি কেনেকৈ চিনি পায়?

দদাই:- ভাল মানে ছাৰ, যিবোৰ জাতৰ পৰা বেছি ধান পাব পাৰি তেনেবোৰৰ খবৰ ৰাখো। পাছত তাকে বিচাৰি মেলি আনো।

বিষয়া:- ভাল কথা। পিছে এনেকুৱা বহুত জাত আছে যিবোৰৰ উৎপাদন ভাল কিন্তু পোক-পৰুৱা, বেমাৰ-আজাৰৰ আক্রমণ ৰোধ কৰিব পৰা ক্ষমতা বৰ কম। এনে জাতৰ খেতি কৰিলে পোক-পৰুৱা, বেমাৰ-আজাৰ বাঢ়ি প্রাকৃতিক ভাৰসাম্য নষ্ট কৰিব পাৰে। এনে হ’লে পাছত অনেক বিপদে দেখা দিব।

দাদাই:- এহ, আমিনো এইবোৰ ক’ত চিন্তা কৰোঁ। ভাল জাত বুলি জানিলে দাম দি হ’লেও কিনি আনো।

ৰমেন:- ছাৰ, এবাৰ ভাল বুলি শুনি বিলাহীৰ জাত এটা বৰ দামত কিনি আনিছিলো। গছবোৰ ভালেই হৈছিল।কিন্তু পাছত হঠাৎ এদিন বেমাৰ লাগি গোটেই গছবোৰ মৰি থাকিল। দৰব ছটিয়াই একো লাভ নহ’ল।

বিষয়া:- সেয়া, কথাটো মন কৰিলে। তাৰ মানে জাতটো ভাল বুলি শুনিলেই নহ’ব। আপোনালোকৰ অঞ্চলত ই কেনে ফল দেখুৱাব সেইটো জানিব লাগিব। অধিক উৎপাদনৰ লোভত বেয়া জাত এটাৰ খেতি কৰাৰ অর্থ হ’ল আপুনি বেয়া কৃষিকর্ম এটা কৰা। সেই কাৰণে সঠিক জাত নির্বাচন কৰাটো বৰ দৰকাৰী কথা। অধিক উৎপাদন দিয়াৰ লগতে পোক-পৰুৱা, বেমাৰ-আজাৰৰ আক্রমণ ৰোধ কৰিব পৰা জাত নির্বাচন কৰাত IPM  য়ে অধিক গুৰুত্ব দিয়ে।

দদাই:- ছাৰ, আমাৰ থলুৱা জাতত এই ব্যধিবোৰ বৰ কম। সেয়ে তেনে জাতৰ খেতিয়ে আমি বেছি কৰোঁ। পিছে উৎপাদনৰ আশাত নতুন জাতবিলাক লওঁ।

বিষয়া:- থলুৱা জাতৰ খেতি কৰি থাকিব। সেইবোৰ এৰি নিদিব। আনহাতে বিজ্ঞানীসকলে এনে জাতৰ পৰাই বহুতো নতুন জাত উলিয়াইছে যিবোৰৰ পোক-পৰুৱা, বেমাৰ-আজাৰ আদিৰ আক্রমণ প্রতিৰোধ কৰিব পৰা ক্ষমতা আছে। সেয়ে জাত নির্বাচন কৰোঁতে এই দিশটো বিশেষ ভাবে মন কৰিব। মনত ৰাখিব জাতটোৱে যদি নিজেই নিজক ৰক্ষা কৰিব পাৰে তেন্তে দৰব-পাতিৰ প্রয়োজন কম হ’ব।

খুড়ী:- আমাক ছাৰ সেইটোৱে লাগে। দৰবৰ বিষয়ে আজি যি শুনিলো তাকে ভাবি বৰ ভয় লাগি আছে।

ৰমেন:- ছাৰ, তেনেকুৱা জাত ক’ত পাম?

বিষয়া:- কৃষি বিভাগৰ লগত যোগাযোগ কৰিবইয়াৰ উপৰিও আপোনালোকৰ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্রৰ বিজ্ঞানীসকলেও এই দিশত সহায় কৰি দিব।

দদাই:- ঐ ৰমেন, এই কামটো হ’লে তোৰ। ক’ত কি খবৰ কৰিব লাগিব ছাৰৰ পৰা বুজি লবি।

বিষয়া:- এয়া হ’ল জাতৰ কথা। এতিয়া আন কৃষিকর্মৰ বিষয়ে কওঁ।
[আগলৈ]



Saturday 24 August 2013

সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনা- ২



সেউজী ধৰণী




[আলোচনাৰ পৰিৱেশ]


বিষয়া:- নমস্কাৰ ৰাইজ।

ৰাইজ:- নমস্কাৰ, নমস্কাৰ।

বিষয়া:-ৰাইজ, আমাৰ আলোচনা বিলাকৰ পৰা আপোনালোকৰ উপকাৰ হৈছেনে?

ৰমেন:- হৈছে ছাৰ হৈছে। বহুতো নজনা কথা জানিব পাৰিছো। এই নতুন কথাবোৰ জানিবলৈকে ৰাইজ সদায় আহে।

খুড়ী:- হয় ছাৰ, ৰমেনে ঠিক কথাই কৈছে। আমাৰ ৰাইজ এতিয়া কৃষিৰ নতুন কথাবোৰ জনাৰ প্রতি ৰাইজ বৰ আগ্রহী।

বিষয়া:- ধন্যবাদ। আমাৰ এই আলোচনা বিলাকৰ পৰা আপোনালোকৰ উপকাৰ হোৱা বুলি জানি বৰ ভাল লাগিল। আজিকালি খেতি-বাতিৰ বহুতো কথাই নতুন হ’ল। এই নতুন কথাবোৰ শিকি-বুজি যিসকল খেতিত আগ বাঢ়িব তেওঁলোকৰ উন্নতি আন সকলতকৈ বেছি হ’ব।

খুড়ী:- [ফুচফুচাই] হেৰি, কথাটো নকয় কিয়?

দদাই:- [ফুচফুচাই] এহ, ৰ’ অ’, এইজনী।

খুড়ী:- [ফুচফুচাই] আপুনি নকয় যদি ময়ে কওঁ নেকি ?

বিষয়া:- কি হ’ল খুড়ী, কিবা কওঁ কওঁ বুলি আছে দেখোন ?

দদাই:- নাই ছাৰ, একো হোৱা নাই।

বিষয়া:- কিবা এটা হৈছে যেন পাওঁ।...আপুনি পিছফালে সেইখন কি লুকুৱাইছে?

দদাই:- একো নহয় ছাৰ। [খুড়ীক উদ্দেশি] এইজনীয়ে দিলে সব গন্দগোল লগাই।

খুড়ী:- কিয়নো একো নহয় ,একো নহয় কৰি আছে। আছে ছাৰ আছে। এখেতৰ হাতত বাতৰি কাকতৰ পাত এখিলা আছেসেইখন পঢ়িলেই বুজি পাবসিদিনা এইখন পঢ়ি উঠি চিন্তা কৰি আছিল। মই কলো-ছাৰ আহিলে সুধি বুজি ললেই হ’ল।

বিষয়া:- কি কাগজ চাওঁচোন। দিয়ক।

ৰমেন:- দদাই, কিনো ইমান লুকুৱাবলগীয়া কথাটো হ’ল। আমাকো জানিবলৈ দিয়ক।

দদাই:- নাই, নাই। একো ডাঙৰ কথা নহয় অ’। সিদিনা খবৰ কাগজৰ পাত এখিলা পঢ়ি আছিলো।

ৰমেন:- অ’, দদায়ে তাৰমানে খবৰ কাগজ পঢ়িব পৰা হ’ল?

দদাই:- নাই অ’, খেতিৰ কথা দেখি এনেয়ে চকু ফুৰাই আছিলো। আখৰবোৰ বৰ সৰু। জুপি থাকিব লাগে। অলপ চেষ্টা কৰি দেখিলো কিবা খেতিত দৰব দিয়াৰ কথা লিখিছে। এই দৰববোৰে বোলে পাছত বৰ বিপদত পেলাব। সেইটো জানিহে বৰ চিন্তাত পৰিছো।

বিষয়া:- আপুনি বৰ দৰকাৰী কথা এটা কাগজত পঢ়িলে। মই এই বিষয়ে আগতে এদিন কৈছিলো।

দদাই:- হয় ছাৰ। আগেয়ে কিবা এটা কোৱা যেন মনত পৰিছেমইহে কথাটোত ভালকৈ বুজিব পৰা নাছিলো। এতিয়া এইখনত পঢ়িহে কথাটো টং কৰিছো।

বিষয়া:- ৰাইজ, এটা কথা মন কৰিলে নে? মই আগেয়ে কোৱা কথাখিনি এখেতে বৰ ভালদৰে বুজিব পৰা নাছিল। এতিয়া নিজে পঢ়ি উঠিহে কথাটো বুজিব পাৰিছে। সেয়ে চিন্তাত পৰিছে।

ৰমেন:- এনেকুৱা কথাবোৰ আজিকালি কাগজে-পত্রই পঢ়িবলৈ পাওঁ।

বিষয়া:- সেই কাৰণেই শিক্ষাৰ প্রয়োজন। এখেতে পঢ়িব পৰা হোৱা বাবে কথাখিনি পঢ়িলে। তাতে খেতিৰ কথা কাৰণে বেছি আগ্রহেৰে পঢ়িলে আৰু সহজে বুজি উঠিল।

দদাই:- মই ইমানকৈ ভবাই নাছিলো। এতিয়াহে বুজিব পাৰিছো পঢ়িব পৰাটো কিমান ডাঙৰ গুণ।

ৰমেন:- সেইবাৰ ছাৰে দৰব-পাতি কমকৈ দিয়াৰ কথা কৈছিল। লগতে কিবা ইংৰাজী নাম এটাও কোৱা মনত পৰিছে

বিষয়া:- হয়। IPM বুলি কৈছিলো।

দদাই:- কি বুলিলে ছাৰ।

বিষয়া:- ইংৰাজীত চমুকৈ IPM বুলি কয়। Integrated Pest Management

ৰমেন:- ছাৰ, ইয়াৰ মানে নো কি ?

বিষয়া:- অসমীয়াত Integrated মানে হ’ল সু-সংহত অর্থাৎ ঐকবদ্ধ। তাৰ পাছতে আহিল Pest শব্দটো ইয়াৰ মানে হ’ল আমনি কৰা বা বিৰক্তি কৰা। ... খেতি কৰোঁতে আপোনালোকক .বাৰু কোনে কোনে বিৰক্তি কৰে।

দদাই:- বিৰক্তি নো কোনে কৰিব ?

খুড়ী:- ছাৰে কি কথানো ক’ব বিচাৰিছে ত’তেই ধৰিব পৰা নাই।

বিষয়া:- কিয়, এই পোক-পৰুৱাবোৰে বিৰক্তি নকৰেনে?

দদাই:- অ’ এতিয়াহে বুজিছো। কৰে,কৰে ছাৰ এই পোক-পৰুৱাবোৰে মাজে মাজে বৰ দিগদাৰী দিয়ে।

বিষয়া:- অকল এইবোৰেই নে ? বেমাৰ-আজাৰে দেখা নিদিয়ে জানো ?

ৰমেন:- হয় ছাৰ। বেমাৰৰ কাৰণেও কেতিয়াবা খেতিটো বেয়া হয়।
দদাই:- এই দুটাই খেতি বৰ নষ্ট কৰে।

বিষয়া:- চৰাই-চিৰিকটি, এন্দুৰ-নিগনি, ঘাঁহ-বন আদিয়েও খেতি নষ্ট নকৰে জানো?

খুড়ী:- হওঁতে ছাৰ, এই গোটেই বোৰৰ বাবে খেতি নষ্ট হয়।

বিষয়া:- ঠিক কৈছে। এইবোৰে খেতি নষ্ট কৰে সেইবাবে এইবোৰ পথাৰত দেখিলে বিৰক্ত হওঁ। নহয় জানো ?

দদাই:- হওঁ ছাৰ। এই পোক-পৰুৱাবোৰ দেখিলেই মাথা গৰম হৈ যায়।

বিষয়া:- শস্যৰ উৎপাদন হ্রাস কৰা এই গোটেইবোৰক ইংৰাজীত একেলগে Pest বুলি কোৱা হয়। এতিয়া Pest বুলিলে কি বুজিম গম পালে নহয় ?

দদাই:- হয় ছাৰ, কথাখিনি বুজিব পাৰিছো। পিছে এইবোৰক মাৰিম কেনেকৈ ?

বিষয়া:- ৰ’বচোন ৰ’ব। পোনচাতেই মাৰিব বিচাৰিছে কিয় ? বেলেগ উপায়েৰে এইবোৰ কম কৰিব নোৱাৰিনে?

খুড়ী:- ঠিক কথাই কৈছে ছাৰ। মাৰিবলৈ হ’লেই দৰব লাগিব। দৰব দিয়া মান আমাৰে বিপদ নহ’ব জানো ?

বিষয়া:- সেই কাৰণে বিজ্ঞানীসকলে এনে বিপদৰ পৰা হাত সাৰিবলৈ আন কিছুমান উপায় বিচাৰি উলিয়াইছে আৰু আমাকো সেইবোৰ গ্রহণ কৰিবলৈ দিহা-পৰামর্শ দিছে

দাদটি:- তেনেহ’লে ছাৰ, আজি আমি তেনে উপায়বোৰৰ বিষয়ে আলোচনা কৰা ভাল হ’ব নেকি? ৰাইজৰো ছাগে জানিবলৈ মন গৈছে। এই দৰববোৰ পথাৰত ছটিয়াই থকাটো বৰ দিগদাৰী। তাতে কাগজত সেইখিনি পঢ়াৰ পাছত চিন্তাই লাগি গৈছে।

ৰমেন:- কিবা উপায়েৰে যেনিবা দিলোৱেই, স্প্রে মেচিনটো চাফা কৰাও এটা সমস্যা। য’তে, ত’তে ধুবও নোৱাৰি। পুখুৰীৰ পাৰলৈটো নিবই নোৱাৰি।

খুড়ী:- সেই বটলকেইটা দেখিলেই মোৰ ভয় লাগে। সৰু ল’ৰা-ছোৱালীকেইটাই যাতে হাত দিব নোৱাৰে তাৰ বাবে সদায়ে লুকুৱাই থব লাগে। এতিয়া খবৰ কাগজৰ লিখাখিনি শুনি আৰু ভয় লাগি আছে।

বিষয়া:- হয়, হয়। সেই কাৰণে এনে পৰামর্শবোৰত দৰবৰ ব্যৱহাৰ একেবাৰে শেষলৈ থৈ আন কিছুমান উপায়েৰে খেতিডৰা ৰক্ষা কৰিবলৈ উপদেশ দিছে।

খুড়ী:- তেতিয়া হ’লেচোন দৰব-পাতি কমকৈ ছটিয়াব লাগিব এইটো বৰ ভাল কথা। আজি ছাৰ এই বিষয়েই কওঁক।

বিষয়া:-এই উপায়বোৰত শস্যৰ অনিষ্টকাৰীবোৰৰক পথাৰত একেবাৰে নির্মূল মানে শেষ নকৰি সিহঁতৰ সংখ্যা নিয়ন্ত্রণ কৰি ৰাখিবলৈ পৰামর্শ দিছে।

দদাই:- তাৰ মানে আমি এইবোৰৰ তদাৰকী কৰি থাকিব লাগিব?

বিষয়া:- হয়। এইয়া এক প্রকাৰৰ তদাৰকী ব্যৱস্থা। মানে ইংৰাজীত ক’বলৈ গ’লে Manage কৰি থকা।

ৰমেন:- এই ইংৰাজী শব্দকেইটা পৰাই Integrated Pest Management হ’ল নেকি?

বিষয়া:- আপুনি ঠিকেই ধৰিছে।

দদাই:- ঐ ৰমেন, কি হ’ল বুলিলি ?

ৰমেন:- Integrated Pest Management  মানে IPM

দদাই:- ছাৰ, এই ইংৰাজীটোৰ কিবা অসমীয়া নাম নাই নে ? এইটো মাতিবলৈকে দিগদাৰ হ’ব

বিষয়া:- অসমীয়াত এই ব্যৱস্থাটোক কোৱা হয় সুসংহত শস্যৰক্ষা ব্যৱস্থাপনা। কিন্তু মাতিবলৈ টান পাব কাৰণে IPM বুলিয়ে কম।

খুড়ী:- আমিও সেই বুলিয়ে কম। অসমীয়াতে কওঁ বা ইংৰাজীতে কওঁ, কথা যদি একেটাই মাতিবলৈ সহজ হোৱাটোকে কম। অ’তবোৰ ইংৰাজী শব্দ কৈয়ে থাকো—টিভি, টেলিফোন, ট্রেইন, ট্রেক্টৰ আদি। আৰু এটা বেছিকৈ ক’লোৱে যেনিবা।

ৰমেন:- এৰা, খুড়ীয়ে ঠিক কথাকে কৈছে। আমিও IPM বুলিয়ে কম।

বিষয়া:- এতিয়া IPM বুলি ক’লে কি বুজিম সেইটো গম পালে নহয় ?
ৰমেন:- অনিষ্টকাৰী মানে Pest বোৰক নিয়ন্ত্রণ কৰিবলৈ সু-সংহত ব্যৱস্থা গ্রহণ কৰিব লাগিব। পিছে ছাৰ পোক-পৰুৱাবোৰ নিয়ন্ত্রণ কৰিবলৈ ঐকবদ্ধ মানে ...সু-সংহত ভাবে কৰিব লাগিব বুলি যে ক’লে সেই কথাটো বুজি নাপালো।

বিষয়া:- IPM অর্থাৎ সু-সংহত শস্যৰক্ষা ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে প্রথমে আন দুটামান কথা কৈ লওঁ। তেতিয়া হ’লে IPM ৰ বিষয়ে বুজাত সহজ হ’ব।

[...আগলৈ]